আমাৰ স্বাস্থ্যৰ বাবে নহৰু উপকাৰী আৰু অপকাৰী উভয়ে।
নহৰু খালে বহু বেমাৰ নাশ কৰে যদিও কিছুমান বেমাৰ সৃষ্টিও কৰে।
নহৰুত প্ৰটিন, ফেট, মিনাৰেল, ফাইবাৰ, কাৰবহাইড্ৰেট, কেলচিয়াম, ফচফৰাছ, আইৰণ, ৰিবফ্লাভিন, কেলচিয়াম, তাম, পটাছিয়াম, ভিটামিন চি আদিৰে ভৰপূৰ।
জানো আহক, কি কি ৰোগত নহৰু খাব নালাগেঃ-
ক) এচিডিটিৰ সমস্যা থকা লোকে নহৰু খোৱাৰ পৰা বিৰত থাকিব লাগে।
কাৰণ ইয়াক সেৱন কৰিলে আপোনাৰ সমস্যা বৃদ্ধি পাব পাৰে।
খ) যি সকল লোকৰ ঘামত গোন্ধ ওলায় আৰু মুখৰ দুৰ্গন্ধ ওলায় তেওঁলোকে নহৰু খাব নালাগে।
নহৰুত পোৱা চালফাৰ যৌগটোৱে দীৰ্ঘদিনলৈ মুখৰ দুৰ্গন্ধ সৃষ্টি কৰিব পাৰে, এনে পৰিস্থিতিত নহৰু সেৱন কৰিব নালাগে।
গ) দৈনিক নহৰু খোৱাৰ ফলত হৃদযন্ত্ৰৰ সমস্যা হব পাৰে।
কাৰণ নহৰু খালে পেটৰ এচিড বাঢ়ি যায় আৰু পেটৰ সমস্যা হব পাৰে।
ঘ) যদি আপুনি কোনো অস্ত্ৰোপচাৰ কৰিছে, তেন্তে নহৰু খোৱাৰ পৰা বিৰত থাকিব লাগে আৰু অস্ত্ৰোপচাৰৰ প্ৰায় ২ আৰু ৩ সপ্তাহৰ আগতে নহৰু এৰি দিব লাগে ।
নহলে সমস্যাই দেখা দিব পাৰে।
ঙ) অত্যাধিক নহৰুৰ সেৱনে আপোনাৰ ৰক্তচাপ হ্ৰাস কৰিব পাৰে।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে তেনেহলে নহৰু বৰ্জন কৰক আৰু নিৰোগী হৈ থাকক।
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ।
News Editor Sangita Dutta R News India 24