৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love

Rnewsindia24.com, November 10/2022:-

1. ৰাজ্যবাসীৰ বাবে ভাল খবৰ।
অসমৰ বাবে ৫০ হাজাৰ কোটি টকা উপহাৰ দিলে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে।
অসমত হ’ব ১০খন নতুন ফ্লাইঅভাৰ, ৫টা ৰোপৱে।
কাজিৰঙাৰ ফ’ৰলেন, গুৱাহাটীৰ ৰিং ৰোড, নাৰেংগী-কুৰোৱা দলং নিৰ্মাণৰ বাবে অনুদানৰ কথাও ঘোষণা কৰিলে মন্ত্ৰীগৰাকীয়ে।

2. “অসম আৰক্ষীয়ে প্ৰৱৰ্তন কৰিব শিশু মিত্ৰ বঁটা।
শিশু সম্পৰ্কীয় ঘটনাৰ তদন্তৰ বাবে SI-SP বিষয়াক দিয়া হ’ব এই বঁটা।
UNICEFৰ বিষয়াই তদন্তত সহযোগিতা আগবঢ়াব আৰক্ষীক।
আৰক্ষী থানা সমূহত সক্ৰিয় কৰা হব চাইল্ড কৰ্ণাৰ “- এই কথা ঘোষণা কৰিলে DGPDGP ASSAM ভাস্কৰজ্যোতি মহন্তই।
‘বাধ্যতামূলক হ’ব ৰাজ্যৰ সকলো মাদ্ৰাছাৰ পঞ্জীয়ন, ১ ডিচেম্বৰৰ ভিতৰত দাখিল কৰিব লাগিব নিৰ্দিষ্ট প্ৰ-পত্ৰ’- মন্তব্য DGP ভাস্কৰজ্যোতি মহন্তৰ।

3. ব্ৰহ্মপুত্ৰৰ বুকুত মাছৰ পোনা মেলিলে মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।
উজান বজাৰ ঘাটত এই কাৰ্যসূচী।
শুৱালকূছিত ১ লাখ মাছৰ পোনা মেলিব ৰাজ্য চৰকাৰে।

4. “হিমাচলত কংগ্ৰেছ জিকিলে প্ৰতিগৰাকী মহিলাই পাব মাহিলি ১৫০০ টকা”- মন্তব্য প্ৰিয়ংকা গান্ধীৰ।

5. দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল।
মুঠ ২২ খন আসনৰ ভিতৰত- ১১ খন বিজেপি, ১ খন অগপই, ৭ খন জেপিপি, দুখন কংগ্ৰেছ আৰু এখন নিৰ্দলীয়ই লাভ কৰে।

6. ১৮ নৱেম্বৰত নলবাৰীত স্থানীয় বন্ধ ঘোষণা কৰে জিলা প্ৰশাসনে।
বন্ধ থাকিব সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, আদালত, শিক্ষা-প্ৰতিষ্ঠান।

7. “বিহপুৰীয়াৰ বিধায়কক এইবাৰ ৰাইজে দিছে পহুখেদা।
ভূমিপুত্ৰ খিলঞ্জীয়াৰ মাজত স্থান নাই বিজেপিৰ।”- মন্তব্য ভূপেন বৰাৰ।

8. “নফৰৎ বিক্ৰীত এক্সপাৰ্ট অসমৰ মুখ্যমন্ত্ৰী।
নামঘোষা নিয়মিতভাৱে পঢ়ক মুখ্যমন্ত্ৰীয়ে।” মুখ্যমন্ত্ৰীক পৰামৰ্শ দিলে বিধায়ক ড° ৰফিকুল ইছলামে।

9. অৱশেষত দৰঙৰ নিলম্বিত SP ৰাজমোহন ৰায়ক গ্ৰেপ্তাৰ কৰা হয়।
CIDয়ে গ্ৰেপ্তাৰ কৰিলে ৰাজমোহন ৰায়ক।
CID ৰ কাৰ্যালয়ত আত্মসমৰ্পণৰ পিছতেই গ্ৰপ্তাৰ কৰে ৰায়ক।

10. মহানগৰীৰ VIP ৰোডত ভয়ংকৰ অগ্নিকাণ্ড।
এটা অট্টালিকাত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
অগ্নি নিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত।
বৰ্তমান অগ্নিকাণ্ডৰ কাৰন জানিব পৰা নাই।

11. দুলীয়াজানত কমলাবাৰী পথত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে।
সুভাষ বৰুৱা নামৰ এজন লোকৰ ৩টা ভাৰাঘৰ ভস্মীভূত হয়।
চিলিণ্ডাৰ বিস্ফোৰণ হৈ সংঘটিত হৈছে এই অগ্নিকাণ্ড।
ঘটনাস্থলিত উপস্থিত হৈছে OIL ৰ অগ্নিনিৰ্বাপক বাহিনীৰ দুখন বাহন।

12. কামাখ্যা ষ্টেচনত GRPৰ অভিযান ।
অভিযানত জব্দ কৰা হৈছে ১কেজি ৭৯০ গ্রাম নকল সোণৰ এটা যীশুৰ মূৰ্তি।
দুই যুৱকে উত্তৰ প্রদেশলৈ সৰবৰাহ কৰা সময়তে জব্দ কৰে আৰক্ষীয়ে।

13. দেৰগাঁৱত আৰক্ষীৰ অভিযান।
অভিযানত জব্দ কৰা হয় এখন চোৰাং তেল পৰিৱাহী টেংকাৰ।
মিছামৰাৰ খনিকৰ গাঁৱৰ পৰা আৰক্ষীয়ে জব্দ কৰে টেংকাৰখন।

14. গুৱাহাটীত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম-কাজক লৈ পৰ্যালোচনা বৈঠক।
উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী।
সময়মতে শেষ নকৰা কোম্পানীক ব্লেকলিষ্টেড কৰাৰ নিৰ্দেশ।
আনহাতে,
মাজুলীৰ দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানক ধমক কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ।
দলং নিৰ্ধাৰিত সময়ত শেষ কৰিব নোৱাৰিলে কাম এৰাৰ নিৰ্দেশ দিছে মন্ত্ৰী গৰাকীয়ে।

15. বৰপেটাত কলেজৰ অধ্যক্ষসহ ৫ জনক গ্ৰেপ্তাৰ কৰা হয়।
ঈষাণ উদয় ছাত্ৰ বৃত্তি কেলেংকাৰীত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় অধ্যক্ষকেইজনক।

16. পানবজাৰ আৰক্ষীৰ বৃহৎ ড্রাগছ বিৰোধী অভিযান।
অভিযানত জব্দ কৰা হৈছে ১৬৫টা ড্রাগছভৰ্তি কণ্টেইনাৰ।
লাখটকীয়াৰ ৩নং গেটৰ পৰা আক্ষীয়ে গ্রেপ্তাৰ খৰে দুটা সৰবৰাহকাৰীক।

17. হোজাই আৰক্ষীৰ জালত অগৰুৰ ৪ টা চোৰাং ব্যৱসায়ী।
আৰক্ষীয়ে আটক কৰে চোৰাং ব্যৱসায়ী কেইজনক।
জব্দ কৰে এখন অল্ট’ বাহন, নগদ ২ লাখ টকা।
লগতে ৩ কেজি অগৰু, ৩ খন মুখা আৰু কাটাৰো জব্দ কৰে।
জব্দকৃত অগৰুখিনিৰ বজাৰমূল্য ৩ লক্ষাধিক টকা।

18. ‘কংগ্ৰেছ-AIUDFৰ মিত্ৰতা সদায় আছে৷
কেতিয়াবা লুকাই কৰে, কেতিয়াবা মুকলিকৈ কৰে’- মন্তব্য বিধায়ক মানৱ ডেকাৰ।

19. “ভাৰত জোড়ো কৰি থাকোতেই দিল্লীয়ে কেতিয়া মিত্ৰতা কৰিব ভূপেন বৰাই গমেই নাপাব”।
“লোকসভা নিৰ্বাচনত নগাঁও, কলিয়াবৰ আৰু বৰপেটাত বিজেপি বিজয় নিশ্চিত”- মন্তব্য বিধায়ক দিগন্ত কলিতাৰ।

20. “অসম আৰু দিল্লীৰ পৰা বিজেপিক বিদায় দিব লাগিব”- মন্তব্য সাংসদ বদৰুদ্দিন আজমলৰ।

 

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ ক্রীড়া বিভাগৰ আঁচনি ৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ।

News Editor Sangita Dutta
News Editor Sangita Dutta

 

Leave a Reply

Your email address will not be published. Required fields are marked *