কামৰূপ জিলাৰ বেলশৰ গাঁৱৰ এক মধ্যবিত্ত পৰিয়ালত ১৯৩৩ চনৰ ১৬ জুলাইত কনকসেন ডেকাৰ জন্ম হয়।
তেওঁৰ পিতৃৰ নাম গৌৰীসেনডেকা আৰু মাতৃৰ নাম তাৰাসেন ডেকা।
কনকসেন ডেকাই প্ৰাথমিক শিক্ষা বেলশৰ ১নং প্ৰাথমিক বিদ্যালয়ত গ্ৰহণ কৰে।
১৯৫৩ চনত বেলশৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ হয় ।
১৯৫৫ চনত নলবাৰী মহাবিদ্যালয়ৰ পৰা আই এ পাছ কৰে।
১৯৫৭ চনত কটন কলেজ ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।
১৯৫৮-৫৯ চনত এলাহাবাদ বিশ্ববিদ্যালয় ত ৰাজনীতি বিজ্ঞান ৰ স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে অধ্যয়ন কৰিছিল যদিও অসমাপ্ত হৈ ৰয়।
পাছত ১৯৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয় ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
কনকসেন ডেকা দেৱে, ককয়া, ছয়গাঁও, আজাৰা, সোণাপুৰ আদি বহুকেইখন উচ্চ মাধ্যমিক বিদ্যালয়ত কিছুদিনৰ বাবে শিক্ষকতা কৰিছিল।
১৯৬৩ চনত ছিপাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ত বিষয় শিক্ষক হিচাপে কাম কৰিছিল যদিও তেওঁ ১৯৭৩ চনত শিক্ষকতাৰ চাকৰি এৰি ১৯৭১ চনৰ ৩১ জানুৱাৰীৰ পৰা প্ৰকাশ আৰম্ভ কৰা পষেকীয়া ‘অগ্ৰদূত কাকত‘ খনক আগুৱাই লৈ যোৱাত বিশেষ ভাবে চেষ্টা কৰিছিল।