অসমৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক আব্দুল মজিদৰ জীৱনযাত্ৰাঃ
Spread the love
Mising Autonomous Council
২৪ ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ দিনটোতে মৃত্যুবৰণ কৰিছিল অসমৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, নাট্যকাৰ, অভিনেতা আব্দুল মজিদে।
তেখেত জন্ম হৈছিল ১৯৩১ চনৰ ১৬ নবেম্বৰত যোৰহাটৰ পুৰণি বালিবাটত।
পিতৃ নাম আছিল আব্দুল মোনাফ আৰু মাতৃ নাম নুৰ বিবি (লখিমী) আছিল।
প্ৰাথমিক শিক্ষা আৰম্ভ কৰে যোৰহাট মোক্তাৱ স্কুলত।
১৯৫০ চনত যোৰহাট গৱৰ্ণমেণ্ট হাইস্কুলৰ পৰা প্ৰবেশিকা উত্তীৰ্ণ হয়।
উচ্চশিক্ষাৰ বাবে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত ভৰ্তি হয় যদিও শিক্ষা আধৰুৱা হৈ থাকে।
তেখেতে বহুকেইটা বিভাগত অস্থায়ী চাকৰি কৰাৰ অন্তত ১৯৫৫ চনত বিদ্যুৎ পৰিষদত নিম্নবৰ্গ সহায়ক পদ লাভ কৰে।
১৯৮১ চনত বিদ্যুৎ পৰিষদে স্পেচিয়েল অফিচাৰ কালচাৰেল এণ্ড ডকুমেণ্টেচন নামৰ পদ এটাৰ সৃষ্টি কৰি গুৱাহাটীত নিযুক্তি দিয়ে।
তেখেতে নিজে পৰিচালনা কৰা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত চামেলি মেমচাবত মংলু নামৰ এটা সৰু চৰিত্ৰত অভিনয় কৰে।
প্ৰায় অৰ্ধশতাধিক ছবিত অভিনয় কৰা মজিদৰ কেইখনমান উল্লেখযোগ্য ছবি হ’ল- প্ৰতিদান, সংকল্প, পূজা, সূৰুজ, সেন্দূৰ, উপপথ, এই দেশ মোৰ দেশ, বোৱাৰী, মমতাজ, ভাই ভাই, এণ্টনী মোৰ নাম, পিতা-পুত্ৰ, জুমন সুমন, অপেক্ষা, (হিন্দী) ইত্যাদি।
ৰঙা পুলিচ ছবিত তেখেতে এটা ঋণাত্মক চৰিত্ৰত অভিনয় কৰি যথেষ্ট পাৰদৰ্শিতা দেখুৱাইছিল; যাৰবাবে ছবি নিৰ্মাতাসকলে তেখেতেক খলনায়কৰ চৰিত্ৰৰ বাবে অধিক পচন্দ কৰিছিল।