আন্তৰ্জাতিক কন্যা শিশু দিৱস বিশেষ।
আজি ১১ অক্টোবৰ অৰ্থাৎ আন্তৰ্জাতিক কন্যা শিশু দিৱস।
সমগ্ৰ বিশ্বজুৰি প্ৰতিবছৰে ১১ অক্টোবৰত এই দিৱস পালন কৰে।
এই দিৱসক ছোৱালীৰ দিন বুলিও কোৱা হয়।
প্লেন ইণ্টাৰনেছেনেল নামৰ বেচৰকাৰী অনুষ্ঠানৰ পৃষ্ঠ-পোষকতাত এটি প্ৰকল্প ৰূপে আন্তৰ্জাতিক কন্যা শিশু দিৱসৰ জন্ম হৈছিল।
প্লেন ইণ্টাৰনেছেনেল “কাৰণ মই এজনী ছোৱালী” নামৰ আন্দোলনৰ ফলশ্ৰুতিত এই দিৱসৰ ধাৰণা জাগ্ৰত হৈছিল।
এই আন্দোলনৰ মূল কাৰ্যসূচী হল গোটেই বিশ্বজুৰি কন্যাৰ পৰিপুষ্টি সম্পৰ্কে জন সচেতনতা বৃদ্ধি কৰা।
২০১২ চনৰ ১১ অক্টোবৰ তাৰিখে প্ৰথম আন্তৰ্জাতিক কন্যা শিশু দিৱস পালন কৰা হয়।
শিশু হৈছে ঈশ্বৰৰ এক সুন্দৰ উপহাৰ।
প্ৰতিটো শিশু একো একোটা অমূল্য সম্পদ।
ল’ৰাই হওঁক বা ছোৱালীয়েই হওঁক, প্ৰতিটো শিশুৱেই পাব লাগে সমান অধিকাৰ আৰু সমান মৰম-ভালপোৱা।
লিংগ বৈষম্যমূলক নেতিবাচক চিন্তাধাৰা দূৰ কৰাৰ উদ্দেশ্যেই দেশত পালন কৰি অহা হৈছে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস।
এই দিৱসত কন্যা সন্তানৰ অধিকাৰৰ বিষয়ে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে ছোৱালীৰ শিক্ষা, স্বাস্থ্য আৰু পুষ্টিৰ গুৰুত্বৰ ওপৰতো সজাগতাৰ সৃষ্টি কৰা হয়।
আজি দেশৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় শিশু কন্যা দিৱস।
অন্যান্য উল্লেখযোগ্য দিশ সমূহ হ’ল- শিক্ষাৰ অধিকাৰ, পৰিপুষ্টি, আইনী সহায় আৰু ন্যায়িক অধিকাৰ, চিকিৎসা সুবিধা, আৰু বৈষম্যৰ পৰা সুৰক্ষা, নাৰীৰ বিৰুদ্ধে হিংসা আৰু বলপূৰ্বক তথা বাল্য বিবাহ।
শিশু হৈছে ঈশ্বৰৰ এক সুন্দৰ উপহাৰ।
প্ৰতিটো শিশু একো একোটা অমূল্য সম্পদ।
ছোৱালী হেনো ভগৱানৰ শ্ৰষ্ঠ উপহাৰ।
আজিৰ দিনটো আমাৰ উচ্চ শিক্ষিত সমাজৰ শিক্ষিত , অৰ্ধ শিক্ষিত সকলোৱেই তেওঁলোকৰ ঘৰখনলৈ আহিব লগা শিশুটো ল’ৰা হোৱাটোৱেই কামনা কৰে ।
ল’ৰা শিশু জন্ম হলে উৎসৱৰ দৰে এক পৰিৱেশ সৃষ্টি হয়।
কিন্তু তাৰ বিপৰিতে ছোৱালী সন্তান জন্ম হলে ………?
এখন ঘৰৰ এজনী কন্যা সন্তান জন্ম হোৱা মানে আন কোনো এখন ঘৰৰ বোৱাৰী জন্ম হোৱা ।
সঁচায়ে বাৰু সৌভাগ্যৰ কথা নহয়নে ?
আমি সকলোৱে ল’ৰা সন্তান বিচাৰোঁ ঠিকেই , কিন্তু প্ৰত্যেককে যদি ল’ৰা সন্তানহে লাগে তেন্তে তেওঁলোকৰ ল’ৰা সন্তানৰ বাবে বিয়া কৰাবলৈ এজনী ভাল ছোৱালী ক‘ৰ পৰা আহিব ।
তেতিয়া কিন্তু সকলোকে এজনী ভাল ছোৱালীৰ আৱশ্যক হয় ।
নিজে ছোৱালী নিবিচাৰে কিন্তু বিছনাত সকলোকে এজনী ভাল, ধুনীয়া ছোৱালীহে লাগে। তেতিয়া কিমান যে Certificate নিবিচাৰিব ।
ল’ৰাৰ ক্ষেত্ৰত তেনে Certificate ৰ আৱশ্যক নহয় নেকি ?
ল’ৰা হ’লে সকলো মাফ!
যি দুষ্ট , দগাবাজ যিয়েই নহওক সি ল’ৰা ।
এনেধৰণৰ এলান্ধু কলীয়া ৰীতি-নীতি মতে চলিছে আমাৰ সমাজ ব্যৱস্থা ।
মুক্ত হ’ব কেতিয়া ???
বৰ্তমান সময়ত ৮-৯ বছৰীয়া কন্যা শিশুকো ধৰ্ষণ কৰি হত্যা কৰিছে, নিজৰ পত্নীক শোষণ কৰি আছে , মাতৃক নি বৃদ্ধাশ্ৰমত থৈচে , বিধৱা নাৰীক অকলশৰীয়াৰ সুযোগ লৈ নিৰ্যাতন কৰি আছে।
মুক্ত মনে এজনী ছোৱালী বাহিৰলৈ ওলাই যাব নোৱাৰে? মনত ভয়, শংকা এতিয়াও।
কেতিয়াবা শুনা পাওঁ আমাৰ অসমত ছোৱালী বেছিকৈ ধৰ্ষিতা হয় ।
একমাত্ৰ চুটি কাপোৰ পৰিধান কৰাৰ বাবে।
ছোৱালীবোৰে ইমানে চুটি কাপোৰ পিন্ধে দেহৰ আধা অংশ ওলাই থাকে।
এইখিনি একদম সত্য কথা।
কিন্তু, মোৰ প্ৰশ্ন-
১/ চুটি কাপোৰ পৰিধান কৰা ছোৱালীজনীৰ শৰীৰ দেখি নিজৰ কামনা- বাসনা ধৰি ৰাখিব নোৱাৰি ধৰ্ষণ কৰে।
২/ কিন্তু এজনী ৮-৯ বছৰীয়া ছোৱালী জনীক কি চাই ধৰ্ষণ কৰে?
৩/ ছোৱালী জনীয়ে কি পিন্ধিছে, কলৈ গৈছে, তাত চিধাই চকু পৰে কিয় ?
কিয় তাইৰ চকুযুৰীলৈ চোৱাৰ পৰিবৰ্তে চিধাই দেহত চকু দিয়ে আনক দোষ দিয়াৰ আগত প্ৰথমে নিজৰ চকুযুৰিক বুজাবলৈ যত্ন কৰক যে ছোৱালীৰ গোপন অংগ ত দৃষ্টি দিয়াতো বহুত ডাঙৰ পাপ ।
প্ৰথমে নিজৰ মনটো পৰিস্কাৰ কৰিবলৈ যত্ন কৰক।
অভিভাবক সকলে সৰুৰ পৰা সন্তানক যৌন শিক্ষাৰ জ্ঞান দিয়াৰ ব্যবস্থা কৰক, কোনবোৰ বস্তুৰ পৰা সদায় আতৰি থাকিব লাগে তাৰ জ্ঞান দিয়ক, মানব দেহৰ গোপনীয় অংগবোৰত চকু দিব নালাগে বুলি ভালকৈ বুজাই দিয়ক ।
হাঁতত যদি সন্তানক মোৱাইল ফোন তুলি দিয়ে নিজৰ দায়িত্ব বাদ নিদিব, সন্তানে মোৱাইলত কি চাইচে ?, কি কৰিছে ? প্ৰকৃততে মোৱাইল সৎ কামত ব্যবহাৰ কৰিছে নে অসৎ কামত ব্যৱহাৰ কৰিছে তাৰ ওপৰত দৃষ্টি ৰাখক ।
অসমৰ চুকে-কোনে থকা সকলো কন্যালৈ আন্তৰ্জাতিক কন্যা শিশু দিৱসৰ অলেখ শুভকামনা।
সকলো ভালে থাকক🌼❤️
News Editor Sangita Dutta Reports R News India 24

