মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা !

মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা !
মৰিগাঁও ডিচেম্বৰ ৬: আৰক্ষী অধীক্ষক ড° নন্দ সিং বৰকলাৰ নেতৃত্বত মৰিগাঁও জিলা আৰক্ষীয়ে কেইবা লক্ষাধিক মূল্যৰ হেৰইন জব্দ কৰিবলৈ সক্ষম হয়।
ড্ৰাগছৰ বিৰুদ্ধে একপ্ৰকাৰ জেহাদ ঘোষণা কৰা মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ড° নন্দ সিং বৰকলাই জিলাখনৰ দায়িত্ব গ্ৰহণ কৰিয়েই জীৱন নাশক নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই যথেষ্টখিনি সফলতা আজুৰি আনিবলৈ সক্ষম হৈছে।
শুণ্য সহনশীল নীতি অৱলম্বন কৰি আৰক্ষী অধীক্ষক গৰাকীয়ে প্ৰাণঘাটি মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানক সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে।
উল্লেখ্য যে যোৱা শুক্ৰ বাৰে সন্ধিয়া মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ড° নন্দ সিং বৰকলাৰ নেতৃত্বত আৰক্ষী বাহিনীৰ এটি টহলদাৰি দলে মৰিগাঁও-জাগীৰোড সংযোগী পথৰ বঘৰাৰ পৰা কেইবা লক্ষাধিক মূল্যৰ বৃহৎ পৰিমাণৰ হেৰইন জব্দ কৰিবলৈ সক্ষম হয়। গোপন সূত্ৰৰ পম খেদি আৰক্ষী অধীক্ষক গৰাকীয়ে এই বৃহৎ পৰিমাণৰ হেৰইন জব্দ কৰাৰ উপৰিও বাইক এখনো জব্দ কৰে।
উঠি নৱপ্ৰজন্মক ধংসৰ গৰাহলৈ ঠেলি দিয়া মাদক দ্ৰব্যৰ বিৰুদ্ধে চলা যুদ্ধখন আগলৈও অব্যাহত ৰাখিবলৈ বিভিন্নজনে দাবী জনাইছে। শুক্রবাৰে বৃহৎ পৰিমাণৰ হেৰইন জব্দ কৰি জিলাখনৰ আৰক্ষী অধীক্ষক ড° নন্দ সিং বৰকলাই সাংবাদিকৰ আগত কি মন্তব্য ৰাখিলে শুনো আহক তেওঁৰ মুখৰ পৰাই।—
জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ ৰিপৰ্ট R News India 24