Mising Autonomous Council

Kapé MAC

Spread the love

 

 

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত দুগ্ধ উৎপাদন তথা গৰু পালনৰ আৱাসিক প্ৰশিক্ষণ।

৩/০৮/২০২৬ তাৰিখে এম.এ.চিৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত নিবনুৱা যুৱক-যুৱতীসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত বৈজ্ঞানিক ভিত্তিত দুগ্ধ উৎপাদন তথা গৰু পালনৰ ওপৰত ২ দিনীয়া আৱাসিক প্ৰশিক্ষণ অনুষ্ঠিত কৰে।

উক্ত কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে পৰিষদৰ কাৰ্য্যবাহী সদস্য দেৱৰঞ্জন মৰাঙে।

শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে DDSW তথা সহকাৰী অধ্যাপক ড° সঞ্জীৱ খাৰঘৰিয়া, ড° হিমাংছু বৰুৱা, অধ্যাপক প্ৰাঞ্জল বৰুৱা, সহকাৰী অধ্যাপক ড° এল. এছ খুমান, সহকাৰী অধ্যাপক কন্দৰ্প বৰুৱা, সহকাৰী অধ্যাপক তথা ভাৰপ্ৰাপ্ত PTI-RGM আদিত্য বৰুৱা, MAC আৰু লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অন্যান্য বিষয়ববীয়া আৰু প্ৰশিক্ষাৰ্থী সকল।

উল্লেখ্য যে, প্ৰথম দিনৰ প্ৰশিক্ষণ কাৰ্যসূচীত ৩০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ মাতৃ বিচিত্ৰা পাংগিঙৰ দেহাৱসান।

মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, মিচিং বাঃনৗ কৗবাঙৰ সভাপতি তথা সন্মিলিত গণশক্তি অসমৰ সভাপতি পৰমানন্দ চায়েঙীয়াৰ পৰম পূজনীয়া মাতৃৰ বৈকুণ্ঠগামী হোৱাৰ শোকৰ ক্ষণত গৃহত উপস্থিত হৈ দুখৰ সমভাগী হোৱাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু, বিধায়ক জীৱন গগৈ, ধেমাজি জিলা পৰিষদৰ সভাপতি ভূপেন চেতিয়াকে ধৰি দঃঞি পঃল য়েলাম কৗবাঙৰ সভাপতি একলব্য গাম, সম্পাদক বিনোদ কুম্বাং, MMKৰ সভাপতি সুনীল কুমাৰ পেগু, সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, MAKৰ সভাপতি হৰিনাৰায়ন পেগু, সম্পাদক সোমেশ্বৰ কপ্তাক, TMMKৰ সভানেত্ৰী ইন্দিৰা কুম্বাং, সম্পাদিকা শৰ্মিলা পেগু, মিচিং স্বায়ত্বশাসিত পৰিষদৰ সমূহ কাৰ্য্যবাহী/সাধাৰণ সদস্য/সদস্যা, বিভিন্ন সন্মানীয় ব্যক্তি আৰু স্থানীয় গাঁওবাসী ৰাইজে।

আনহাতে উল্লেখিত ব্যক্তি সকলৰ লগতে সামাজিক তথা অন্যান্য মাধ্যম যোগে বাৰ্তা প্ৰেৰণ কৰা সাংগঠনিক সতীৰ্থ, বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া, অনুষ্ঠান/প্ৰতিষ্ঠানৰ, আত্মীয়-স্বজন, বন্ধু-বান্ধৱী, শুভাকাংক্ষী আদি আটাইকে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।

® অধ্যাপক টাবুৰাম টাইদ সোঁৱৰণী সাহিত্য বঁটা ২০২৬।

১/০৮/২০২৬ তাৰিখে কটন বিশ্ববিদ্যালয়ত অধ্যাপক টাবুৰাম টাইদ দেৱৰ ৮৪সংখ্যক জন্ম জয়ন্তী উপলক্ষে টাবুৰাম টাইদ স্মৃতি ন্যাসৰ উদ্যোগত “অধ্যাপক টাবুৰাম টাইদ সোঁৱৰণী সাহিত্য বঁটা” প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰে।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ বিশিষ্ট সাহিত্যিক, ভাষাতত্ত্ববিদ ড° নাহেন্দ্ৰ পাদুন, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত বিশিষ্ট সাহিত্যিক, চিন্তাবিদ ড০ ধ্ৰুৱজ্যোতি বৰাই দ্বিতীয় বৰ্ষৰ বাবে চাৰিগৰাকী ভাষা-সাহিত্যৰ সেৱকক “অধ্যাপক টাবুৰাম টাইদ সোঁৱৰণী সাহিত্য বঁটা” প্ৰদান কৰে।

বঁটা প্রাপক সকলক্ৰমে –

ক) “ফিউনাৰেল নাইট” নামৰ উপন্যাসৰ বাবে ‘অধ্যাপক টাবুৰাম টাইদ সাহিত্য বঁটাৰে’ সন্মানিত খাচী আৰু ইংৰাজী ভাষাৰ লেখক, কবি-ঔপন্যাসিক ড০ কিনফাম সিং নংকিনৰিহ।

খ) “মেৰেং” নামৰ উপন্যাসৰ বাবে উপন্যাস সম্ৰাট ‘ৰজনীকান্ত বৰদলৈ সমন্বয় সাহিত্য বঁটাৰে’ সন্মানীত বিশিষ্টা সাহিত্যিক অনুৰাধা শৰ্মা বৰপূজাৰী।

গ) মিচিং ভাষালৈ আগবঢ়োৱা বৰঙণিৰ বাবে ‘অধ্যাপক টাবুৰাম টাইদ মিচিং সাহিত্য বঁটাৰে’ সন্মানীত বিশিষ্ট লেখক কালিনাথ পাংগিং।

ঘ) ৰবীন্দ্ৰনাথ ঠাকুৰ দেৱৰ “গীতাঞ্জলী” পুথিখনি মিচিং ভাষালৈ অনুবাদ কৰাৰ বাবে ‘অধ্যাপক টাবুৰাম টাইদ মিচিং অনুবাদ সাহিত্য বঁটাৰে’ সন্মানীত মিচিং ভাষাৰ বিশিষ্ট লেখক ইন্দ্ৰেশ্বৰ পেগু।

উক্ত অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্য্যবাহী আৰু সাধাৰণ সদস্য/সদস্যা, অসমৰ বিশিষ্ট সাহিত্যিক, লেখক, শিক্ষাবিদ, ছয় মিচিং জাতীয় সংগঠনৰ অন্যান্য বিষয়ববীয়া।

® মিচিং স্বায়ত্বশাসিত পৰিষদ আৰু মিচিং আগম কৗবাঙৰ যুটীয়া বৈঠক।

৩/০৮/২০২৬ তাৰিখে পৰিষদৰ সভাকক্ষত MAC আৰু MAKৰ যুটীয়া বৈঠক অনুষ্ঠিত কৰে।

মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ উপস্থিতিত অনুষ্ঠিত হোৱা উক্ত বৈঠকত মিচিং ভাষা মাধ্যম বিদ্যালয়সমূহৰ বিভিন্ন সমস্যা সমাধানৰ ওপৰত বিশেষভাৱে আলোচনা কৰে।

বৈঠকত উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে, পৰিষদৰ প্ৰধান সচিব যাদৱ পেগু, মিচিং আগম কৗবাঙৰ সভাপতি হৰিনাৰায়ণ পেগু, উপ সভাপতি কালিনাথ পাংগিং, সাধাৰণ সম্পাদক সোমেশ্বৰ কপ্তাক, পৰিষদ আৰু MAKৰ অন্যান্য বিষয়ববীয়া।

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰক Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *