Mising Autonomous Council
Rnewsindia24.com Assam Oct 8 2023:-
1. কমলপুৰ সমষ্টিৰ বিহদীয়া জাজীকোণা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত MGNREGA আঁচনিৰ অধীনত Const. Of Multipurpose Facility Centre” ৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
অনুষ্ঠানটিত উপস্থিত থাকে মন্ত্ৰী পীয়ুষ হাজৰিকা, সাংসদ দিলীপ শইকীয়া, বিধায়ক দিগন্ত কলিতা, জিলা আয়ুক্ত কৃতী জল্লী, আৰু বহু গণ্যমান্য ব্যক্তি।
2. গোলাঘাটত মন্ত্ৰী পীযুষ হাজৰিকাক সাক্ষাৎ কৰে আমছুৰ কেন্দ্ৰীয় প্ৰতিনিধি দলে।
মন্ত্ৰীগৰাকীৰ সৈতে এক আলোচনাত মিলিত হয় সংগঠনটো।
ডি ভোটাৰৰ সমস্যা সমাধানৰ দাবী সংগঠনটোৰ।
3. আজি মন্ত্ৰী অশোক সিংহালে যোৰহাটৰ ডাম্পিং গ্ৰাউণ্ডত উদ্বোধন কৰে জাৱৰ নিষ্কাষণ প্ৰকল্প৷
4. চৰাইদেউৰ মৈদামস্থলী পৰিদৰ্শন ইউনেস্ক’ৰ প্ৰতিনিধিৰ লিম চিং চিয়াঙৰ।
মৈদামস্থলীত থকা মিউজিয়ামো দৰ্শন কৰে প্ৰতিনিধি দলটোৱে।
5. ডুমডুমাত বিশিষ্ট ব্যক্তিৰ সৈতে মত-বিনিময় অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ।
‘এক অসম যাত্ৰা’ কাৰ্যসূচীৰ অংশস্বৰূপে এই মত-বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়।
6. মণিপুৰৰ কেবিনেট মন্ত্ৰী ৱাই খেমচান্দৰ ঘৰৰ সন্মুখত শক্তিশালী বিস্ফোৰণ।
বাইকেৰে অহা ২ দুৰ্বৃত্তই নিশা দলিয়াই থৈ যায় হেণ্ড গ্ৰেনেড।
ইম্ফলৰ ছিংজামেইত থকা মন্ত্ৰীজনৰ বাসগৃহত সংঘটিত হয় এই ঘটনা।
7. ইজৰাইল আৰু ভাৰতৰ মাজত চলাচল কৰা সকলো বিমান বাতিল এয়াৰ ইণ্ডিয়াৰ।
ইজৰাইলত হামাছৰ আক্ৰমণৰ পাছত এয়াৰ ইণ্ডিয়াৰ এই সিদ্ধান্ত।
8. খাও গলিৰ ব্যৱসায়ীৰ বাবে বাধ্যতামূলক হ’ব ড্ৰেছ ক’ড।
আইকাৰ্ড, ব্যৱসায়িক পঞ্জীয়ন থাকিব লাগিব ব্যৱসায়ীৰ।
দীঘলীপুখুৰীৰ খাও গলিৰ ব্যৱসায়ীলৈ GMCৰ এই নিৰ্দেশনা।
9. ভূমিকম্পত বিধ্বস্ত আফগানিস্তান।
ভূমিকম্পৰ ফলত নিহত হয় ২০০০ লোক।
আধা ঘণ্টাতে দেশখনত ৫টাকৈ জোকাৰণি।
10. ডবকাত ‘অমৃত কলহ যাত্ৰা’ত অংশগ্ৰহণ কৰে বিধায়ক জিতু গোস্বামী এ।
আকাশী গংগা গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা গায়ন-বায়নেৰে আৰম্ভ হয় অমৃত কলহ যাত্ৰা।
11. সুদীৰ্ঘ ৯ বছৰৰ অন্তত মূলসুঁতিলৈ এজন আলফা (স্বাঃ)ৰ সদস্য।
কাকপথাৰৰ সৰুমেচাইৰ চনচন মৰাণ ওৰফে চন্দন অসমৰ আত্মসমৰ্পণ।
12. আজি ভাৰতীয় বায়ুসেনা দিৱস।
৭২ বছৰৰ অন্তত আজি বায়ুসেনাই লাভ কৰিব নতুন ফ্লেগ।
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত কেন্দ্ৰীয় কাৰ্যসূচী আয়োজন কৰে।
13. ছিকিমত সন্ধানহীন এগৰাকী ভাৰতীয় সেনাৰ মৃতদেহ উদ্ধাৰ।
মৃতদেহ উদ্ধাৰ বাক্সাৰ আনন্দ বজাৰ হাটখোলাৰ মিটু কলিতাৰ।
বিয়লিলৈ বাসগৃহলৈ অনা হয় মৃতদেহ।
সামৰিক মৰ্যাদাৰে সম্পন্ন হ’ব সেনা জোৱানগৰাকীৰ অন্ত্যেষ্টিক্রিয়া।
14. ডিব্ৰুগড়ৰ বাণিজ্য মেলাত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
২৮ ছেপ্টেম্বৰৰ পৰা ডিব্ৰুগড়ৰ চৌকিডিঙ্গীত অনুষ্ঠিত হয় মেলা।
15. কৰিমগঞ্জৰ শিৱবাৰী ৰোডত চাঞ্চল্যকৰ ঘটনা।
এজন কলেজীয়া ছাত্ৰক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে দুৰ্বৃত্তই।
আক্ৰমণত গুৰুতৰভাৱে আহত হয় জয়প্ৰকাশ নামৰ ছাত্ৰজন।
কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন যুৱকজন।
16. নগাঁৱৰ পুৰণিগুদামত ভয়ংকৰ পথ দুৰ্ঘটনা।
চাৰিলেনযুক্ত পথৰ ডিভাইডাৰ ভাঙি বাসগৃহত খুন্দা বাহনৰ।
থিতাতে নিহত হয় বাহনখনৰ চালক।
17. বকোৰ মালিবাৰীত ভয়ংকৰ নাও দুৰ্ঘটনা৷
নাওখেল প্ৰতিযোগিতাৰ মাজতে ডুব গ’ল দুখনকৈ নাও৷
পানীৰ সোঁতে উটুৱাই নিয়ে কেইবাজনো প্ৰতিযোগীক।
18. গুৱাহাটী ৰে’ল ষ্টেচনত বুজন পৰিমাণৰ সোণ জব্দ।
আগৰতলা-দেউধৰ এক্সপ্ৰেছৰ পৰা GRP-এ তালাচী চলাই জব্দ কৰে ১৩খন সোণৰ বিস্কুট।
গোপনে সৰবৰাহ কৰিছিল ডেৰ কেজি ওজনৰ ১৩খন সোণৰ বিস্কুট।
19. মহানগৰীৰ ভূতনাথৰ ৰে’ললাইনৰ সমীপত মৃতদেহ উদ্ধাৰ।
মৃত যুৱকজন ৰাজদ্বীপ নাথ বুলি চিনাক্ত।
যুৱকজন ড্ৰাগছ আসক্ত আছিল বুলি জানিব পৰা গৈছে।
20. বাক্সাৰ বডিকাদঙাত শোকাৱহ ঘটনা।
বন্যহস্তীৰ আক্ৰমণত নিহত এজন।
নিহত ব্যক্তি গৰাকীৰ নাম বিশ্বজিৎ কলিতা।
হাতী খেদিবলৈ যাওঁতে সংঘটিত এই ঘটনা।
Sangita Dutta News Editor Rnewsindia24.com