৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love

Rnewsindia24.com November 4/2022 :- 

1. আজি ছবিগৃহত নয়ন নীলিমৰ নতুন চবি ‘বন্ধু’।
প্ৰিভিয়াৰ চিনেমা হলত ‘বন্ধু’ ৰ প্ৰিমিয়াৰ শ্ব’।
উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

2. অসম চৰকাৰৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠান।
ব্যাইট ষ্টাৰ ইনভেষ্টমেণ্ট PVT.LTD.ৰ সৈতে চুক্তি।
গুৱাহাটি দ্বিতীয় চিকিৎসা মহাবিদ্যালয় শৈক্ষিক শাখাৰ আন্ত:গাঠনি উন্নয়নৰ বাবে এই চুক্তি কৰা হৈছে।
অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, ব্যাইট ষ্টাৰ ইনভেষ্টমেণ্ট PVT.LTD ৰ প্ৰতিষ্ঠাপক ৰাধাকৃষ্ণন দামানি।Himanta Biswa Sarma

 

3. লখিমপুৰৰ সোৱণশিৰি নদীত ভয়ংকৰ নাও দুৰ্ঘটনা।
কথমপি প্ৰাণ ৰক্ষা পৰিল ২২ জনকৈ যাত্ৰীৰ।
নদীত ডুব গ’ল ৩ খনকৈ মটৰচাইকেল ।
এছাৰকটাৰ পৰা খগা অভিমুখী আছিল নাওঁখন।

4. উৎকোচ লৈ লখিমপুৰত গ্ৰেপ্তাৰ কৰা হৈছে দুজন চৰকাৰী বিষয়াক।
গ্ৰেপ্তাৰ কৰে দুই ঘোচখোৰ বিষয়া তৰুণ চন্দ্ৰ মৰাং আৰু সমৰজ্যোতি শইকীয়া।
জলসম্পদ চক্ৰৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ত এই অভিযান।

5. “৬ নৱেম্বৰত ঘোষিত হ’ব তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল”- টুইটযোগে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

6. কোকৰাঝাৰত বিধ্বস্ত পথ পুনৰ নিৰ্মাণৰ দাবীত প্ৰতিবাদ।
চৰাইখোলা চাটাকাটি অঞ্চলৰ ৰাইজে যান-বাহন বন্ধ কৰি সাব্যস্ত কৰিছে এই প্ৰতিবাদ।

7. মঙলদৈত নিৰ্মাণ হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয়।
এছিয়ান ডেভলপমেণ্ট বেংকৰ সহযোগত, অসমৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগে নিৰ্মাণ কৰিব এই বিশ্ববিদ্যালয়।
৬ নৱেম্বত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয়ৰ ভূমিপূজন কৰিব।

8. ব্ৰাইট ষ্টাৰ ইনভেচমেণ্ট প্ৰাইভেট লিমিটেডে ১৫০ কোটি টকা দিব অসমক।
গুৱাহাটীত দ্বিতীয়খন মেডিকেল কলেজৰ আন্তঃগাথঁনি নিৰ্মাণৰ বাবে আগবাঢ়িছে।
প্ৰাগজ্যোতিষ মেডিকেল কলেজ নামেৰে গুৱাহাটীত হ’ব দ্বিতীয়খন মেডিকেল কলেজ।
২০২৪ চনৰ ভিতৰত শুভাৰম্ভ কৰা হ’ব দ্বিতীয় মেডিকেল কলেজখনৰ।
জনতা ভৱনত অসম চৰকাৰ আৰু ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছৰ মাজত MoU স্বাক্ষৰ অনুষ্ঠানত ক’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

9. ভিণ্টেজ কাৰ লৈ কাজিৰঙাত বিদেশী পৰ্যটক।
ভূটানৰ পৰা আহি উপস্থিত হৈছে ভিণ্টেজ কাৰ ৰেলী।
ৰেলীটোত আছে ৫০-৮০ দশকৰ বিখ্যাত কোম্পানীৰ গাড়ী।
আছে মাৰ্চিডিজ, আইষ্টেন হেলী, জাগুৱাৰ, ভলভ’, পৰ্ছ কোম্পানীৰ গাড়ীও।
পত্নী নিকোলাক লগত লৈ এৰিক নামৰ ব্যক্তিজন আহিছে কাজিৰঙালৈ।

10. পশ্চিম কাৰ্বিআংলঙৰ চিলডুবিৰ কপিলী নৈত সংঘটিত হৈছে নাও দুৰ্ঘটনা।
কথমপি প্ৰাণ ৰক্ষা ছাত্ৰ-ছাত্ৰীসহ ৩০ জন যাত্রীৰ।
নিৰাপদে উদ্ধাৰ কৰে আটাইকেইজন যাত্ৰীক।

11. গুৱাহাটী পৌৰ নিগমৰ অভিযান।
অভিযানত জব্দ কৰা হৈছে ২০ লাখ টকাৰ প্লাষ্টিক বেগ।
লখৰাৰ এটা গুদামত আৰক্ষীয়ে উদ্ধাৰ কৰিছে প্লাষ্টিক বেগসমূহ।

12. দক্ষিণ কামৰূপৰ চয়গাঁৱৰ খাৰাভাঙ্গাত ভয়ংকৰ পথ দুৰ্ঘটনা।
১৭ নং ৰাষ্ট্রীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হৈছে।
যাত্রীবাহী বাছ আৰু বালি কঢ়িওৱা ডাম্পাৰৰ মাজত সংঘৰ্ষ।
বাছখনত থকা ২০ জন যাত্ৰী আঘাতপ্ৰাপ্ত হৈছে।

13. “আজমলৰ আশাত চেঁচা পানী নহয়, বৰফৰ পানী ঢালি দিম”- মন্তব্য ৰকিবুল হুছেইনৰ।

14. “বাংলাদেশীক সন্তুষ্ট কৰিবলৈহে ধুবুৰীৰ পৰা কংগ্ৰেছৰ পদযাত্ৰা”- মন্তব্য পীযূষ হাজৰিকাৰ।

15. নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰাপক, প্ৰবীণ মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা শিল্পী ভোলা কটকীৰ দেহাৱসান।
বিগত ১৭ দিন ধৰি GMCHত চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী।

16. মহানগৰীত AIUDFৰ ষষ্ঠ সংখ্যক সাধাৰণ পৰিষদৰ বৈঠক৷
বৈঠকত অধ্যক্ষতা কৰিছে সাংসদ বদৰুদ্দিন আজমলে৷
AIUDF ৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে বিধায়ক সকলেও অংশ গ্ৰহন কৰে।
সভাপতি পদত পুনৰ নিৰ্বাচিত আজমল৷

17. সোণাৰিৰ সাপেখাতীত ২৯সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় আই মাতৃ, শিশু যুৱ সমাৰোহ আৰম্ভ।
অসমৰ বিভিন্ন স্থানৰ ভকত-বৈষ্ণৱৰ উপস্থিতিত উদুলি-মুদুলি সাপেখাতীৰ সুকুমাৰ বৰুৱা আৰু শিৱ প্ৰসাদ বৰুৱা সোৱৰণী সমন্বয় ক্ষেত্ৰ।

18. শোণিতপুৰৰ খনামুখত জব্দ কৰা হৈছে নকল সোণ।
বাছেৰে সৰবৰাহ কৰি থকাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে সোণখিনি।
জব্দকৃত সোণখিনিৰ মূল্য প্ৰায় ৩ লাখ টকা।
আৰক্ষীয়ে আটক কৰে য়াজ উদ্দিন আৰু শ্বৰিফুল ইছলামক।

19. হাইলাকান্দিত জব্দ কৰা হ’ল অবৈধভাৱে কঢ়িওৱা ইউৰিয়া সাৰভৰ্তি ট্ৰাক।
আৰক্ষীৰ জালত পৰিছে ট্ৰাক চালক ছামিউদ্দিন লস্কৰ।
ট্ৰাকখনৰ পৰা জব্দ কৰা হৈছে প্ৰায় ৪৮ বেগ ইউৰিয়া।
ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আলগাপুৰ আৰক্ষীয়ে।

20. কাৰ্বি আংলঙত ডেংগুৰ ভয়াৱহ ৰূপ।
৪জনকৈ ৰোগীৰ দেহত নতুনকৈ ধৰা পৰিল ডেংগু।
স্বাস্থ্যবিভাগৰ ফালৰ পৰা লোৱা হৈছে প্ৰয়োজনীয় পদক্ষেপ।

 

News Editor Sangita Dutta R News India 24 Sangita Dutta R News India 24

 

Leave a Reply

Your email address will not be published. Required fields are marked *