Mising Autonomous Council
Rnewsindia24.com Assam Nov 24/2023:-
1. দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ তথা তামিলনাডুৰ প্ৰাক্তন ৰাজ্যপাল এম ফাতিমা বিভিৰ দেহাৱসান।
2. গুৱাহাটীৰ আয়ুক্ত কাৰ্যালয়ত ক্ৰাইম ব্ৰান্সৰ অভিযান।
নথি জালিয়াতিৰে আনৰ নামত ভূমি পঞ্জীয়ন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয় জ্যেষ্ঠ সহকাৰী পঞ্জীয়ক নিতুল দাসক।
এই সন্দৰ্ভত টুইটত উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
3. গুৱাহাটীৰ পৰা বাইক চলাই পৰ্বতঝোৰাৰ মহামায়াত উপস্থিত হয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য।
পথ সুৰক্ষা সজাগতা অভিযানত অংশ লৈ গুৱাহাটীৰ পৰা ধুবুৰীলৈ যাত্ৰা কৰে মন্ত্ৰীগৰাকীয়ে।
4. আজি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয় মৃত্যুবাৰ্ষিকী।
গুৱাহাটীৰ ৰাজীৱ ভৱনত সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।
5. গডৰেজ কনজিউমাৰ প্ৰডাক্ট লিমিটেডৰ প্ৰশংসনীয় পদক্ষেপ।
আমিনগাঁওবাসীক দুখনকৈ এম্বুলেন্স প্ৰদান কৰে কোম্পানীটোৱে।
এম্বুলেন্স দুখন উদ্বোধন কৰে কামৰূপ জিলাৰ আয়ুক্ত কীৰ্তি জলিয়ে।
6. অনুৰাধা ছবিগৃহত অসমীয়া ছবি ‘ৰঙাটাপু-১৯৮২’ৰ প্ৰিমিয়াৰ শ্ব’।
গোষ্ঠীগত সংঘৰ্ষৰ প্ৰতিচ্ছবিৰে প্ৰস্তুত কৰা হৈছে ছবিখনৰ কাহিনী।
ছবিখনৰ পৰিচালক আদিত্যম শইকীয়া আৰু প্ৰয়োজনা অজয় কুমাৰ ৰয়।
মুখ্য চৰিত্ৰত অভিনয় কৰিছে অসমীয়া ছবিজগতৰ কেইগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে।
আজি ছবিগৃহত প্ৰিমিয়াৰ শ্ব’
উপভোগ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।
আটাইকে ছবিখন চাবলৈ আহ্বান জনাইছে কলা কৌশলী সকলে।
7. মথুৰাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
শ্ৰী কৃষ্ণ জন্মভূমি মন্দিৰত দিব্য পূজন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
8. ৰাজ্যৰ ভিন্ন প্ৰান্তত টেট শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰতিবাদ।
তাৰ সমান্তৰালকৈ জোনাইৰ মুর্কংচেলেকতো
বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে টেট উত্তীৰ্ণ শিক্ষক-শিক্ষয়িত্ৰী সকলে ধৰ্ণা দিয়ে।
9. ড্ৰাগছৰ বিৰুদ্ধে জুৰীয়া আৰক্ষীৰ অভিযান।
অভিযানত সন্দেহযুক্ত হেৰ’ইনসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।
জব্দ কৰা হয় ৬.৬৪ গ্ৰাম হেৰ’ইন।
দগাঁৱৰ শালপাৰাৰ পৰা আটক কৰে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোক।
ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো শালপাৰাৰ ৰাজা মতি।
10. গুৱাহাটীৰ আয়ুক্ত কাৰ্যালয়ত ক্ৰাইম ব্ৰান্সৰ অভিযান।
অভিযানত গ্ৰেপ্তাৰ হয় নিতুল দাস নামৰ এজন কৰ্মচাৰী।
গুৱাহাটীৰ ভূমি ভুৱা নথি-পত্ৰ বনাই পঞ্জীয়ন কৰে নিতুল দাসে।
নিতুলৰ বাসগৃহত উদ্ধাৰ কৰা হয় বহু ভূমি পঞ্জীয়ন সংক্ৰান্তীয় ফাইল।
জব্দ হয় চৰকাৰী ছীল-মোহৰ।
11. হোজাই জিলাৰ লামডিং উন্নয়ন বিষয়া কাৰ্য্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হয় অভিযন্তাসহ কম্পিউটাৰ অপাৰেটৰ।
অভিযন্তা প্রভাত কলিতা,আৰু কম্পিউটাৰ অপাৰেটৰ সূৰয বৰা।
12. “দেশ চলোৱাৰ দুটা পদ্ধতি আছে, এটা মহাত্মা গান্ধীৰ,আনটো জিন্নাৰ।
গান্ধীৰ পথ অনুসৰণৰ ফলাফল হৈছে ভাৰত আৰু জিন্নাৰ পথৰ ফলাফল পাকিস্তান।
এতিয়া হামাছ – পেলেষ্টাইনৰ বাবে শোভাযাত্ৰা উলিওৱাসকলে বাছনি কৰক কোনটো পথ ল’ব লাগে- মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
13. ডিব্রুগড়ৰ বঙালগাঁৱত শোকাৱহ ঘটনা।
বৈদ্যুতিক তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হয় এখন ডাম্পাৰ।
থিতাতে নিহত হয় ডাম্পাৰখনৰ চালকজন।
14. প্ৰতাৰণাৰ গোচৰত অভিযুক্ত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ এছ শ্ৰীশান্ত।
এছ শ্ৰীশান্তৰ বিৰুদ্ধে ১৮.৭০ লাখ টকাৰ প্ৰতাৰণাৰ গোচৰ।
উত্তৰ কেৰালাৰ ৩গৰাকীৰ ব্যক্তিয়ে শ্ৰীশান্তৰ বিৰুদ্ধে তৰিছে গোচৰ।
15. গোলাঘাটত ড্ৰাগছ দাহন কাৰ্যসূচী।
গোলাঘাট আৰক্ষী নিৱেশৰ খেলপথাৰত জ্বলাই দিয়া হয় প্ৰায় ১ কোটি ৪৫ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী।
16. অসম তৃণমূল কংগ্ৰেছৰ মহিলা কৰ্মীৰ ‘মামাৰ অমৃত গলহ যাত্ৰা’।
জয়ানগৰস্থিত তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ।
প্ৰতিবাদত অংশগ্ৰহণ কৰে তৃণমূল কংগ্ৰেছৰ শতাধিক মহিলা কৰ্মীয়ে।
17. অক্টোবৰ মাহ পৰ্যন্ত গুৱাহাটীত ৬৫৬টা পথ দুৰ্ঘটনা সংঘটিত হৈছে।
এই পথ দুৰ্ঘটনাত মৃত্যু হৈছে ২২৭গৰাকী লোক।
18. ‘অসমত এবটল মদৰ দাম ৪৫০টকা আৰু কৰ্ণাটকত ১২৫০টকা’- মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ।
19. মাৰ্ঘেৰিটাত ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ।
জাগুন-কথাচেমা সংযোগী পকী দলং নিৰ্মাণৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ।
20. পাঠশালাৰ শ্ৰীৰাম একাডেমীলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি।
আমেৰিকাৰ NWACৰ স্বীকৃতি লাভ কৰে শিক্ষানুষ্ঠানখনে।
শ্ৰীৰাম একাডেমীত অধ্যয়ন কৰি আমেৰিকাত শিক্ষা লাভৰ সুবিধা লাভ কৰিব।
শীঘ্ৰে মুকলি হ’ব শ্ৰীৰাম একাডেমীৰ দুখন নতুন শিক্ষানুষ্ঠান।

Sangita Dutta News Editor Rnewsindia24.com