“এতিয়াহে শুভবুদ্ধি ওদয় হ’ল”
এতিয়াহে শুভবুদ্ধি ওদয় হ’ল
Assam, December 11: হয়, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অতদিনে প্ৰতিবাদ কৰি অহা একাংশৰ এতিয়াহে শুভবুদ্ধি ওদয় হ’ল। কোনোবাই যদি বাধ্যত পৰি প্ৰতিবাদ কৰিছিল আন কোনোবাই আকৌ নাগৰিকত্ব সংশোধনী আইনখন নপৰাকৈয়ে প্ৰতিবাদত জপিয়াই পৰিছিল। এই সন্দৰ্ভত অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা কা বিৰোধী আন্দোলনৰ নেত্ৰী বৰষা ৰাণী বিষয়াই কয়ঃ নাগৰিকত্ব সংশোধনী আইনখন নপঢ়াকৈয়েই আন্দোলন কৰিবলৈ যোৱাটো বা আন্দোলনৰ বাবে কোনোবাই জোৰকৈ উলিয়াই নিয়াটোহে অপৰাধ। যিসকলে ‘কা’ বিৰোধী আন্দোলনক তাচ্ছিল্য কৰিছে, সিহঁতে আইনখন পঢ়া হলে হয়তো তেওঁলোকৰ স্থিতি বেলেগ হ’ল হেতেন। সাংবাদিকৰ এক প্ৰশ্নোত্তৰত অভিনেত্ৰী বৰষা ৰাণী বিষয়াই কয় যে, বিজেপি কিয়, কোনো ৰাজনৈতিক দলতে যোগদান কৰাটো অপৰাধ নহয়। অৱশ্যে বৰষা ৰাণী বিষয়াই এয়াকো কয় যে, বিজেপিত যোগদান কৰি স্থিতি লৰচৰ হোৱাটো আচাৰ্যকৰ বিষয়। প্ৰণিধানযোগ্য যে, শাসকীয় দললৈ যাত্ৰা কৰা ৰাজ্যৰ একাংশ শিল্পী, অভিনেতাক কা’ৰ প্ৰসংগত প্ৰশ্ন কৰিলে ছালে-বেৰে কোবাই নাভুত নাশ্ৰুত মন্তব্য কৰা দেখা যায়। সৌসিদিনা অভিনেতা যতীন বৰা তথা শিল্পী বিদ্যাসাগৰে ৰাজহুৱাকৈ মন্তব্য কৰি কৈছিল যে, নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী আন্দোলন হেনোঁ বাধ্যত পৰিহে কৰিছিল। কা’ৰ বিৰুদ্ধে আন্দোলন কৰা একাংশৰ এতিয়াহে শুভবুদ্ধি ওদয় হ’ল। শুকুৰবাৰে শিল্পী বিদ্যাসাগৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গকে ধৰি যিসকলে নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে আন্দোলন কৰিছিল তেওঁলোকে নিজৰ স্বাৰ্থৰ বাবেহে প্ৰতিবাদ কৰিছিল বুলি এক চাঞ্চল্যৰ মন্তব্য কৰাৰ পিছত এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনেদৰে কয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই। সাংবাদিৰ আন এক প্ৰশ্নোত্তৰত অভিনেত্ৰী বৰষা ৰাণী বিষয়াই লগতে কয় যে, সদ্যহতে বৰ্তমান ৰাজনীতিলৈ যোৱাৰ কোনো পৰিকল্পনা নাই। ১৭ বছৰে কষ্ট কৰি অৰ্জন কৰা স্হান সহজতে এৰি দিব বিচৰা নাই তেওঁ। ইফালে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই ‘ৰাজনীতি’ নামৰ এথন ছবিত অভিনয় কৰাৰ বাবে প্ৰস্তুতি চলাই আছে। বৰষা ৰাণীৰ উপৰিও নতুন এই ছিনেমাখনত দেখা যাব জুবিন গাৰ্গ, তপন দাস, সিদ্ধাৰ্থ শৰ্মাৰ লগতে বহু ন পুৰণি শিল্পীয়ে।
জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ ৰিপৰ্ট R News India 24

