Himanta Biswa Sarma

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Ankit Motors Gogamukh

১/ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ শুভ উদ্বোধন।
গুৱাহাটী খানাপাৰা পশু চিকিৎসা বিজ্ঞান খেলপথাৰত অনুষ্ঠিত হয় এই বিশেষ অনুষ্ঠান।
২৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীলৈ ২ লাখকৈ টকাৰ ঋণ প্ৰদান।
প্ৰথম কিস্তিত দিয়া হয় ৭৫ হাজাৰ টকাকৈ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰে চেক।
উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মন্ত্ৰী পীযূষ হাজৰিকা, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, মন্ত্ৰী অতুল বৰা, মন্ত্ৰী বিমল বৰা, মন্ত্ৰী অজন্তা নেওগ, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, দলৰ বিষয়ববীয়া আৰু বহু গণ্য মান্য ব্যক্তি।

২/ বাজপেয়ী ভৱনত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক৷
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই বৈঠক৷
জিলা সভাপতি, প্ৰভাৰী, সদস্যভৰ্তিৰ আহ্বায়কৰে মিলিত হয় আলোচনাত৷
প্ৰথম পৰ্যায়ৰ অনলাইন সদস্যভৰ্তি অভিযান সন্দৰ্ভত অনুষ্ঠিত হয় এই বৈঠক৷

৩/ অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ দাদাচাহেব ফাল্কে বঁটা।
৮ অক্টোবৰত অভিনেতাগৰাকীক প্ৰদান কৰিব এই বঁটা।
নেচনেল ফিল্ম এৱাৰ্ড অনুষ্ঠানত দিয়া হ’ব বঁটা।
সামাজিক মাধ্যমত এই তথ্য সদৰী কৰে মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

৪/ ‘স্বচ্ছতাই সেৱা পষেক’ উপলক্ষে তেজপুৰত সামূহিক মাৰাথন দৌৰ।
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ইটানগৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ন কৰা হয়।
প্ৰাক্তন ভাৰতীয় ফুটবল তাৰকা তথা পদ্মশ্ৰী বাইচুং ভুটীয়া, অভিনেতা ৰবি শৰ্মা আৰু কণ্ঠশিল্পী দিপলিনা ডেকাই মাৰথনৰ ফ্লেগ অফ কৰে।

৫/ গান্ধী জয়ন্তী উপলক্ষ্যে ২ অক্টোবৰত কংগ্ৰেছৰ বিশেষ কাৰ্যসূচী৷
প্ৰতিটো ব্লক, মণ্ডল কাৰ্যালয়ত অনুষ্ঠিত কৰিব সৰ্বধৰ্মীয় সভা৷
সকলো কংগ্ৰেছ নেতা-কৰ্মীক কাৰ্যসূচী সফল কৰি তোলাৰ বাবে আহ্বান জনাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷

৬/ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া পদৰ নিৰ্বাচন।
বুঢ়াসত্ৰীয়া পদত নিৰ্বাচিত হয় ড০ বাবুল চন্দ্র দাস ।
বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বাবুল চন্দ্ৰ দাস।

৭/ কাইলৈ পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্রীয় উদ্যান।
আৰম্ভ হ’ব ২০২৪–২৫ৰ পৰ্যটন বৰ্ষ।
জীপ ছাফাৰিৰ আমেজ ল’ব পৰ্যটকে।
১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব হাতী ছাফাৰি।

৮/ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা।
উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত হয় প্ৰতিনিধি সভা।
সভাত উপস্থিত থাকে উপদেষ্টা ড° সমুজ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা, ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়া, প্ৰতিখন জিলা ছাত্ৰ সন্থা, মহকুমা ছাত্ৰ সন্থা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থা গোটৰ সভাপতি, সম্পাদক।

৯/ শ্বাহৰুখ খানলৈ ২০২৪ বৰ্ষৰ IIFA শ্ৰেষ্ঠ অভিনেতা বঁটা।
JAWAN ৰ বাবে শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰে শ্বাহৰুখ খানে।

১০/ IPS হীৰেন চন্দ্ৰ নাথৰ কাৰ্যকাল ২ বছৰলৈ বৃদ্ধি।
অসম আৰক্ষীৰ বিশেষ শাখাৰ ADGP হিচাপে কৰ্মৰত হীৰেন নাথ।
আজি অৱসৰৰ দিন আছিল IPS বিষয়াগৰাকীৰ।
বিশেষ শাখাৰ SDGP হিচাপে সেৱা আগবঢ়াব হীৰেন চন্দ্ৰ নাথে।

১১/ অৱসৰী IPS জিৎমল দলেক পুনৰ অসম আৰক্ষীত নিযুক্তি।
দুবছৰৰ বাবে ঠিকাভিত্তিক কৰা হয় নিযুক্তি।
IGP অপাৰেশ্যন হিচাপে সেৱা আগবঢ়াব জিৎমল দলেয়ে।

১২/ ইণ্ডিয়া টাইকোৱানডো চেম্পিয়নশ্বীপত কোকৰাঝাৰৰ সফলতা।
চাৰিটা স্বৰ্ণ আৰু দুটা ৰূপৰ পদকেৰে সুনাম কঢ়িয়াই আনে অসম দলটোৱে।
৬গৰাকী খেলুৱৈৰ চাৰিটা সোণ আৰু দুটা ৰূপৰ পদক অৰ্জন কৰে।

১৩/ কামৰূপৰ সোণতলীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
ড্ৰাগছসহ আটক কৰে এটা সৰবৰাহকাৰী।
হাতে-লোটে ধৰা পৰে ইছপাকুৰ ভূঞা নামৰ সৰবৰাহকাৰীটো।

১৪/ লেবাননত পুনৰ ইজৰাইলৰ এয়াৰষ্ট্ৰাইক।
আক্ৰমণত ১০৫ জন লোক নিহত হয় আৰু ৩৫০ৰো অধিক লোক আহত হয়।
লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰে এই তথ্য।

১৫/ নেপালৰ ভয়াৱহ বান, খহনীয়াত ১৭০গৰাকী লোকৰ মৃত্যু হয়।
সন্ধান নাই প্ৰায় ৪২ জনৰ, আহত হয় শতাধিক লোক।
উদ্ধাৰ অভিযান অব্যাহত উদ্ধাৰকাৰী দলৰ।

১৬/ পৰ্বতঝোৰাত নিখিল ৰাভা জাতীয় পৰিষদৰ অনশন ধৰ্মঘট কাৰ্যসূচী৷
কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ৰাভা হাচং এলেকাৰ বাহিৰৰ ৰাভাসকলৰ উন্নয়ন পৰিষদ গঠন কৰাৰ দাবীৰে পৰ্বতঝোৰা নিখিল ৰাভা জাতীয় পৰিষদৰ উদ্যোগত সাব্যস্ত কৰে প্ৰতিবাদ৷

১৭/ সোণাপুৰৰ কচুতলীৰ উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ।
কচুতলীত উচ্ছেদ বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰে উচ্চতম ন্যায়ালয়ে।

১৮/ যোৰহাটৰ বালিগাঁও বিদ্যুৎ উপ-সংমণ্ডলত প্ৰতিবাদ।
হাতে হাতে স্মাৰ্ট মিটাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিকে।
কৃষক মুক্তি, ছাত্ৰ মুক্তিৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
স্মাৰ্ট মিটাৰে অতিষ্ঠ কৰে সৰ্বসাধাৰণ ৰাইজক।

১৯/ চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত ধৰ্ণা কাৰ্যসূচী৷
জনগোষ্ঠীটোক স্বায়ত্তশাসন প্ৰদানৰ দাবী৷
ৰাজ্যৰ কেইবাখনো জিলাৰ সমান্তৰালকৈ শিৱসাগৰ জিলাতো প্ৰতিবাদ সাব্যস্ত কৰে।

২০/ গুৱাহাটীৰ বামুণীমৈদামৰ বি জি য়াৰ্ডত উদ্ধাৰ মানুহৰ এখন কটা ভৰি।
যাত্ৰীবাহী ৰে’লৰ চকাত লাগি থকা অৱস্থাত উদ্ধাৰ হয় কটা ভৰিখন।
উজনিমুৱা দাদৰ এক্সপ্ৰেছৰ চকাৰ ওপৰৰ অংশত লাগি আছিল ভৰিখন।
গুৱাহাটী ৰে’ল ষ্টেচনত যাত্ৰী নমাই বি জি য়াৰ্ডত পাৰ্কিং কৰিবলৈ আহিছিল ৰে’লখন।
ৰে’লখন চাফ-চিকুণ কৰি থকা অৱস্থাতে প্ৰত্যক্ষ কৰে চাফাই কৰ্মীয়ে।
ভৰিখন উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *