Assam,November 22:
জয় কৃষকৰ জয়, জয় অন্নদাতাৰ জয়!
আকৌ এবাৰ উমান পোৱা গ’ল কৃষকৰ অপ্ৰতিৰোধ্য শক্তিৰ।
কৃষকসকলৰ আপোচহীন সংগ্ৰাম সফল পৰিসমাপ্তি।
দেশৰ অন্নদাতা কৃষকসকলৰ কঠোৰ আন্দোলনত নতমস্তক কেন্দ্ৰীয় চৰকাৰ।
অৱশেষত কৃষকৰ দীৰ্ঘদিনীয়া আন্দোলনত সেও মানি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে তিনিখন কৃষক বিৰোধী কৃষি আইন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ল।
এই কৃষক বিৰোধী কলা আইন তিনিখন বাতিল কৰিবলৈ দেশৰ অন্নদাতা সকলে তীব্ৰ আন্দোলন গঢ়ি তুলিছিল।
মাহৰ পিছত মাহ আন্দোলন কৰি কৰি অৱশেষত ঐতিহাসিক জয় হ’ল কৃষকসকল।
যি কৃষকসকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি দেশ তথা দহৰ হকে নিৰবিচ্ছিন্ন আন্দোলন কৰি গৈছিল আজি সেই কৃষকসকলৰ মুখমন্ডলত ভাহি উঠিল আনন্দৰ ছাহ।
ঘৰ-বাৰী, পৰিয়াল-পৰিজনৰ মোহ মায়া সকলো বিসৰ্জন দি দিনে-নিশাই দেশৰ অন্নদাতাসকলে কৰা বিৰামহীন আন্দোলনে আকৌ এবাৰ প্ৰমাণ কৰি দিলে কৃষকৰ শক্তি সচাকৈয়ে অপ্ৰতিৰোধ্য।
আচলতে মাটিয়েই ভেটি, কৃষকেই দেশ, সেয়েহে পলমকৈ হলেও দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকৰ অধিকাৰৰ প্ৰতি সন্মান জনাই বিতৰ্কিত কৃষক বিৰোধী আইন বাতিল কৰিবলৈ বাধ্য হ’ল।
এই চেগতে দেশৰ খাটি খোৱা মেহনতী কৃষকৰ ন্যায্য দাবী আৰু প্ৰাপ্য অধিকাৰৰ স্বাৰ্থত আন্দোলন কৰি যিসকল কৃষকে নিজৰ মহা মূল্যবান প্ৰাণ আহুতি দিলে সেইসকল মহান সেনানীক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু লগতে দেশৰ সকলো কৃষকক অভিনন্দন জনাইছোঁ।
প্ৰসংগত উল্লেখ্য যে, কৃষকসকলৰ এই আপোচবিহীন আন্দোলন বিফল কৰিবলৈ চৰকাৰী পক্ষৰ লগতে একাংশই বহু কূট কৌশল ৰচনা কৰিছিল।
কেতিয়াবা যদি কৃষক সকলক খালিস্থানী বুলি কোৱা হৈছিল, কেতিয়াবা আকৌ দেশদ্ৰোহী বুলি কৈছিল, কেতিয়াবা তেওঁলোকক ভেটা দিবলৈ গুলি ফুটোৱা হৈছিল, কেতিয়াবা লাঠী চালনা দিয়া হৈছিল, কেতিয়াবা দিল্লী প্ৰবেশৰ সকলো পথ বন্ধ কৰি দিয়া হৈছিল, কেতিয়াবা আন্তঃৰাজ্যিক সীমান্তত বেৰিকেট স্থাপন কৰা হৈছিল, কেতিয়া ৰাস্তাত কাঁইট পেলাই দিয়া হৈছিল আৰু কেতিয়াবা ৰাস্তা খান্দি থোৱা হৈছিল।
মুঠৰ ওপৰত সাংঘাতিক ষড়যন্ত্ৰ আৰু অপপ্ৰচাৰ কৰি কৃষক আন্দোলন দমন কৰিবলৈ চেষ্টাত অকনো ত্ৰুটি কৰা হোৱা নাছিল।
তাৰ পাছতো কিন্তু সৎ সাহসী কৃষকসকলে আপোচবিহীনভাবে অবিৰাম গতিত আন্দোলন চলাই গৈছিল।
যাৰ ফলত আজি কৃষক বিৰোধী আইন তিনিখন প্ৰত্যাহাৰ কৰা হব বুলি ঘোষণা কৰিবলৈ বাধ্য হ’ল ৰাষ্ট্ৰপ্ৰধান নৰেন্দ্ৰ মোদী।
কৃষকসকলৰ ঐক্যবদ্ধতা, বলিষ্ঠতা, আত্মত্যাগ আৰু বলিদানৰ প্ৰতি সন্মান জনাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আইন তিনিখন বাতিল কৰা হ’ব বুলি যদিও ৰাজহুৱাকৈ ঘোষণা কৰিছে তথাপিতো কৃষকসকলে বিতৰ্কিত কৃষক বিৰোধী আইন তিনিখন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ নোহোৱালৈকে আন্দোলনস্থলী এৰি নাযায় বুলি পণ লৈছে কৃষকসকলে।
কৃষকসকলৰ এই ঘোষণাই প্ৰমাণ কৰে যে, নৰেন্দ্ৰ মোদীৰ প্ৰতি এতিয়াও সৰ্বসাধাৰণৰ বিশ্বাস নাই।
By: জুলহাছ আলী আহমেদ R News India 24