Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।
-
Rnewsindia24.com Assam 16 March 2024:-
-
1. দেশত ৭টা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন।
৪ জুনত অনুষ্ঠিত হ’ব ভোটগণনা।
সংবাদ মেলত ঘোষণা কৰে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে।
১৯, ২৬ এপ্ৰিল, ৭ মে’ত অসমত হ’ব নিৰ্বাচন।
-
2. ২৫ মে’ আৰু ১ জুনত দুটা পৰ্যায়ত ওড়িশাত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।
-
3. ৭ মে’ত কোকৰাঝাৰ, ধুবুৰী, বৰপেটা, গুৱাহাটীত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।
-
4. অন্ধ্ৰ প্ৰদেশত ১৭৫খন বিধানসভা আসনৰ বাবে ১৩ মে’ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।
5. ১৯ এপ্ৰিলত কাজিৰঙা, লখিমপুৰ, শোণিতপুৰ, যোৰহাট, ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।
-
6. ২৬ এপ্ৰিলত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ, নগাঁৱত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।
-
7. অৰুণাচল প্ৰদেশত একেলগে হ’ব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন।
১৯ এপ্ৰিলত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন।
৬০খন বিধানসভা আৰু ২খন লোকসভা আসনৰ বাবে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।
-
8. সোণাপুৰৰ তেতেলীয়াত আতিথ্য দক্ষতা বিকাশ কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠান।
কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বহু গণ্যমান্য ব্যক্তি।
-
9. গুৱাহাটী পৌৰ নিগমৰ সাধাৰণ সভাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
কৰ আদায়ৰ ক্ষেত্রত ১০% ৰেহাই ঘোষণা GMCৰ।
১এপ্রিলৰ পৰা ৩১মে’ৰ ভিতৰত কৰ আদায় দিয়াসকললৈ এই ৰেহাই।
এই কথা ঘোষণা কৰে মেয়ৰ মৃগেন শৰণীয়াই।
-
10. নামৰূপ সাৰ কাৰখানাক লৈ সুখবৰ।
৫০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব দুটাকৈ প্ৰকল্প।
বিভাগীয় কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডব্যৰে এই কথা ঘোষণা কৰে।
-
11. আকাশবাণী কেন্দ্ৰৰ বাতৰি সেৱা বিভাগৰ প্ৰধান সঞ্চালকৰ পদত অধিষ্ঠিত হ’ব অসমৰ মৌচুমী চক্ৰৱৰ্তী।
বৰ্তমানৰ সঞ্চালক প্ৰধান পদৰ পৰা অৱসৰৰ পাছত গ্ৰহণ কৰিব দায়িত্ব ।
-
12. অসম ডাউন টাউন বিশ্ববিদ্যালয়ত সাংস্কৃতিক অনুষ্ঠান।
৫ দিনীয়াকৈ আয়োজন কৰা কৰ্মশালাৰ সামৰণি পৰে শুকুৰবাৰে ।
মুখ্য অতিথিৰূপে উপস্থিত থাকে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া ।
-
13. চিৰাঙৰ ছামথাইবাৰীত বিপিএফৰ CWCৰ সভা।
সভাত উপস্থিত থাকে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী, প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম আৰু বহু গণ্য মান্য।
-
14. জনপ্ৰিয় কণ্ঠশিল্পী অনুৰাধা পড়োৱালৰ বিজেপিত যোগদান।
দিল্লীৰ মুখ্য কাৰ্যালয়ত অনুৰাধা পড়োৱালে বিজেপিত যোগদান কৰে।
-
15. কলিয়াবৰৰ দুলাল মাধৰ গাঁওৰ ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত প্ৰাক্তন প্ৰধান শিক্ষক নৃপেন বৰঠাকুৰৰ দেহাৱসান।
৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।
-
16. বৰপেটাৰ আলোপতিত চাঞ্চল্যকৰ ঘটনা।
শৌচালয়ৰ টেংকীৰ ভিতৰত উদ্ধাৰ কৰে ৭ বছৰীয়া শিশুৰ মৃতদেহ।
১৩ মাৰ্চৰ পৰা সন্ধানহীন হৈ আছিল শিশুটি।
শিশুটিক হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ।
-
17. নাৰায়ণপুৰৰ দোৰপাঙত শোকাৱহ ঘটনা ।
বন্যহস্তীৰ গচকত নিহত হয় ডিম্বেশ্বৰ ফুকন নামৰ এজন লোক।
মাতৃ-পত্নীৰ সন্মুখতে হাতীৰ গচকত মৃত্যু হয় লোকজন।
-
18. চাৰিদুৱাৰৰ বালিপৰা সংৰক্ষিত বনাঞ্চলত দুৰ্বৃত্তৰ অগ্নিসংযোগ।
জুইত জাহ যায় কেইবাশতাধিক শালগছৰ পুলি।
বন বিভাগৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় বনাঞ্চলখনত।
-
19. “ৰকিবুল হুছেইন জয়ী নহ’লে মই পদত্যাগ কৰিম”- মন্তব্য ভূপেন বৰাৰ।
-
20. ডিব্ৰুগড়ৰ নতুন নিৰ্মালি গাঁৱৰ ৰামনগৰত অগ্নিকাণ্ড৷
অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় এটা বাসগৃহ৷
Sangita Dutta Editor in Chief Rnewsindia24.com