কচুৰ এই গুন জানি চক খাব আপুনি। মহিলাসকলে কিয় কচু খাব লাগে ? কি ঔষধি গুন আছে কচুৰ ?
মহিলাসকলে কিয় কচু খাব লাগে?
অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰ সমূহৰ ভিতৰত কচু শাকৰ বিভিন্ন ব্যঞ্জন লেখত লবলগীয়া।
কণ বিলাহী আৰু মাছেৰে বনোৱা কচুথোৰৰ জোল, তিতাভেকুৰীৰ লগত কচুথোৰৰ আঞ্জা, মাগুৰ, শিঙি আদি মাছৰ লগত বনোৱা কচুথোৰৰ জালুকীয়া আঞ্জাখন খাই হলে বৰ ভাল লাগে।
মোৰ কচু আটাইতকৈ প্ৰিয়।
কিছুমান মানুহে কোৱা শুনো কচু খালে খজুওৱাই।
কচুৰ গুনেই হৈছে খাওঁতাজনক খজুওৱা।
এতিয়া মই কওঁ শুনক-থুৰি কচুৰ ব্যঞ্জন বনাওতে কচু খিনি অলপ ৰ’দত শুকুৱাই ললে খাওঁতে নখজুৱায় নহলে
কচু বইল কৰি পানী খিনি পেলাই লব লাগে ,তাৰ পিছত যি ব্যঞ্জন বনায় বনাব পাৰে।
এইদৰে কৰিলে কচু খাওঁতে নখজুৱায়।
প্ৰসূতি তিৰোতাৰ বাবে জাল বনাই খুওৱা পৰম্পৰা আজিও প্ৰচলিত।
কচুৰ ব্যঞ্জন সমূহ যথেষ্ট ঔষধি গুণসম্পন্ন আৰু বহু ৰোগত উপকাৰী।
কচু আৰু কচু শাক দুয়োটাতেই আছে প্রচুৰ পৰিমাণে ভিটামিন এ, বি, চি, কেলচিয়াম আৰু লো।
ভিটামিন A জাতীয় খাদ্যই কুকুৰী কণা ৰোগ প্রতিৰোধ কৰে আৰু ভিটামিন C য়ে শৰীৰৰ ক্ষত নিৰাময়ত সহায় কৰে।
সেয়ে মহিলাসকলে ভিটামিন আৰু আয়ৰনৰ চাহিদা পূৰণৰ বাবে কচু খাব পাৰে।
খাদ্যৰ উপযোগী কচুৰ জাতবোৰ হ’ল বহুমুখী কচু, পঞ্চমুখী কচু, মান কচু, ওল কচু ইত্যাদি।
কচুৰ ব্যঞ্জন সমূহ যথেষ্ট ঔষধি গুণসম্পন্ন আৰু বহু ৰোগত উপকাৰী।
কচু শাকত প্ৰচুৰ পৰিমাণে প্ৰটিন, আঁহ, বিভিন্ন প্ৰকাৰৰ ভিটামিন যেনে ভিটামিন A, ভিটামিন B যৌগ , ভিটামিন C, ভিটামিন E, অমেগা 3 ফেটি এচিড, অমেগা 6 ফেটি এচিড, বিভিন্ন প্ৰকাৰৰ খনিজ যেনে কেলচিয়াম,আইৰণ, মেংগানিজ, মেগনেছিয়াম,কপাৰ, ফচফৰাছ,জিঙ্ক,ছিলেনীয়াম আদি পোৱা যায়।
এতিয়া আহোঁ কচুৰ উপকাৰিতাৰ বিষয়েঃ
১/ ৰক্তহীনতা ৰোগত কচু উপকাৰী।
কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ,ভিটামিন B6 আৰু ফলেট থাকে।
২/কলেষ্টৰলৰ সমস্যা থাকিলে কচু শাক খালে সুফল পোৱা যায়।
ইয়াত থকা মিথিয়নিন আৰু আহে কলেষ্টৰল আৰু ট্ৰাইগ্লিচাৰাইড নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
৩/উচ্চ ৰক্তচাপ আৰু হাৰ্টৰ বিভিন্ন ৰোগত কচু শাক উপকাৰী।
ইয়াত থকা পতাচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। আৰু ইয়াত থকা ভিটামিন B6 এ হ’ম’চিষ্টিন নামৰ যৌগ বিধৰ নিয়ন্ত্ৰণ কৰি হাৰ্টৰ বিভিন্ন ৰোগ আৰু স্ট্রোক হোৱাত বাধা প্ৰদান কৰে।
৪/ইয়াত থকা কেলচিয়ামে আমাৰ হাড় আৰু দাঁত মজবুত ৰখাত সহায় কৰে।
৫/গৰ্ভৱতী তিৰোতাই মাজে সময়ে কচু শাক খাব লাগে।
কাৰণ ইয়াত আইৰণ, ফলেট আছে যিয়ে ৰক্তহীনতা দূৰ কৰে।
ইয়াৰ উপৰিও ভ্ৰূণৰ স্বাভাৱিক বিকাশ আৰু স্নায়ুতন্ত্রৰ বিকাশত ইয়াত থকা ফলেট উপকাৰী।
৬/ইয়াত থকা আঁহৰ বাবে ই কোষ্ঠ কাঠিন্য আৰু IBS ৰোগত উপকাৰী।
৭/প্ৰচুৰ পৰিমানে ভিটামিন আৰু খনিজ লৱন থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাবৃদ্ধি কৰে।
৮/ভিটামিনৰ অভাৱত বা বীজাণু সংক্ৰমণ জনীত মুখত ঘাঁ হলে কচু খালে সুফল পোৱা যায়।
হালধি পাতত থুৰি কচু, জালুক কেইটামান, নহৰু কেইফুটামান,নেমুৰ আগ দুটামান দি জুইত সেকি পিটিকা কৰি খাব লাগে।
৯/ প্ৰসূতা তিৰোতাক মাগুৰ,শিঙি, গৰৈ, কাৱৈ আদি কাঠ মাছৰ লগত কচু থুৰীৰ জালুকীয়া খাবলৈ দিয়া হয়।
এইবিধ ব্যঞ্জনে প্ৰসূতি গৰাকীৰ শৰীৰত হিমগ্লবিনৰ নাটনি হোৱাত বাধা দিয়াৰ লগতে গৰ্ভাশয়ক স্বাভাৱিক অৱস্থালৈ অনাত সহায় কৰে। তদুপৰি ইয়াত জালুক দিয়া হয় বাবে দুগ্ধ উৎপাদনত সহায় হয়।
সাধাৰণতে কেঁচুৱা জন্মৰ ৩ বা ৫দিনত কচু থুৰিৰ জালুকীয়া খাবলৈ দিয়া হয়।
ই সম্পূৰ্ণ বিজ্ঞানসন্মত ব্যঞ্জন।
কচু শাক খোৱাৰ নীতি নিয়ম আৰু লব লগা সাৱধানতাঃ
১/কিডনি ষ্টোন হলে কচু খোৱা অনুচিত।
কিয়নো ইয়াত থকা প্ৰচুৰ পৰিমাণৰ কেলচিয়াম অক্সলেটে পাথৰ ডাঙৰ হোৱাত সহায় কৰে।
বেছিভাগ কিডনী স্টোন অক্সলেট স্টোন হয়।
সেয়েহে পাথৰ হোৱা ৰোগীয়ে কচু খোৱা অনুচিত।
২/ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন A থাকে।
অত্যাধিক খালে লিভাৰত বেছি পৰিমাণে ভিটামিনA সঞ্চিত হয়।
ভিটামিন A ফেটত হে দ্ৰবিত হয়।
সেয়েহে লিভাৰৰ বিভিন্ন ৰোগ যেনে জণ্ডিচ, ফেটি লিভাৰ, লিভাৰ বৃদ্ধি আদিত কচু বেছি নোখোৱাই ভাল। অন্যথা লিভাৰৰ ওপৰত অতিৰিক্ত বোজা আহি পৰে।
৩/এলাৰ্জি জনীত বহু ৰোগত কচু অপথ্য।
কাৰণ তেনে অৱস্থাত ৰোগৰ উপদ্ৰৱ বৃদ্ধি হব পাৰে।তদুপৰি কিছুমান লোকৰ কচু খালেও এলাৰ্জী হয়।
গতিকে এলাৰ্জি হোৱাৰ সময়ত কচু নাখাব।
৪/অৰ্শ ৰোগত কচু থুৰি খাব নালাগে।
কাৰণ ইয়াত বেছিকৈ লৌহ বা আইৰণ আছে।
গতিকে বেছিকৈ কচু খালে কৌষ্ঠকাঠিন্য হৈ ৰোগৰ বৃদ্ধি হব পাৰে।
অৱশ্যে অৰ্শ ৰোগত উলকচু উপকাৰী।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24