মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
১৯২৮ চনৰ আজিৰ দিনটোতে প্ৰথম গৰাকী অসমীয়া মহিলা স্নাতক সুধালতা দুৱৰাই সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গৈছিল।
সুধালতা দুৱৰা জন্ম হৈছিল
১৮৯৬ চনৰ ২৫ অক্টোবৰ তাৰিখে কলিকতাৰ হেৰিচন ৰোডত।
তেখেতৰ পিতৃৰ নাম ৰমাকান্ত দুৱৰা আৰু মাতৃ পৱিত্ৰী দুৱৰা।
তেখেতে ১৯১৪ চনত জেনানা মিশ্যন স্কুল আৰু বেথুন কলেজিয়েট স্কুলৰ পৰা প্ৰাথমিক শিক্ষা আহৰণ কৰে।
বেথুন কলেজৰ পৰা সংস্কৃতত সন্মান সহকাৰে স্নাতক ডিগ্ৰী গ্ৰহণ কৰে ।
তেৱেই আছিল প্ৰথম গৰাকী অসমীয়া মহিলা স্নাতক।
পিচলৈ তেওঁ কলিকতাৰ ডায়শ্যেছন কলেজৰ পৰা বি টি ডিগ্ৰী লাভ কৰি ১৯২৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আধুনিক ভাৰতীয় ভাষা বিষয়ত প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
বেথোন কলেজিয়েট স্কুলত শিক্ষয়িত্ৰী পদত যোগদান কৰে।
১৯২৫ চনত এলাহাবাদ ক্ৰচৱেইট কলেজৰ অধ্যক্ষা হয়।
এলাহাবাদ বিশ্ববিদ্যালয়ৰ কোৰ্ট একাডেমীক কাউন্সিল আৰু পাঠ্যপুথি কমিটিৰ সভ্য হোৱাৰ লগতে এলাহাবাদ আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপে স্বীকৃতি লাভ কৰিছিল।
তেখেতে দুৰ্গামণি দেৱী পদক,
অন্নপূৰ্ণা দেৱী পদক, নামীপুৰৰ মহাৰাজৰ পদক, ব্ৰহ্মময়ী পদক, উমেশ চন্দ্ৰ মুখাৰ্জী পদক, চাৰ আশুতোষ মুখাৰ্জী ৰ সন্মানাৰ্থে দিয়া পদক লাভ কৰিবলৈ সক্ষম হৈছিল।
বেথুন কলেজৰ পৰা ১৯১১ চনত ভাল আচৰণৰ বাবে তেওঁ সোণৰ পদক
লাভ কৰিছিল।
অসমৰ নলবাৰীস্থিত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ এটি ছাত্ৰী নিৱাস “সুধালতা দুৱৰা”ৰ নামেৰে নামকৰণ কৰা হৈছে।
১৯২৮ চনৰ ৫ মে’ত, যোৰহাটত তেখেত মৃত্যু হয়।
তেখেতৰ কৰ্মৰাজী সকলোৱে সদায় শ্রদ্ধাৰে স্মৰণ কৰিব৷
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত।
ধন্যবাদ।
News Editor Sangita Dutta R News India 24