Mising Autonomous Council

Kapé MAC

Spread the love

® যোৰহাট আৰু শিৱসাগৰ জিলাত সৃষ্টি হোৱা ভয়াৱহ বানপানী পৰিস্থিতি পৰিদৰ্শন MAC কৰ্তৃপক্ষৰ।

২৪/০৭/২০২৬ তাৰিখে যোৰহাট আৰু শিৱসাগৰত সৃষ্টি হোৱা ভয়াৱহ বানপানী পৰিস্থিতি পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

পৰিদৰ্শনৰ শেষত যোৰহাট আৰু শিৱসাগৰ জিলাৰ জাতীয় সংগঠন / গণশক্তিৰ বিষয়ববীয়াৰ সৈতে টীয়কত এখনি গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্য কাৰ্যবাহী সদস্য গৰাকী।

উক্ত বৈঠকত বানপীড়িত অঞ্চলৰ সাম্প্ৰতিক পৰিস্থিতি তথা ৰাইজৰ জৰুৰীকালীন প্ৰয়োজনীয়তা আৰু তাৎক্ষণিক সহায়-সহযোগিতাৰ বিষয়সমূহ বিশেষভাৱে পৰ্যালোচনা কৰে।

বৈঠকত উপস্থিত থাকে পৰিষদৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে, সাধাৰণ সদস্যা নিভা পেগু মিলি, শিৱসাগৰ আৰু যোৰহাট জিলাৰ জাতীয় সংগঠন/গণশক্তিৰ অন্যান্য বিষয়ববীয়া।

® বানপীড়িত ৰাইজলৈ সাহাৰ্য্য সামগ্ৰী প্ৰেৰণ।

২৫ জুলাই ২০২৬ তাৰিখে যোৰহাট আৰু শিৱসাগৰ জিলাৰ বানপীড়িত পৰিয়ালৰ বাবে ১০০০ খন তিৰপাল ৩০০ টা টিউবেল আৰু জ’নাই লৈ ১০০০ খন তিৰপাল, ২০০ টা টিউবেল প্ৰেৰণ কৰে মিচিং স্বায়ত্বশাসিত পৰিষদে।

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ ৩৪ নং দিচাং দিখৌ সমষ্টিত সাহাৰ্য্য সামগ্ৰী বিতৰণ।

২৭/০৭/২০২৬ তাৰিখে পৰিষদৰ ৩৪ নং দিচাং দিখৌ সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা চন্টক বৰমিচিং আৰু বালিমিৰি গাঁৱৰ বানপীড়িত ৰাইজক দমকল আৰু তিৰপাল বিতৰণ কৰে পৰিষদৰ কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলে আৰু কাৰ্য্যবাহী সদস্য নৰেশ্ব কুম্বাঙে।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্যা নিভা পেগু মিলি, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

আনহাতে, কাৰ্য্যসূচীৰ শেষত ভয়াৱহ বানপানীত মৃত্যু হোৱা চেমেটি পাংগিঙৰ পৰিয়াল বৰ্গক সাক্ষাৎ কৰি আত্মীয়-স্বজনক সমবেদনা জ্ঞাপন কৰে পৰিষদ কৰ্তৃপক্ষই।

 

 

® গোগামুখ সামূহিক চিকিৎসালয়ৰ বিদ্যুত পৰিবাহী ব্যৱস্থা পৰিদৰ্শন MAC কৰ্তৃপক্ষৰ।

২৩/০৬/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ আৱণ্টিত পুঁজিৰে গোগামুখ সামূহিক চিকিৎসালয়ৰ বিদ্যুত পৰিবাহী ব্যৱস্থা সম্পূৰ্ণভাৱে মেৰামতি কাৰ্য পৰিদৰ্শন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

উক্ত কেন্দ্ৰত সভাকক্ষ, অপাৰেশ্যন থিয়েটাৰ, লেবৰেটৰী, চিকিৎসক কক্ষ সকলোতে AC ৰ ব্যৱস্থা প্ৰদান কৰিছে মিচিং স্বায়ত্বশাসিত পৰিষদে।

পৰিদৰ্শন কালত উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগু, গণশক্তি, MMK, TMMK, TMPK আৰু চিকিৎসালয়ৰ অন্যান্য বিষয়ববীয়া।

 

® জ’নাই বিধানসভা সমষ্টিৰ ২৫খন গাঁৱৰ বানপীড়িত ৰাইজক তিৰপাল আৰু টিউবেল বিতৰণ MACৰ।

২৬/০৭/২০২৬ তাৰিখে জ’নাই বিধানসভা সমষ্টিৰ অন্তৰ্গত চিমেন চাপৰিৰ ৰংপুৰীয়া, লাইমেকুৰিৰ অৰুণ চাপৰি, বৰং তিনিআলি, গালিঘাট আদিৰ প্ৰায় ২৫খন গাঁৱৰ বানপীড়িত ৰাইজক তিৰপাল আৰু বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাৰ হকে টিউবেল বিতৰণ কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্যা ভৱানী দুৱৰা, সাধাৰণ সদস্য ববী কান্ত পেগু, গণশক্তি, MMK, TMMK, TMPK ৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

 

® যোৰহাট জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন MACৰ CEM পৰমানন্দ চায়েঙীয়াৰ।

২৪/০৭/২০২৬ তাৰিখে যোৰহাট জিলাৰ অন্তৰ্গত মিচিং স্বায়ত্বশাসিত পৰিষদৰ ৩৮ নং জাঁজী সমষ্টিৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

বৰালিমৰা, চোচাবাট, ঔগুৰি, অৰুণামুখ, মাজৰ চাপৰি, কাৱৈমাৰী, সোণাৰি মিচিং আদি গাঁৱৰ বানাক্ৰান্ত ৰাইজক পৰিষদৰ তৰফৰ পৰা দমকল আৰু তিৰপাল দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে আশ্বাস প্ৰদান কৰে।

পৰিদৰ্শন কালত উপস্থিত থাকে পৰিষদৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে ডাঙৰীয়া, গণশক্তি, MMK, TMMK, TMPK ৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

 

® ৩৮ নং জাঁজী সমষ্টিৰ বানাক্ৰান্ত অঞ্চলত MACৰ সাহাৰ্য্য বিতৰণ।

মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই প্ৰদান কৰা আশ্বাস অনুসৰি ৩৮ নং জাঁজী সমষ্টিৰ বানাক্ৰান্ত অঞ্চল সমূহত দমকল আৰু তিৰপাল বিতৰণ কৰে পৰিষদৰ কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলেয়ে।

উক্ত কাৰ্যসূচীত সহযোগিতা আগবঢ়াই গণশক্তি, MMK, TMMK, TMPKৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজে।

 

® MACৰ CEM পৰমানন্দ চায়েঙীয়াৰ সৈতে সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ বিশেষ বৈঠক।

২৫/০৬/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সভাকক্ষত মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ সৈতে সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াই এখনি বিশেষ বৈঠক অনুষ্ঠিত কৰে।

বৈঠকত সূত্ৰধৰ ছাত্ৰ সন্থাই বিভিন্ন সমস্যা সমাধানৰ অৰ্থে প্ৰদান কৰা স্মাৰক পত্ৰৰ বিষয় সমূহ বিশেষভাৱে পৰ্য্যালোচনা কৰে।

উপস্থিত থাকে সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি লক্ষীকান্ত সূত্ৰধৰ আৰু সন্থাৰ অন্যান্য বিষয়ববীয়া সকল।

 

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰক Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *