Mising Autonomous Council
Rnewsindia24.com Assam Oct 15/2023:-
1. মিহিমুখত মুকলি কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰৱেশদ্বাৰ।
উদ্যানখন মুকলি কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী অতুল বৰাই।
শুভাৰম্ভণী অনুষ্ঠানটিত উপস্থিত থাকে অসম চৰকাৰৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱ, বন বিভাগৰ জ্যেষ্ঠ বিষয়া সন্দীপ কুমাৰ, গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা সোণালী ঘোষ, বোকাখাতৰ মহকুমাধিপতি চিমী কৰণ, বিজেপিৰ গোলাঘাট জিলা সমিতিৰ সভাপতি দেৱপ্ৰদীপ বৰা, উদ্যানখনৰ অন্যান্য বিষয়াকে ধৰি স্থানীয় ৰাইজ।
2. জু-ৰোডৰ নৱ নিৰ্মিত উৰণ সেতু পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।
মহাপঞ্চমীৰ দিনা সন্ধিয়া ৫.৩০ বজাত মুকলি কৰা হ’ব উৰণ সেতুখন।
‘শ্ৰদ্ধাঞ্জলি সেতু’ নামেৰে নামাকৰণ কৰে নৱনিৰ্মিত উৰণ সেতুখন।
3. দিল্লীত ৰাজস্থান কংগ্ৰেছৰ স্ক্ৰীনিং কমিটীৰ বৈঠক।
গৌৰৱ গগৈৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এই বৈঠক।
বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী অশোক গেহলট, শচীন পাইলট, ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ সভাপতি গোবিন্দ সিং দোতাছাৰাৰ।
উপস্থিত থাকে চি পি যোশী, মধুসূদন মিস্ত্ৰী আৰু বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।
4. নলবাৰীত অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
আৰিকুছি দুৰ্গা মন্দিৰ প্ৰাংগনৰ পৰা পদযাত্ৰা আৰম্ভ কৰে।
এই অনুষ্ঠানৰ লগত সংগতি ৰাখি মৰোৱা শংকৰদেৱ ক্ষেত্ৰ বৰভাগত আয়োজিত এখন ৰাজহুৱা সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী গৰাকী, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বহু গণ্য মান্য ব্যক্তি।
5. দুৰ্নীতি নিবাৰক শাখাৰ জালত হোজাইৰ বিনাকান্দি খণ্ড উন্নয়ন বিষয়া শেৱালি চক্ৰৱৰ্তী।
১০ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হয় বিষয়া গৰাকী।
6. উত্তৰ ছিকিমৰ ৰাবমত ত্ৰিশক্তি ক’ৰ্পচৰ উদ্ধাৰ অভিযান।
সেনাই উদ্ধাৰ কৰে কুণ্ডন হাইড্ৰ’ পাৱাৰ প্ৰকল্পত কৰ্মৰত ৯৭গৰাকী শ্ৰমিক আৰু প্ৰায় শতাধিক স্থানীয় লোকক।
লোকসকলৰ মাজত বিতৰণ কৰে খাদ্য আৰু চিকিৎসা সামগ্ৰী।
7. নৰেন্দ্ৰ মোদীৰ গৰ্বা গীত ‘মাদী’ মুকলি।
নৱৰাত্ৰিৰ প্ৰথম দিনটোত গীতটি মুকলি কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
গীতটিত কণ্ঠদান কৰিছে দিব্য কুমাৰে।
8. মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা।
কইণ্টেইনাৰত খুন্দা দ্ৰুতবেগী মিনি বাছৰ।
দুৰ্ঘটনাত নিহত হয় ১২গৰাকী, আহত হয় ২৩গৰাকী ব্যক্তি।
ছত্ৰপতি সম্ভাজিনগৰত সংঘটিত হৈছে এই দুৰ্ঘটনা।
9. ইজৰাইলৰ প্ৰধানমন্ত্ৰীক ‘ডেভিল’ আখ্যা আছাদুদ্দিন ওৱেছিৰ।
ইজৰাইল-পেলেষ্টাইন যুদ্ধৰ এই জটিল সময়ছোৱাত গাজাৰ লোকসকলৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনায় AIMIM মুৰব্বী আছাদুদ্দিন ওৱেছিয়ে।
10. আজি গণশিল্পী জয়ন্ত হাজৰিকাৰ ৪৬ সংখ্যক মৃত্যু দিন।
বঙাইগাঁও জিলাৰ অভয়াপুৰীত কেশলিতাৰ উদ্যোগত অনুষ্ঠিত হয় স্মৃতি দিৱস।
দৰদী শিল্পীগৰাকীৰ গীতেৰে জীপাল হৈ পৰে অনুষ্ঠানটি।
উপস্থিত থাকে বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।
11. জুৰীয়াৰ তিনিচুকীয়াত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
অভিযানত জব্দ কৰে বুজন পৰিমাণৰ হেৰ’ইন।
লগতে ড্ৰাগছৰ জড়িত সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।
12. গহপুৰৰ কলবাৰীত অমৃত কলহ যাত্ৰা কাৰ্যসূচী।
কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযূষ হাজৰিকা, বহু গণ্যমান্য ব্যক্তিৰ লগতে সহস্ৰাধিক ৰাইজে।
13. হাইলাকান্দিৰ সিৰাজপট্টিত দুৰ্ঘটনা।
ৰে’লৰ চকাৰ তলত পৰি এজনৰ মৃত্যু।
মৃত লোকজন আলিম উদ্দিন মজুমদাৰ।
14. মহানগৰীৰ শান্তিপুৰ বাছ আস্থানত ক্ৰাইম ব্ৰান্সৰ অভিযান।
অভিযানত জব্দ কৰে প্ৰায় ১০০ গ্রাম ড্ৰাগছ।
বাবুল দত্ত নামৰ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
15. গোৱালপাৰাত বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে সৰৱ প্ৰকৃতিপ্ৰেমী।
দহিকটা, কোদালধোৱা, মৰনৈ বনাঞ্চল সুৰক্ষা সমিতিৰ প্ৰতিবাদ।
দহিকটাত শালগছ ধ্বংস কৰি উদ্যোগ স্থাপনৰ যো-জা BPCL কোম্পানীৰ।
16. যোৰহাটৰ গুলীচালনাৰ ঘটনাত জড়িত মূল অভিযুক্ত ম’ষ্ট ৱাণ্টেড সঞ্জীৱ বৰুৱাক গ্ৰেপ্তাৰ।
সঞ্জীৱ বৰুৱাৰ পৰা উদ্ধাৰ কৰে 7.65mm পিষ্টল, দুই জাঁই সক্ৰিয় গুলী।
17. বিলাসীপাৰাৰ নয়াহাট বৰকান্দাত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্রবেগী বলেন’ বাহনৰ খুন্দাত থিতাতে নিহত হয় চাইকেল আৰোহী।
নাম ফুলচান আলি।
18. মণিপুৰত অবৈধ মাৰণাস্ত্রৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান।
পূব ইম্ফল, পশ্চিম ইম্ফল, চুৰাচান্দপুৰ, থৌবাল, বিষ্ণুপুৰ, কাকচিং জিলাৰ বিভিন্ন অঞ্চলতো চলায় অভিযান।
অভিযান কালত বহুসংখ্যক মাৰণাস্ত্র উদ্ধাৰ কৰে নিৰাপত্তাৰক্ষীয়ে।
অভিযানত এজন KYKL উগ্রপন্থী সংগঠনৰ এজন সদস্যক গ্রেপ্তাৰ কৰে।
19. ড্রাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান।
অভিযানত হেৰ’ইনসহ গ্রেপ্তাৰ এটা সৰবৰাহকাৰীক।
শিলচৰ সোনাইৰোদৰ পৰা জব্দ কৰে ৭টা হেৰ’ইন ভৰ্তি পেকেট।
20. লংকাত বিধ্বংসী অগ্নিকাণ্ড।
অগ্নিকাণ্ডত ভস্মীভূত হয় দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান।
লংকাৰ বামুণগাঁও ফৰেষ্টগেটত সংঘটিত হয় এই অগ্নিকাণ্ড।
Sangita Dutta News Editor Rnewsindia24.com