জগন্নাথ বৰুৱাৰ জন্ম হৈছিল ১৮৫১ চনৰ ২৯ অক্টোবৰত যোৰহাটৰ ৰাজহাউলীত।
পিতৃৰ নাম হেমধৰ বৰুৱা।
AFA বা ফাৰ্ষ্ট আৰ্টছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি বৰুৱাই কলকাতাৰ প্ৰেসিডেন্সী কলেজত নামভৰ্তি কৰে।
১৮৭২ চনত তেওঁ সেই কলেজৰ পৰাই স্নাতক উপাধি লাভ কৰে।
তেওঁ আছিল উজনি অসমৰ প্ৰথমজন স্নাতক।
সেই সময়ত তেওঁ মানুহৰ মাজত বি এ জগন্নাথ নামেৰে পৰিচিত আছিল।
ইয়াৰ পিছতে ১৮৭৫ চনত তেওঁ সফলতাৰে অসামৰিক সেৱাত অৱত্তীৰ্ণ হৈ উপ-দণ্ডাধীশৰ পদবী লাভ কৰে।
তেখেত অসমৰ চাহ উদ্যোগৰ গুৰি ধৰোঁতা লোকসকলৰ মাজত অন্যতম আছিল।
১৯৩০ চনত যোৰহাটত স্থাপন কৰা ভাৰতৰ উত্তৰ পূবৰ দ্বিতীয়খন মহাবিদ্যালয় অৰ্থাৎ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ নামাকৰণ তেওঁৰ নামতে কৰা হৈছিল।বিশ্ববিদ্যালয়ৰ স্নাতক উপাধি থকা তেৱেঁই অসমৰ প্ৰথমগৰাকী চাহ খেতিয়ক।
অসামৰিক সেৱা এৰাৰ পিছত তেখেতে পিতৃ আৰু ভ্ৰাতৃৰ সৈতে মিলি নিজাকৈ চাহ খেতি কৰিবলৈ অহোপুৰুষাৰ্থ কৰে।
আৰু সেইমতে লেটেকুজান গ্ৰাণ্ট ইংৰাজ চৰকাৰৰ পৰা ক্ৰয় কৰাৰ লগতে টিপমীয়া আৰু বচাবাৰীত চাহ বাগিছা খোলে।
তিৰুৱাল চাহ বাগিছা ৰাধাকান্ত সন্দিকৈয়ে ক্ৰয় কৰিছিল আৰু জগন্নাথ বৰুৱাৰ সহযোগত ইয়াক পৰিচালনা কৰিছিল।
ৰৰৈয়া বাগিছা জগন্নাথ বৰুৱা আৰু কৰ্ণেল ড° শিৱনাথ বৰাই যুটীয়াভাৱে ক্ৰয় কৰিছিল।
আনহাতে চন্দ্ৰকান্ত গগৈয়ে বাঁহনিত বৰুৱাৰ সহযোগতেই চাহ খেতিৰ আৰম্ভণি কৰিছিল।
১৮৮৪ চনৰ ৯ ডিচেম্বৰত বৰুৱাৰ নেতৃত্বত সৰ্বজানিক সভা নামেৰে এক ৰাজনৈতিক অনুষ্ঠান স্থাপন কৰা হয়।
এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য আছিল জনতাৰ আশা-আকাংক্ষাসমূহ ইংৰাজ চৰকাৰৰ সন্মুখত উপস্থাপন কৰা।
অসমৰ বাণিজ্যিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে শাসনাধিস্থিত ইংৰাজ চৰকাৰে জগন্নাথ বৰুৱাক “ৰায়বাহাদুৰ” উপাধি প্ৰদান কৰে।
১৯০৭ চনৰ ২১ এপ্ৰিলত তেখেত মৃত্যু হয়।
তেখেতেৰ কৰ্মৰাজী সদায় অতুলনীয় হৈ থাকিব।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com
মিচিং স্বায়ত্বশসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
News Editor Sangita Dutta R News India 24