বৰ্ষটোৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰীৰ সংবাদেল

Spread the love

২০২২ বৰ্ষৰ দিনটোতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক, সম্পাদকসকলৰ সৈতে মত বিনিময় কৰে।

ইংৰাজী নতুন বছৰটোত কি কি কাৰ্য্যপন্থাৰে আগবাঢ়িব ৰাজ্য চৰকাৰ, তাৰ বিশদ ব্যাখ্যা আগবঢ়াই মুখ্যমন্ত্রী গৰাকীয়ে।

১ জানুৱাৰীত অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত শুনিবলৈ পোৱা গ’ল অসম লোকসেৱা আয়োগ, অসমীয়া ভাষা, অসম চুক্তিৰ ছয় নং দফা আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ।

অসম চুক্তিৰ ছয় নং দফা আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়ঃ

‘অসম চুক্তিৰ ছয় নং দফাক লৈ তেওঁৰ চৰকাৰ৷

আছুৰ লগত আলোচনা কৰিব থকা বুলি জানিবলৈ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ছয় জনগোষ্ঠীক জনজাতীয়কৰণ কৰাত জনজাতীয় লোকে বাধা দিছে।

তেওঁলোকৰ অস্তিত্ব বিপন্ন হ’ব বুলিয়েই বাধা দিছে এইদৰে কয় তেওঁ।

ৰাজ্য চৰকাৰে কেন্দ্ৰক ছয় জনগোষ্ঠীৰ জনজাতীকৰণৰ প্ৰতিবেদন দিলেই অসম ৰক্তাক্ত হ’ব।’

ইফালে APSC পৰীক্ষা প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়ঃ

‘এতিয়াৰ পৰা অসমীয়াতে দিব পাৰিব অসম লোকসেৱা আয়োগৰ পৰীক্ষা।

আলোচনা প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ৰাজ্যৰ শাসন ক্ষমতালৈ বিজেপি নাহিলে আজমল আহিলহেঁতেন, আজমলে অসমীয়া ভাষা ৰাখিলহেঁতেননে?

বুলি সাংবাদিকক প্ৰশ্ন কৰি তেওঁ কয়ঃ এতিয়াৰে পৰা মেডিকেল, অভিযান্ত্ৰিক আদি সকলো প্ৰৱেশ পৰীক্ষা অসমীয়াত হব।

অসমত এতিয়া বেয়া কাম কৰাৰ সাহস কাৰোৰে নাই।

আগৰ দিনৰ কথা বেলেগ আছিল৷

সাৰ খোৱা মানুহেহে APSCত চাকৰি পাব৷ অসমীয়া জাতিক আৰু ভাঙিব দিব নোৱাৰো।

বহু সৰু হৈয়ে গ’ল ইতিমধ্যে ৷

অসমীয়া ভাষা ৰক্ষা কৰাতো চৰকাৰৰ দায়িত্ব নহয়৷

ৰাইজে কৰিব লাগিব ৷

অসমীয়া স্কুলত পঢ়োৱাক এই দৰে অসমবাসীক আহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন বছৰৰ আৰাম্ভনিতে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে, তেও কয় যে, তেওঁৰ চৰকাৰ সকলোৰে বাবে।

এতিয়া অনাগত দিনত দিনত দেখা যাব প্ৰকৃতপক্ষে চৰকাৰ কাৰ পক্ষত ?

 

By: জুলহাছ আলী আহমেদ R News

Leave a Reply

Your email address will not be published. Required fields are marked *