2. বিশিষ্ট পৰিচালক গুণসিন্ধু হাজৰিকাৰ দেহাৱসান।
৬০ৰ দশকত অসমীয়া চলচ্চিত্র জগতৰ এগৰাকী বিশিষ্ট পৰিচালক আছিল গুণসিন্ধু হাজৰিকা।
শনিবাৰে সন্ধিয়া ৭.৩০ বজাত শেষ নিশ্বাস ত্যাগ বিশিষ্ট পৰিচালকগৰাকীয়ে।
আজি নৱগ্রহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় চলচ্চিত্র পৰিচালকগৰাকীৰ।
3. যোৰহাট জিলাৰ মেলেং মেটেলীৰ আচাৰ্য ইলাৰাম দাস বাপ ঈশ্বৰ ক্ষেত্ৰত আয়োজিত সোণালী জয়ন্তী বৰ্ষৰ প্ৰাদেশীক অধিৱেশন আৰু মহা পালনামৰ আজি তৃতীয় দিন।
অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,
অশোক সিংহল, তপন গগৈ, কামাখ্যা প্ৰসাদ তাছা, ৰূপজ্যোতি কুৰ্মী, প্ৰতাপ চন্দ্ৰ মেধি, দেহেশ্বৰ বৰা, জনাৰ্দন দেৱগোস্বামী বাপ, সুদৰ্শন ঠাকুৰ, সন্ত কুমাৰ দাস, পাৰুল দেৱী দাস আৰু বহু গণ্য-মান্য ব্যক্তি।
“কলিয়াবৰৰ একশৰণ ভাগৱতী সমাজে স্থাপন কৰা পালনামৰ অনুষ্ঠানৰ বাবে ২ কোটি টকাৰ অনুদান, ৰংবঙৰ আধ্যাত্মিক ক্ষেত্ৰৰ বাবে ১ কোটি টকাৰ অনুদান, বেবেজীয়াৰ প্ৰশাসনিক ভৱনৰ বাবে ১ কোটি টকাৰ অনুদান প্ৰদান কৰিছোঁ” বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
4. আৰক্ষীৰ গুলীত মৃত্যু হয় ওড়িশাৰ স্বাস্থ্যমন্ত্ৰী নৱকিশোৰ দাস।
এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়তে স্বাস্থ্যমন্ত্ৰীগৰাকীলৈ লক্ষ্য কৰি
চাৰ্ভিচ ৰিভলভাৰেৰে ৫ জাঁই গুলীচালনা আৰক্ষী বিষয়াৰ৷
ইতিমধ্যে বিষয়াজনক গ্ৰেপ্তাৰ কৰা হৈছে৷
5. ভাৰতে ১৯ অনুৰ্ধ্বৰ মহিলা টি-২০ বিশ্বকাপ খিতাপ দখল কৰিলে।
চূড়ান্ত মেচত ইংলেণ্ডৰ বিৰুদ্ধে ৭ উইকেটত জয়ী টীম ইণ্ডিয়াই জিনিলে বিশ্বকাপৰ খিতাপ।
প্ৰথমে বেটিং আৰম্ভণিৰে ১৭.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ইংলেণ্ডে সংগ্ৰহ কৰে ৬৮ ৰান।
প্ৰত্যুত্তৰত ১৪ অভাৰতে ৩ উইকেটৰ বিনিময়ত বিজয় লক্ষ্যত উপনীত হ’ল টীম ইণ্ডিয়া।
6. পাকিস্তানত পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম।
পেট্ৰ’ল-ডিজেলৰ দাম প্ৰতিলিটাৰত ৩৫ টকাকৈ বৃদ্ধি পোৱাৰ বিপৰীতে ১৮ টকাকৈ বৃদ্ধি হৈছে কেৰাচিন তেলৰ দাম।
দেশখনত এতিয়া প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হ’লগৈ ২৪৯.৮০ টকা।