নৱ-বৈষ্ণৱ ধৰ্মৰ এগৰাকী অন্যতম সেৱক তথা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰিয় শিষ্য আছিল
শ্ৰী শ্ৰী বদলা পদ্ম আতা।
তেওঁ উজনি অসমত শংকৰী ধৰ্ম-কলা-সংস্কৃতি প্ৰচাৰৰ দায়িত্ব গ্ৰহণ কৰিছিল।
সেই বাবে নামৰ আগত “বদলা’’ বা লোকমুখত পৰি “বদুলা’’ সংযুক্ত হৈ পৰে।
পদ্ম আতাৰ ঠাইত “বদুলা আতা’’ বুলিও জনাজাত।
আতা জন্ম হৈছিল ১৪৬৮ শকৰ জেঠ মাহৰ শুক্লা একাদশী তিথিত লক্ষীমপুৰ জিলাৰ বৰ নাৰায়ণপুৰত।
তেওঁৰ পিতৃ তিতা চোমদাৰ অকাল বিয়োগ হোৱাত খুৰাক গোপালে তেওঁলোকক চোৱা-চিতাৰ দায়িত্ব লৈছিল।
পৰৱৰ্তী সময়ত মাতৃৰ জন্মগাঁও ঢলপুৰত বসতি কৰে।
আতা বৰ বুদ্ধিমান, পৰিশ্ৰমী, সুশ্ৰী আৰু অধ্যৱসায়ী আছিল।
এইবোৰ গুণ থকাৰ বাবেই আতাই বাল্যকালৰে পৰা বিভিন্ন নামেৰে পৰিচিত হৈছিল।
তেওঁ প্ৰায় দহটা নামেৰে জনাজাত আছিল- পদ্ম, গোবিন্দ, ৰূপধন, লৱণাতি, গোঁসাই, হৰিৰ পো, মাণিক, অমুকা, বাপুঘৰ, আৰু বদলা বা বদুলা আতা।
আতাই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল ঢলপুৰত।
তেওঁ পঢ়া শুনাৰ ক্ষেত্ৰত বৰ আগৰণুৱা আছিল।
ঘৰৰ আৰ্থিক অৱস্থাৰ বাবে পালপাতি গৰু চৰায় মাতৃক সহায় কৰিছিল।
সেইসময়ত উদয়াদিত্য সিংহৰ দিনত সক্ৰাহিত ডফলাৰ আক্ৰমণ হৈছিল।
থলুৱা ৰাইজে সেই আক্ৰমণ প্ৰতিহত কৰিবলৈ প্ৰত্যেক ঘৰৰ একোজনকৈ লোকক যুঁজলৈ ওলোৱাৰ সিদ্ধান্ত কৰাত, ককায়েক শংকৰে আতাক যুঁজলৈ যাবলৈ পাচিলে।
ককায়েক আৰু মাতৃৰ আদেশ মানি আতা যুঁজলৈ যায় যদিও তেওঁ যুদ্ধৰ পৰিৱৰ্তে ৰণুৱাসকলৰ ৰান্ধনি হ’বলগীয়া হয়।
যুদ্ধক্ষেত্ৰৰ পৰা উভতি অহাৰ বাটত ডফলাৰ আক্ৰমণত বিধ্বস্ত জুয়ে পোৰা ঘৰবাৰী, শ শ মানুহ, জীৱ-জন্তুৰ মৰাশ, পতি-পুত্ৰ হেৰুৱাই কান্দি থকা নৰ-নাৰীক দেখি মনত বৰ দুখ হ’ল আৰু জীৱহিংসাৰ পৰা দূৰত থকাৰ সংকল্প লয়।
সংসাৰৰ সকলো বস্তু অসাৰ-অনিত্য; একমাত্ৰ পৰমেশ্বৰকে সাৰ আৰু নিত্য বুলি মানি আধ্যাত্মিকতাৰ দিশত নিজকে নিয়োগ কৰে।
তাৰ পৰবৰ্তী সময়ত তেওঁ জয়ভাৰতী নামৰ ব্ৰাহ্মণ পণ্ডিত এজনক লগ পায় তেওঁৰ সৈতে থাকিবলৈ লয় আৰু শাস্ত্ৰ অধ্যয়ন কৰে।
কিন্তু জয়ভাৰতীৰ নাম-কীৰ্তনতকৈ কৰ্ম-কাণ্ডৰ প্ৰতি আগ্ৰহ আৰু ব্ৰাহ্মণ্য ক্ৰিয়াত পোৱা ধন-সম্পদৰ প্ৰতি লোভ দেখি আতা বিৰক্তি হ’ল।
আতাই একাণপতীয়াকৈ শাস্ত্ৰ অধ্যয়ন বিশেষককৈ “ভক্তি-ৰত্নাৱলী’’ পুথি পঢ়া আৰু ব্যাখ্যা কৰাত মনোযোগ দিলে।
পুথি ৰচোতাৰ প্ৰতি আকৃষ্ট হৈ তেওঁৰ সংগ লাভৰ বাবে উত্তাউল হৈ পৰে।
ভাটৌকুছীয়া কেশৱ চৰন আতাৰ সৈতে কোচবেহাৰৰ ভেলাদোৱাত গৈ মহাপুৰুষ মাধৱদেৱ গুৰুজনাক লগ কৰে।
মাধবদেৱে আতাৰ বিষয়ে আদ্যোপান্ত কথা সুধি একশৰণ হৰিনাম ধৰ্মত শৰণ দিয়ে।
মাধবদেৱৰ শেষৰগৰাকী শিষ্য আতাৰ ওচৰত নিজৰ সকলো শক্তি-ভক্তি, বল-পৰাক্ৰম অৰ্পণ কৰি নামমালিকা পুথিখনি দান কৰে।
ধৰ্মবস্তু লাভ কৰাৰ পাছত সাতদিনত ধৰ্মৰ সকলোপ্ৰকাৰৰ তত্ত্ব মাধবদেৱে আতাক দিলে।
মাধৱদেৱৰ আন চাৰিজন ভকত বৰবিষ্ণু আতা, মথুৰা দাস বুঢ়া আতা, নাৰায়ণ দাস ঠাকুৰ আতা আৰু ভবানীপুৰীয়া গোপাল আতাৰ পৰা ধৰ্মৰ চাৰি সুখ’ৰ কথা; “ছৈৰ তলৰ সুখৰ কথা’’, নাওৰাৰ তলৰ সুখৰ কথা’’, “মইজেলিৰ সুখৰ কথা’’, আৰু “কলয়াৰ সুখৰ কথা’’ সুধি জানি ল’বলৈ পৰামৰ্শ দিয়ে।
বৰপেটা সত্ৰত থাকি মথুৰাদাস বুঢ়া আতাৰ পৰা সকলোপ্ৰকাৰৰ সত্ৰীয়া ৰীতি-নীতি, কলা-সংস্কৃতি আয়ত্ত কৰি লয়।
বৰপেটা সত্ৰৰ চৌহদত তেওঁ বাস কৰা ঠাইখন বৰ্তমানো “বদলা আতাৰ ভিঠি’’ নামে সংৰক্ষিত কৰা আছে।
উল্লেখ্য যে, বৰপেটা সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত যি তিনিখন গুৰু আসন স্থাপন কৰা আছে, তাৰ এখন পদ্ম আতাৰ নামৰ আসন।
সেই আসনখনৰ ওপৰত ঠাৰিৰে সৈতে এটা পদুম ফুলৰ কলি আছে।
শংকৰদেৱ গুৰুজনাই পাটবাউসী সত্ৰ এৰি বেহাৰলৈ যোৱাৰ সময়ত মাধবদেৱক “বল-পৰাক্ৰম, শক্তি-ভক্তি’’ সকলো সমৰ্পন কৰি পাটবাউসীৰ সত্ৰাধিকাৰ পাতি থৈ গৈছে।
ঠিক তেনেদৰে, মাধবদেৱেও তেওঁৰ সকলো শক্তি-ভক্তি আৰু ধৰ্মৰ গূঢ় তত্ত্ব আতাক দি উজনিলৈ আচাৰ্য পাতি পঠিয়াই।
সেয়ে, মহাপুৰুষীয়া নাম-ধৰ্মত ’শংকৰদেৱ-মাধৱদেৱ-পদ্ম আতা’ক সমান বুলি মান্যতা দিয়া হয়।
“বাপু লৱ-নাতি, তুমি আমাৰ অভেদ আত্মা।
তোমাৰ লগত আমাৰ কোনো ভেদভাৱ নাই।
আমাৰ গাৰ বদল স্বৰূপে উজনিলৈ গৈ তাত ধৰ্ম প্ৰচাৰ কৰাগৈ’’- বুলি মহাপুৰুষ মাধৱদেৱে বাখ্যা আগবঢ়াই।
তেতিয়াৰ পৰাই পদ্ম আতা বদলা বা বদুলা আতা নামে প্ৰখ্যাত হয়।
ধৰ্মাচাৰ্যৰ দায়িত্ব লোৱাৰ পাছতেই কলানি ভেটি, হৰিপুখুৰীৰ পাৰ, চেচুকা, পচতীয়া ভেটি আদি ঠাইত গৈ স্থানীয় ভকতসকলৰ সৈতে নানা ধৰ্মালোচনা আৰু নাম-কীৰ্তন কৰি সত্ৰ স্থাপন কৰিবলৈ মনোমত ঠাইৰ সন্ধান কৰে।
পচতীয়াত নিজৰ সাঁচতীয়া এতোলা সোণেৰে জমদগ্নি নামৰ এজন লোকৰ এখন আহল-বহল বাৰী কিনি তাতে বহাঘৰ, কীৰ্তনঘৰ সাজি প্ৰথম সত্ৰ স্থাপন কৰে।
সেইখনেই বৰ্তমানৰ বদলা পদ্ম আতা সত্ৰ।
তাৰ পিছত তেওঁৰ শিষ্য পুৰুষোত্তম বৰুৱাৰ বাৰীত চাৰিফালে চাৰি হাটীৰ নিদৰ্শনত ঘৰ স্থাপন কৰি ১৫৯৫ শকাব্দত সত্ৰ স্থাপন কৰি পদ্ম আতা তাতে নিগাজী হয়।
সেই খনেই কমলাবাৰী সত্ৰ। পদ্ম আতাই স্থাপন কৰা শেষ সত্ৰ।
১৫৯৮ চনৰ ভাদ মাহৰ শুক্লা একাদশী তিথিত কমলাবাৰী সত্ৰত তেওঁ জীৱন নাটৰ সামৰণি মাৰে।
তেওঁ অসমৰ জাতীয় জীৱন তথা সমাজ জীৱনলৈ যিখিনি অৱদান আগবঢ়াই থৈ গৈছে সেইয়া চিৰস্মৰণীয় হৈ থাকিব। লগতে নৱ-প্ৰজন্মৰ বাবে প্ৰেৰণা উৎস হৈ ৰ’ব।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰক Rnewsindia24.com
Sangita Dutta Editor in Chief Rnewsindia24.com