কি কি কাৰনত উচ্চ ৰক্তচাপ বৃদ্ধি হয় আৰু নিৰাময়ৰ উপায় কি ? এই ৰোগত ভুগি আছে যদি আপোনাৰ বাবে এই প্ৰতিবেদন।

Spread the love

আমাৰ প্ৰায় সকলোৰে উচ্চ ৰক্তচাপৰ সমস্যা আছে।

কিছুমান সাৱধানতা অৱলম্বন কৰি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰি।

উচ্চ ৰক্তচাপে হৃদৰোগ, ষ্ট্র’ক, বৃক্ক ৰোগ, চকুৰ ৰোগ আদি জটিল ৰোগ সৃষ্টি কৰিব পাৰে৷

জানো আহক উচ্চ ৰক্তচাপৰ কাৰনসমূহ হ’ল :- ধূমপান কৰা, শৰীৰৰ বর্ধিত ওজন, শাৰীৰিক পৰিশ্রমৰ অভাৱ, খাদ্যত অতিমাত্রা নিমখ, বেছিকৈ মদ্যপান কৰা, মানসিক চাপ, বয়োজ্যেষ্ঠ লোক, বংশগত, বৃক্কৰ ৰোগ, থাইৰয়ডৰ ৰোগ, ডায়েবেটিছ, মূৰ বিষ, মূৰ ঘুৰুৱা, টোপনি কম হোৱা, হাৰ্টৰ ধপধপনি বৃদ্ধি পোৱা, সহজতে ভাগৰ লগা, বুকু ধপধপোৱা, বুকুৰ বিষ আদি।

এতিয়া জানো আহক উচ্চ ৰক্তচাপ কেনেকৈ প্রতিৰোধ কৰিব পাৰি :-

১) পুষ্টিকৰ খাদ্য খাওক।
যেনে- ফলমূল, শাক–পাচলি, মাছ, মুর্গীৰ মাংস আদি।

২) চর্বিজাতীয় খাদ্য নাখাব৷ পটাছিয়ামে উক্ত ৰক্তচাপ প্রতিৰোধ আৰু নিয়ন্ত্রণ কৰাত সহায় কৰে৷
পটাছিয়ামযুক্ত খাদ্যসমূহ হৈছে– আলু, কল, ৰাজমাহ, পালেং শাক, ডালিম, নাৰিকলৰ পানী আদি৷

৩) খাদ্যত নিমখৰ পৰিমাণ কমাই দিব আৰু কমাই খাব।

৪) শাৰীৰিক পৰিশ্রম যেনে– খোজ কঢ়া বা ব্যায়াম কৰক৷

৫) মদ্যপানৰ মাত্রা হ্রাস কৰক, সুৰাই ৰক্তচাপ বৃদ্ধি কৰে৷

৬) ধূমপান বর্জন কৰক৷

৭) মানসিক চাপ হ্রাস কৰক, যোগ–ব্যায়াম, ধ্যান কৰা (মেডিটেচন), ব্যায়াম আদিৰ দ্বাৰা মানসিক চাপ হ্রাস কৰক।

৯৷ কেলচিয়ামযুক্ত খাদ্য খাওক৷
যেনে- দৈ, পনীৰ আদিত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে৷

১০) নহৰুৱে উচ্চ ৰক্তচাপ হ্রাস কৰে।

১১) উচ্চ ৰক্তচাপ থকা ৰোগীৰ বাবে ৰাতি টোপনি অত্যাৱশ্যকীয়।
যদি আপুনি নিশা ভালদৰে টোপনি নাহে, ৰক্তচাপ বৃদ্ধি হ’ব পাৰে।

 

মিচিং স্বায়ত্তশাসিত পৰিষদ
মিচিং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

গতিকে আপুনি যদি উচ্চ ৰক্তচাপত ভুগি আছে আজিৰ পৰা এইকেইটা উপায়ে শৰীৰটো ভালে ৰাখক।

 

কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *