৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।
Rnewsindia24.com, October 4/2022:-
1. দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ৰ বাতৰি সংগ্ৰহ কৰাৰ বাবে সাংবাদিকে দিব লাগিব Character certificate.
কাইলৈ হিমাচল প্ৰদেশত নিৰ্বাচনি প্ৰচাৰ চলাবৰ বাবে যাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
হিমাচল প্ৰদেশত নিৰ্বাচনি প্ৰচাৰ সভাৰ বাবে জাৰি কৰিছে এই নিৰ্দেশনা।
2. জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্ৰধান হেমন্ত লোহিয়াৰৰ হত্যা।
নিশা বাসগৃহতে DGP হেমন্ত লোহিয়া ক হত্যা কৰা হয়।
DGP হেমন্ত লোহিয়াৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত য়াছিৰ আহমেদক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিছে জম্মু-কাশ্মীৰৰ আৰক্ষীয়ে।
3. পদাৰ্থ বিজ্ঞানী এলাইন এস্পেক্ট, জন এফ ক্লজাৰ আৰু এণ্টন জেইলিংগাৰলৈ
২০২২ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা।
4. আজি মহানৱমী।
প্ৰাগ নিউজৰ CMD ড° সঞ্জীৱ নাৰায়ণৰ বাসভৱনত অনুষ্ঠিত দুৰ্গা পূজাত উপস্থিত ৰাজ্যপাল অধ্যাপক জগদীশ মুখী।
জালুকবাৰী সমষ্টিৰ বিভিন্ন পূজা মণ্ডপত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
তিনিচুকীয়াত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷
চামগুৰিৰ আমনিস্থিত SIPRD উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা।
ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত মিলনজ্যোতিত আশীষ ল’লে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।
5. হিমন্ত চৰকাৰৰ বৃহৎ ঘোষনা।
মাটি-বাৰীৰ কাম পূৰ্বতকৈ সহজ হ’ব।
ভূমিহীন লোকে লাভ কৰিব ভূমিপট্টা।
শীঘ্ৰে আহি আছে মিছন বসুন্ধৰা ২.০
VGR-PGR ত বাস কৰা লোকে লাভ কৰিব ভূমিৰ পট্টা।
ৰাজ্যত অতিশীঘ্ৰে মুকলি কৰা হব E-KHAJANA পৰ্টেল।
6. ৰাষ্ট্ৰীয় ক্ৰীড়াত ২০০ মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰিলে হিমা দাসে।
7. ৰাষ্ট্ৰীয় ক্ৰীড়াত দ্বিতীয়টো স্বৰ্ণ পদক জয় কৰিলে এথলিট অম্লান বৰগোহাঁইয়ে।
8. পূজাৰ মাজতেই কলকাতাত দেখা গ’ল এক আচৰিত দৃশ্য।
দুৰ্গা গোঁসানীয়ে মহিষাসুৰক বধ কৰাৰ পৰিৱৰ্তে দেখা গ’ল জাতিৰ পিতা মহাত্মা গান্ধীক বধ কৰাৰ দৃশ্য।
কলকাতাৰ কচবা নামৰ অঞ্চলত অখিল ভাৰতীয় হিন্দু মহাসভাই আয়োজন কৰা পূজাৰ অসুৰৰ স্থানত মহাত্মা গান্ধী সদৃশ মূৰ্তি স্থাপন কৰা হয়।
এতিয়া সেই পূজাৰ ফটো বিয়পি পৰা সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
9. আজিৰ পৰা বটদ্ৰৱা থানত আৰম্ভ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী উৎসৱ।
ধৰ্মীয় পৰম্পৰাৰে অনুষ্ঠিত গুৰুজনাৰ জন্মজয়ন্তী উৎসৱলৈ পুৱাৰে পৰা আগমন ঘটিছে দূৰ-দূৰণিৰ তীৰ্থযাত্রী তথা ভকত বৈষ্ণৱৰ।
10. শৰাইঘাট দলঙত অঘটন।
দলঙৰ পৰা জপিয়াই আত্মহত্যা কৰাৰ চেষ্টা কৰে এজন লোকে।
উল্লেখ্য যে শৰাইঘাট দলঙৰ পৰা ব্রহ্মপুত্র নদীত জাপ দি আত্মাহত্যাৰ চেষ্টা চলাই যদিও ব্ৰহ্মপুত্ৰৰ পৰা উদ্ধাৰ কৰে লোকজনক।
11. বটদ্ৰৱা সমষ্টিৰ গ্ৰাম্যাঞ্চলৰ সোনাই নদীৰ পাৰত নৈসৰ্গিক পৰিবেশত অনুষ্ঠিত পূজাত সেৱা লৈ মন্ত্ৰী পিযুষ হাজৰিকাই গৌৰীনাথ মন্দিৰৰ উন্নয়নৰ বাবে পাঁচ লাখ টকা আগবঢ়ায়।
12. গোৱালপাৰাৰ আগিয়াত এক লজ্জাজনক কাণ্ড সংঘটিত হৈছে ।
৩ লম্পটৰ কামনাৰ বলি এগৰাকী স্কুলীয়া ছাত্রী।
13.মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক লৈ লিখা এটা কবিতা গামোচাত হাতে বৈ শালমাৰা সাৰ্বজনীন দুৰ্গা পূজাত মুখ্যমন্ত্ৰীক উপহাৰ দিলে মাইকণ ডেকা নামৰ আইতাগৰাকীয়ে।
আইতা মাইকণ ডেকাক শিল্পী পেন্সন দিয়াৰ আশ্বাস দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে।
14. পূজাৰ মাজতে ইণ্টাৰনেট কৰ্তন কৰিছে।
সন্ধিয়া ৭ বজালৈ নাই কোনোধৰণৰ ইণ্টাৰনেট সেৱা।
জম্মু-কাশ্মীৰৰ ৰাজৌৰি জিলাত গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ বাবে এই নিৰ্দেশনা জাৰি কৰিলে প্ৰশাসনে।
15. ৬ অক্টোবৰত সমগ্ৰ BTR ত চৰকাৰী বন্ধৰ ঘোষণা।
প্ৰাক্তন বিধায়ক কৰেন্দ্ৰ বসুমতাৰীৰ দেহাবসানৰ বাবে BTR চৰকাৰে ঘোষণা কৰিছে বন্ধৰ।
16. দেৱী বিসৰ্জনক লৈ নতুন নিৰ্দেশনা প্ৰশাসনৰ।
নিয়ম ভংগ কৰিলেই শাস্তিৰ সন্মুখীন হ’ব লাগিব পূজা কমিটী।
১/পুৱা ১০.৩০ বজাৰ পৰা নিদিষ্ট ঘাটত দিব পাৰিব বিৰ্সজন।
২/ বিৰ্সজন দিবলৈ প্ৰতিখন কমিটিৰ পৰা এখন গাড়ী নিবলৈ আহ্বান।
৩/ বাইক ৰেলী ৰ পৰা বিৰত থাকক, উচ্চ স্বৰত ডি জে বজাব নোৱাৰিব।
কামৰূপ জিলা প্ৰশাসনৰ পৰা জাৰি কৰা হৈছে এই নিৰ্দেশনা।
17. যোৰহাটত সুৰাসক্ত যুৱতীৰ তাণ্ডৱত লটি-ঘটি কৰিলে স্থানীয় লোক আৰু আৰক্ষীক।
প্ৰথমে হেলমেটেৰে প্ৰহাৰ এজনক, দুজনকৈ যুৱকৰ ম’বাইল ভাঙি চূৰমাৰ কৰিলে।
ইমানতো ক্ষান্ত নাথাকি যুৱতীগৰাকীয়ে বুকুত ধৰি গতিয়ালে আৰক্ষীক।
18. সোণাপুৰৰ নাজিৰাখাটত হেৰ’ইন জব্দ।
সোণাপুৰ টোলগে’টত এখন ট্ৰাকৰ পৰা আৰক্ষীয়ে জব্দ কৰে হেৰ’ইনখিনি।
মনিপুৰৰ পৰা গুৱাহাটীৰ অভিমুখে গৈ আছিল ট্ৰাক খন।
হেৰ’ইনখিনিৰ মূল্য প্ৰায় ১ কোটি টকা। ১৮ টা চাবোনৰ কেছত লুকুৱাই আনিছিল হেৰ’ইনখিনি।
ঘটনাৰ সন্দৰ্ভত আটক কৰে ট্ৰাক চালক জন হান্নানক আলীক ।
19.টিংখং সমষ্টিৰ পূজাত গীত গালে মন্ত্ৰী বিমল বৰাই।
ডিব্ৰুগড় সমষ্টিত ঢাক-ঢোল বজোৱাত ব্যস্ত বিধায়ক প্ৰশান্ত ফুকন।
আনহাতে বোকাখাতত নামতীৰ সৈতে ঢুলুকী বজালে মন্ত্ৰী অতুল বৰাই।
20. কংগ্ৰেছৰ কাৰ্যালয়ত সোমাবলৈ সাধাৰণ মানুহ ভীতিগ্ৰস্থ নহয়, সাধাৰণ মানুহে বিজেপিৰ কাৰ্যালয়ৰ কেম্পাছত সোমাবলৈয়ে ভয় খাব। দিল্লীত ছেভেন ষ্টাৰ, অসমত ফাইভ ষ্টাৰ হোটেলৰ দৰে বিজেপিৰ কাৰ্যালয়” – মন্তব্য কৰে বিধায়ক আব্দুৰ ৰশ্বিদ মণ্ডলে।