সদৌ অসম পেনচাক চিলাট

নৱম সংখ্যক সদৌ অসম পেনচাক চিলাট প্ৰতিযোগিতা।

Spread the love

শোণিতপুৰ ঢেকিয়াজুলী ভোটপাৰা ইনড’ৰ ষ্টেডিয়ামত ২৯ মে’ৰ পৰা ৩১ মে’ তাৰিখলৈকে নৱম সংখ্যক সদৌ অসম পেনচাক চিলাট প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰে ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক অশোক সিংঘালে।

মুখ্য অতিথি হিচাপে উপস্থিত থাকি চিলাট তথা নৱ-প্ৰজন্মক উদ্দেশ্যি বহু গুৰুত্বপূৰ্ণ তথা বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই অসম পেনচাক চিলাটৰ প্ৰতিষ্ঠাপক সভাপতি, সৰ্ব ভাৰতীয় পেনচাক চিলাটৰ পেট্ৰন তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

উপস্থিত থাকে অসম পেনচাক চিলাট সন্থাৰ উপ-সভাপতি মৃদূল প্ৰবন জোন, উত্তৰ-পূব পেনচাক চিলাটৰ প্ৰতিষ্ঠাপক সম্পাদক তথা জেষ্ঠ কাৰিকৰী সঞ্চালক লক্ষ্যজিৎ দলে, যুটীয়া সম্পাদক গগন বড়ো, বিশিষ্ট ব্যক্তি, সমাজকৰ্মী, শিক্ষাবিদ, ক্ৰীড়াবিদ, বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

উল্লেখ্য যে, অসমৰ ৩৪খন জিলাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা নৱম সংখ্যক সদৌ অসম পেনচাক চিলাট প্ৰতিযোগিতাত ধেমাজি জিলাই ৩১টা সোণ, ১২ টা ৰূপ, ৯ টা ব্ৰঞ্জেৰে মুঠ ৫২টা পদক অৰ্জন কৰি শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে।

আনহাতে, ডিব্ৰুগড় জিলাই ৯ টা সোন ৫ টা ৰূপ আৰু ৯ টা ব্ৰঞ্জসহ মুঠ ২৩ পদকেৰে দ্বিতীয় স্থান আৰু মাজুলী জিলাই ১০ টা সোণ, ৪ টা ৰূপ আৰু ৬ টা ব্ৰঞ্জসহ মুঠ ২০টা পদকেৰে তৃতীয় স্থান লাভ কৰে।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *