"ইন্দ্ৰধেনুৰ কবি" ডিম্বেশ্বৰ নেওগ দেৱৰ জীৱনযাত্ৰাঃ - R News India 24
Skip to content
তেখেত জন্ম হৈছিল ১৮৯৯ চনৰ ৭ আগষ্টত শিৱসাগৰ জিলাৰ কমাৰফদীয়া গাঁৱত হৈছিল।
তেখেত একাধাৰে কবি, প্ৰবন্ধকাৰ, সমালোচক আৰু শিক্ষক আছিল।
তেওঁৰ পিতৃৰ নাম মাণিক চন্দ্ৰ নেওগ আৰু মাতৃৰ নাম চন্দ্ৰপ্ৰভা নেওগ।
ডিম্বেশ্বৰ নেওগক অসমীয়া সাহিত্যত ‘ইন্দ্ৰধনু কবি’ বুলি জনা যায়।
সৰুৰে পৰা নেওগ এজন মেধাৱী ছাত্ৰ আছিল।
শিক্ষাৰ্থী জীৱনৰ আৰম্ভণিৰ পৰাই তেখেতে নিয়মিত কাব্য চৰ্চা আৰম্ভ কৰে।
১৯২৪ চনত তেখেতে সুখ্যাতিৰে বি.এছ.চি পৰীক্ষাত উত্তীৰ্ণ হয়।
ইয়াৰ দুবছৰৰ পাছতে তেওঁ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়।
১৯২৫ চনৰ ১৯ এপ্ৰিলত তেখেতে শিৱসাগৰ চৰকাৰী বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰে।
তাৰ পাছতো তেখেতে চৰকাৰী শিক্ষক হিচাবে অসমৰ বিভিন্ন ঠাইত কাম কৰে।
১৯৩৬ চনত তেখেতে বি.টি. পাছ কৰে।
তাৰ পাছতেই তেখেতে নৰ্মাল স্কুলত শিক্ষকতা কৰে।
চাকৰিৰ মাজতেই তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত এম. এ. পাছ কৰে।
অৱশেষত তেখেত নৰ্মাল স্কুলৰ অধ্যক্ষ হয় আৰু তাৰপৰাই অৱসৰ গ্ৰহণ কৰে।
তেওঁ অসম সাহিত্য সভাৰ সভাপতি, প্ৰধান সম্পাদক আৰু অসম সাহিত্য সভা পত্ৰিকাৰ সম্পাদক হিচাপে অৱদান আগবঢ়াই থৈ গৈছে।
সমালোচক হিচাপে গঠনমূলক, বলিষ্ঠ, স্পষ্ট মন্তব্য আৰু পুংখানুপুংখ বিশ্লেষণৰে তেওঁ অসমীয়া সাহিত্যক নতুন মাত্ৰা প্ৰদান কৰিছিল।
অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে বহুকেইখন পুথি ৰচনা কৰি জাতিটোক চহকী কৰি থৈ গৈছে।
তেখেতৰ উল্লেখযোগ্য গ্ৰন্থ সমূহঃ
অসমীয়া সাহিত্যৰ জেউতি, আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী, অসমীয়া সাহিত্যৰ জিলিঙনি, বৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি, বৈষ্ণৱ ধৰ্মৰ ভক্তিতত্ত্ব, ইণ্ট্ৰডাকচন টু আসাম, অসমীয়া কথা প্ৰতিভা, অসমীয়া ভাষা আৰু লিপিৰ কাহিনী, হিষ্টৰী অব্ অছমীয়া লিটাৰেচাৰ আদি।
তেওঁৰ কবিতা পুথি হৈছেঃ
ইন্দ্ৰধনু, মালিক, থুপিতৰা, মালতী, মুকুতা, মেঘদূত, অসমা, বিচিত্ৰা, শাপমুক্তা, মোৰ গাঁও, শেষ গায়ক ইত্যাদি।
তেখেতৰ স্বদেশপ্ৰীতিও আছিল অতুলনীয়।
অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ সময়ত তেওঁৰ “মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন?” বাক্যশাৰীয়ে জাতীয়তাবাদী ভাবধাৰা প্ৰসাৰত বিশেষ অৰিহণা আগবঢ়াইছিল।
ডিম্বেশ্বৰ নেওগৰ মাতৃভাষাৰ প্ৰতি থকা অপাৰ প্ৰেমৰ বাবেই ১৯২৪ চনত ‘শেষ গায়ক’ কবিতাত লিখিছিল।
১৯৬৬ চনৰ ১১ নৱেম্বৰত তেখেতৰ মৃত্যু হয়।
তেখেতৰ সৃষ্টিৰাজী আৰু কৰ্মৰাজী সদায় চিৰস্মৰণীয় হৈ থাকিব।
মিচিং স্বায়ত্বশসিত পৰিষদৰ ক্রীড়া বিভাগৰ আঁচনি ৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com
ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।
News Editor Sangita Dutta 