বিশিষ্ট সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়া ।

Spread the love

চন্দ্ৰপ্ৰসাদ শইকীয়াঃ
অসমীয়া সাহিত্য জগতৰ এজন গল্পকাৰ আৰু ঔপন্যাসিক।

১৯২৭ চনৰ ৮ জুলাইত শিৱসাগৰৰ আমগুৰিৰ জালুকগাঁৱত জন্ম হয়।

তেখেতৰ পিতৃ নাম দুৰ্লভ চন্দ্ৰ শইকীয়া আৰু মাতৃ নাম দুৰ্গেশ্বৰী শইকীয়া।

১৯৩৮ চনত আমগুৰি এম. ই. বিদ্যালয়ত আৰু ১৯৪১ চনত জাঁজী হাইস্কুলত নামভৰ্তি কৰে।

১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰে।

১৯৪৩ চনত স্বাধীনতা আন্দোলনত অংশগ্ৰহনত গ্ৰেপ্তাৰ হৈ চাৰিমাহ কাৰাবাস খাতিবলগীয়া হৈছিল।

১৯৪৫ চনত মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা।

১৯৪৭ চনত আই. এ. পৰীক্ষাত উত্তীৰ্ণ হৈ কটনৰ স্নাতক মহলাত নামভৰ্তি কৰে।

১৯৫০ চনত ইংৰাজীত অনাৰ্চসহ বি.এ. পৰীক্ষাত উত্তীৰ্ণ হয়।

১৯৫১ চনত কলিকতা বিশ্ববিদ্যালয়ত এম. এ.ত নামভৰ্তি কৰে।

১৯৫৪ চনত ইংৰাজী বিষয়ত এম. এ. উত্তীৰ্ণ হয়।

১৯৫৬ চনত ‘দ্য আচাম ট্ৰিবিউন’ ত উপ সম্পাদক ৰূপে যোগদান কৰে।

১৯৫৬ চনৰ ১০ মাৰ্চত প্ৰভা দাসৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।

১৯৬৩ চনত ‘দ্য আচাম ট্ৰিবিউন‘ ত্যাগ কৰি অসম বাতৰিত যোগদান কৰে।

১৯৬৪ চনত চুটি গল্প সংকলন ‘মায়ামৃগ’ প্ৰকাশ পায়।

১৯৬৬ চনত সম্পাদক ৰূপে ‘মণিদ্বীপ‘ মাহেকীয়া সাহিত্য আলোচনী ত যোগদান কৰে।

১৯৬৭ চনত অসম বাতৰি ত্যাগ কৰি অসম প্ৰকাশন পৰিষদ সচিবৰ দায়িত্ব গ্ৰহণ কৰে।

১৯৬৮ চনত মাহেকীয়া সাহিত্য আলোচনী ‘অসমীয়া‘ৰ সম্পাদক হয়।

১৯৬৯ চনত উপন্যাস ‘এদিন‘ প্ৰকাশ পায়।

১৯৭২ চনত “উত্তৰকাল” উপন্যাস প্ৰকাশ পায়।

মিচিং স্বায়ত্তশাসিত পৰিষদ Mising Autonomous Council Secretariat Gogamukh
মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।

১৯৭৪ চনত “নাচপতিফুল” চুটি গল্প সংকলন প্ৰকাশ পায়।

১৯৭৫ চনত অসমীয়া আলোচনী ‘প্ৰকাশ‘ৰ সম্পাদক হয়।

১৯৭৬ চনত উপন্যাস ‘জন্মান্তৰ‘ প্ৰকাশ পায়।

১৯৮৬ চনত অসম প্ৰকাশন পৰিষদৰ সচিব পদ ত্যাগ কৰে।

১৯৮৭ চনত চুটি গল্পৰ সংকলন ‘চক্ৰৱত‘ প্ৰকাশ কৰে।

১৯৮৮ চনত দৈনিক কাকত ‘নতুন দৈনিক’ৰ সম্পাদক হয়।

১৯৮৯ চনত চুটি গল্পৰ সংকলন ‘অংগীকাৰ‘ প্ৰকাশ পায়।

১৯৯৫ চনত ‘মহাৰথী‘ উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।

১৯৯৬-৯৮ চনত গৰিয়সীৰ বাবে ‘কথা’ বঁটা লাভ কৰে।

১৯৯৮ চনত ‘অসম বাণী’ৰ সম্পাদক হয়।

১৯৯৯ চনত ‘তোৰে মোৰে আলোকৰে যাত্ৰা‘ৰ ২য় খণ্ড প্ৰকাশ পায়।

২০০৬ চনৰ ৮ আগষ্টত মৃত্যু হয়

তেখেতৰ জন্মবাৰ্ষিকীত সশ্ৰদ্ধ প্ৰনাম।

 

সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *