■ ২১ জুলাই ২০২৫
অসমৰ জাতীয় জীৱনৰ এক অবিস্মৰণীয় সত্তা মহীচন্দ্ৰ মিৰিৰ জন্ম হৈছিল
১৯০২ চনৰ ২১ জুলাই তাৰিখে ঢকুৱাখনাৰ খেৰকটা নদীৰ পাৰত অৱস্থিত আলিমূৰ মিচিং গাঁৱত।
তেওঁৰ দেউতাকৰ নাম আছিল দলে মিৰি আৰু মাকৰ নাম পঞ্চমী মিৰি।
মহীচন্দ্ৰ মিৰি অসমৰ প্ৰথম অসমীয়া মুখ্য বন সংৰক্ষক বিষয়া আছিল।
তেখেত একেধাৰে আছিল সু-দক্ষ, দুৰদৰ্শী, বৰেণ্য শিক্ষাবিদ, সমাজ সংস্কাৰক, প্ৰকৃতিপ্ৰেমী তথা প্ৰকৃতিকৰ্মী।
এই গৰাকী আপোচবিহীন, সৎ, সাহসী, নিষ্ঠাবান বন বিষয়াৰ বলিষ্ঠ নেতৃত্ব তথা অক্লান্ত পৰিশ্ৰম আৰু ত্যাগৰ ফলত ভাৰত গৌৰৱ “কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান” খন আজি বিশ্বৰ এখন অন্যতম ৰাষ্ট্ৰীয় উদ্যান অৰ্থাৎ (বিশ্ব ঐতিহ্য ক্ষেত্ৰ) হিচাপে স্বীকৃতি লাভ কৰিছে।
অসমৰ জাতীয় পশু এশিঙীয়া গঁড়ৰ বিষয়ে তেখেতেই বিশ্ববাসীক অৱগত কৰায়।
কাজিৰঙাৰ অৰণ্যত এটা টিলাৰ ওপৰত বহি বাইন’কুলাৰ আৰু বন্দুক লৈ তেখেতে অৰণ্য তদাৰক কৰিছিল।
২০০৩ চনৰ কাজিৰঙা বন মহোৎসৱত অসম চৰকাৰে সেই টিলাটো চৰকাৰীভাৱে “মহীমিৰি টিলা” নামেৰে নামাকৰণ কৰে।
অসমৰ জাতীয় জীৱন আৰু প্ৰকৃতি ক্ষেত্ৰখনলৈ আগবঢ়োৱা অমূল্য অৱদান বাবে মিচিং স্বায়ত্তশাসিত পৰিষদে মিৰি দেৱৰ সোঁৱৰণত “মহীচন্দ্ৰ মিৰি সামাজিক বনানীকৰন ২০৩০” নামেৰে ২০১৩ চনৰ পৰা এক বিশেষ বনানীকৰন আঁচনি ৰূপায়ন কৰি আহিছে।
মহীচন্দ্ৰ মিৰি কেৱল এগৰাকী সুদক্ষ চৰকাৰী কৰ্মচাৰীয়েই নহয়, তেওঁ এজন নিষ্ঠাৱান সমাজসেৱক আৰু কৃতি সাহিত্যিক আছিল।
তেখেত মিচিং জনগোষ্ঠীৰ প্ৰথম গৰাকী বিজ্ঞান শাখাৰ স্নাতক ডিগ্ৰীধাৰী আছিল।
এক কথাত মহীচন্দ্ৰ মিৰি এজন ব্যক্তি নহয়, তেওঁ হৈছে এক অনুষ্ঠান।
মহীচন্দ্ৰ মিৰিয়ে ১৯২৩ চনত গণিতত ডিষ্টিংচনসহ শিৱসাগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰে।
কটন কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত মেজৰ সহ ১৯২৭ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
তেওঁ এগৰাকী কৃতি খেলুৱৈও আছিল।
চুটিং, মাছমৰা, হাতীৰ পিঠিত উঠা, সাপ ধৰা আদিত তেওঁ বৰ পাকৈত আছিল।
১৯২৯ চনত মহী মিৰি আৰু মাধৱ ভট্টাচাৰ্য্যক ইম্পিৰিয়েল ফৰেষ্ট চাৰ্ভিচৰ বাবে বাচনি কৰে আৰু ৰেংগুনৰ ফৰেষ্ট কলেজত প্ৰশিক্ষণৰ হকে প্ৰেৰণ কৰে।
সন্মানীয় ইম্পিৰিয়েল ফৰেষ্ট চাৰ্ভিচৰ পদৰ বাবে বাচনী কৰা তেওঁলোক দুজনেই প্ৰথম অসমীয়া।
মহীচন্দ্ৰ মিৰিক ১৯৩১ চনত গুৱাহাটীত এক্সট্ৰা এচিষ্টেণ্ট কনজাৰভেটৰ অফ ফৰেষ্ট হিচাপে নিযুক্তি দিয়ে।
১৯৩৪ চনত তেওঁক গোলাঘাট স্থিত তেতিয়াৰ “Kaziranga game sanctuary”-ৰ বাগৰী ৰেঞ্জৰ মুখ্যালয়লৈ বদলি কৰে।
১৯৩২ চনত মহী মিৰিয়ে সোণাধৰ সেনাপতিৰ জ্যেষ্ঠা কন্যা “ইন্দিৰা মিৰি”ৰ সৈতে বিয়াপাশত আবদ্ধ হয়।
ইন্দিৰা মিৰি আছিল অসমৰ বৰেণ্য শিক্ষাবিদ, বিদূষী মহিলা, এ’ডিনবৰা বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰা এগৰাকী উচ্চ শিক্ষিত নাৰী লগতে বহুকেইবাখন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষা।
এই বৰেণ্য নাৰী গৰাকীয়ে জীৱনযোৰা সাধনা, অসীম ত্যাগ আৰু নিৰলস অধ্যৱসায়েৰে উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰ খনলৈ অমূল্য অৱদান আগবঢ়াই থৈ গৈছে।
তেওঁৰ বৰ্ণময় জীৱন পৰিক্ৰমা নৱ-প্ৰজন্মৰ বাবে প্ৰতিপল সাহস আৰু অনুপ্ৰেৰণাৰ উৎস।
সৰুকালত ইন্দিৰা মিৰিৰ নাম মেৰেং আছিল, সেই কাৰণেই অসমৰ বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীয়ে ইন্দিৰা মিৰিৰ জীৱনভিত্তিক উপন্যাসখন “মেৰেং” নামেৰে লিখিছিল।
ইন্দিৰা মিৰিয়ে শিক্ষাক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে ভাৰত চৰকাৰে ১৯৭৭ চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰে।
অসম চৰকাৰে ইন্দিৰা মিৰি সোঁৱৰণত “ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেন্সন আঁচনি” নামেৰে এক বিধৱা পেন্সন আঁচনি ৰূপায়ন কৰি আহিছে।
এই আচনি অধীনত ৰাজ্যৰ ১৮ বছৰ বয়সৰ পৰা ৫৯ বছৰ বয়সৰ বিধৱা মহিলাক পেঞ্চন যোগান ধৰে।
উক্ত আঁচনিত বিধৱা মহিলালৈ ২৫,০০০ টকা একঁকালীন আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে বিধৱা মহিলা গৰাকীৰ ৬০ বছৰ বয়সলৈকে মাহিলী ৩০০ টকাকৈ পেঞ্চন আগবঢ়াই।
১৯৮৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ডি লিট উপাধি প্ৰদান কৰিছিল।
মহীচন্দ্ৰ মিৰি আৰু ইন্দিৰা মিৰিৰ দুটি সন্তান, ড॰ মৃণাল মিৰি আৰু উৎপল মিৰি।
ড॰ মৃণাল মিৰি ভাৰতবৰ্ষৰ এগৰাকী সু-প্ৰতিষ্ঠিত দাৰ্শনিক আৰু শিক্ষাবিদ।
শিক্ষা – সাহিত্য ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক পদ্মভূষণ সন্মানেৰে বিভূষিত কৰিছে।
আনহাতে ২০১২ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ড॰ মৃণাল মিৰিক ৰাজ্যসভালৈ মনোনীত কৰে।
১৯৩৯ চনৰ ২৯ জুলাই তাৰিখে ক’লাজ্বৰত আক্ৰান্ত হৈ মহীচন্দ্ৰ মিৰিৰ মৃত্যু হয় ।
জীৱনজোৰা সাধনাৰে অসমৰ সমাজ জীৱনলৈ মহীচন্দ্ৰ মিৰিয়ে আগবঢ়াই থৈ যোৱা অমূল্য অৱদান সমূহ যুগ-যুগান্তৰলৈ প্ৰতিজন অসমীয়াই স্মৰণ কৰি থাকিব।
লগতে তেওঁৰ আদৰ্শ তথা কৰ্মৰাজীয়ে অসমৰ নৱ-প্ৰজন্মক প্ৰতিপল অনুপ্ৰাণিত কৰিব।
প্ৰিয় পাঠক, এনেধৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা সমূহ জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com
Sangita Dutta Editor in Chief Rnewsindia24.com