৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ । - R News India 24
Skip to content
Rnewsindia24.com November 11/2022:-
1. গুৱাহাটীৰ VIP ৰোডৰ শ্ৰী শিৰডী সাই বাবা মন্দিৰ ১০ বছৰীয়া বৰ্ষপুৰ্তি।
ৰাধানগৰৰ মন্দিৰ চৌহদত দহ বছৰীয়া বৰ্ষপুৰ্তি উপলক্ষ্যে দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে।
অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
2. উত্তৰ-পূবত নিৰ্মাণ হ’ব ৩৫ টাকৈ ৰোপৱে।
গুৱাহাটীত ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ।
পথ নিৰ্মাণৰ বাবে কেন্দ্ৰই দুবছৰত খৰচ কৰিব ৩ লাখ কোটি টকা।
বিমান বন্দৰৰ আৰ্হিত বাছ আস্থান নিৰ্মাণৰ পৰিকল্পনা মন্ত্ৰী গৰাকীৰ।
3. লাভলীনাই পুনৰ গৌৰৱ কঢ়িয়ালে অসমলৈ।
এছিয়ান এলাইট বক্সিং চেম্পিয়নশ্বীপত লাভলীনা বৰগোঁহাইৰ স্বৰ্ণ জয়।
৭৫ কেজি শাখাত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় মেডেল লাভ ভাৰতীয় খেলুৱৈ গৰাকীৰ।
4. ৰাষ্ট্ৰীয় কুডু চেম্পিয়নশ্বীপত সোণৰ পদক লাভ কৰিলে মৰাণৰ বাস্তৱ ৰাজখোৱাই।
১৩ বছৰৰ অনুৰ্দ্ধ শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
5. ৰাজভৱনত ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰিলে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীৰ।
লগতে ৰাজ্যপালগৰাকীৰ সৈতে ৰাজ্যজুৰি হাতত লোৱা আন্তঃগাঁথনি প্ৰকল্পসমূহৰ বিষয়ে আলোচনা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
বৈঠকত ব্ৰহ্মপুত্ৰৰ জৰিয়তে ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
6. ঘোষণা হ’ল কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফল।
৪ ঘণ্টাৰ ভোট গণনাৰ অন্তত ঘোষণা হ’ল ফলাফল।
সভাপতি পদত জয়লাভ ত্ৰিদীপ ভাগৱতীৰ।
সাধাৰণ সম্পাদক পদত জয়লাভ ঋতুৰাজ শইকীয়াৰ।
উপ-সভাপতি পদত জয়লাভ হিমপৰ্ণা দাসৰ।
7. কোকৰাঝাৰত UPPLৰ কেন্দ্ৰীয় অধিৱেশন।
তিনিদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে সজাই তোলা হৈছে বিশাল মণ্ডপ, তোৰণ, দলীয় প্রতীক।
অধিৱেশনক কেন্দ্ৰ কৰি চন্দ্ৰপাৰাত উদুলি-মুদুলি পৰিৱেশ।
অন্তিম দিনাৰ কাৰ্যসূচীত অংশ ল’ব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই।
8. সোণাৰিত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রী জব্দ কৰা হৈছে।
আৰক্ষীয়ে জব্দ কৰিছে অ’টোসহ ৭ টা কাৰ্টুন বিস্ফোৰক সামগ্রী।
অ’টো চালকজনক সোধা-পেছা অব্যাহত ৰাখিছে।
আৰক্ষীয়ে আটক কৰে ভেৰি মিজো নামৰ এগৰাকী মহিলাক।
9. কাছাৰৰ ধলাইৰ ভাগাবজাৰত জিলা প্রশাসনৰ উচ্ছেদ অভিযান।
চৰকাৰী ভূমি বেদখল কৰা ১৪টা পৰিয়ালক উচ্ছেদ কৰিলে প্ৰশাসনে।
বজাৰ গৃহ নিৰ্মাণৰ বাবে অবৈধ দখলকাৰীক উচ্ছেদ প্ৰশাসনৰ।
ভগাবজাৰত নিৰ্মান হব আঢ়ৈকোটি টকীয়া বজাৰগৃহ।
10. মহানগৰীৰ ISBTত পুনৰ পৰিবহণ মন্ত্ৰীৰ ছাডেন ভিজিট ।
ISBTৰ কেইবাটাও দিশ পর্যৱেক্ষণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ।
ISBTৰ দিশত হৈ থকা বহুকেইটা গাফিলতিৰ বিৰুদ্ধে গ্ৰহন কৰিব কঠোৰ বিভাগীয় ব্যৱস্থা।
পূৰ্বেও কৰ্মত গাফিলতিৰ অভিযোগত দুজনক নিলম্বন কৰা হৈছে।
11. গুৱাহাটী ক্লাবত SFI, DYFI ৰ প্রতিবাদ।
আৰক্ষীৰ সৈতে হতাহতি প্রতিবাদকাৰীসকলৰ মাজত।
প্রতিবাদকাৰীক চোচোৰাই লৈ যায় আৰক্ষীয়ে।
৮০০০ শিক্ষক পদৰ বিলুপ্তি সিদ্ধান্তৰ বিৰোধিতাৰে প্রতিবাদ সাব্যস্ত কৰে।
12. “কংগ্ৰেছক চৰকাৰ গঠনত কৰ্মচাৰীসকলে সহায় কৰক, আমি তেওঁলোকক পুৰণি পেঞ্চন নীতি দিম।’- মন্তব্য ভূপেন বৰাৰ।
13. বিধায়ক প্ৰশান্ত ফুকনৰ CIDৰ কাৰ্যালয়ত প্ৰৱেশক লৈ ব্যাপক চৰ্চা।
CIDৰ কাৰ্যালয়ত বিধায়কৰ প্ৰৱেশক লৈ বিতৰ্কৰ সৃষ্টি হৈছে।
অনুমতি নোলোকৈয়ে কাৰ্যালয়টোত প্ৰৱেশৰ অভিযোগ।
মন্ত্ৰী-বিধায়ক হলেও বিনা অনুমতিত প্ৰৱেশ কৰিব নোৱাৰিব CID ৰ কাৰ্যালয়ত।
14. শ্ৰীৰামপুৰত ১ কোটি টকা মূল্যৰ ৰঙা চন্দন জব্দ কৰা হৈছে।
এঘৰত লুকুৱাই থোৱা অৱস্থাত জব্দ কৰে এই চোৰাং কাঠখিনি।
বিক্ৰীৰ চেষ্টা কৰোতেই গোসাঁইগাঁও আৰক্ষীয়ে জব্দ কৰে কাঠখিনি।
15. চৰকাৰে বন্ধ ঘোষণা কৰিলে যোৰহাট হোমিঅ’পেথিক কলেজ।
হোমিঅ’পেথিক কলেজত নামভৰ্তি বন্ধ কৰিবলৈ চৰকাৰৰ নিৰ্দেশ।
ডাঃ জে কে শইকীয়া কলেজ বন্ধক লৈ যোৰহাটত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।
16. মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্রত্যক্ষ নিৰ্দেশৰ ফলত মাথো ৫ দিনৰ ভিতৰতে এটা PMAYৰ ঘৰৰ আবণ্টন লাভ কৰিলে মঙলদৈ গেৰিমাৰী গাঁৱৰ ছাত্রী ৰুণা বৰাৰ পৰিয়ালে।
আজি আবণ্টিত ঘৰটোৰ আধাৰশিলা স্থাপনেৰে কাম আৰম্ভ কৰা হয়।
দৰঙৰ উপায়ুক্ত প্রণৱ কুমাৰ শৰ্মাই কৰে আধাৰশিলা স্থাপন।
17. ধুবুৰীৰ তামাৰহাটত চোৰাং গো-সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান।
৮টা গৰুসহ ৬ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।
সৰবৰাহকাৰী কেইটা হ’ল- জহিৰুল ইছলাম, ৰবিয়াল হক, ছালাম উদ্দিনজহৰ আলী, আব্বাছ আলী আৰু মনছেৰ আলী।
18. হাইলাকান্দিৰ ৰামনাথপুৰ আৰক্ষী চকীত অঘটন।
থানাৰ চৌহদতে জ্বলিল বাৰ্মিজ চুপাৰিভৰ্তি ট্রাক।
কোনো দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে চুপাৰিভৰ্তি ট্রাকখন।
ট্ৰাকখন বুধবাৰে নিশা দুষ্কৃতিকাৰীয়ে জলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে।
19. বকোত চলিছে ছোৰাং কাঠৰ ৰমৰমীয়া বেহা।
নগৰবেৰা, বন্দাপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ যুটীয়া অভিযান।
অভিযানকাৰী দলটোৱে জব্দ কৰে বুজন পৰিমাণৰ ফলা চেগুন কাঠ।
20. মুকালমুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।
চাৰিচকীয়া বাহন আৰু বাইকৰ মাজত মুখামুখি সংঘর্ষ।
থিতাতে নিহত হয় এজন বাইক আৰোহী আৰু নিহত লোকজনৰ নাম আচান আলী।
প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ।
Post navigation
Go Top