4. তামুলপুৰত ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ বিষয়ববীয়া বৈঠক৷
উক্ত বৈঠকখনি সভাপতি ভৱেশ কলিতাৰ অধ্যক্ষতাত অনুষ্ঠিত হয়।
উপস্থিত থাকে নৱনিযুক্ত সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু।
5. প্ৰতিখন বিদ্যালয়ৰ প্ৰধানলৈ শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা।
কাইলৈৰ ভিতৰত B.Ed ডিগ্ৰী থকা শিক্ষকৰ তালিকা দাখিলৰ নিৰ্দেশ।
দাখিল কৰিব লাগিব B.Edৰ মূল প্ৰমাণ পত্ৰসহ নম্বৰ তালিকা।
মুখ্যমন্ত্ৰীৰ তৎপৰতাৰ ভিত্তিতে এই নিৰ্দেশনা স্কুল শিক্ষা বিভাগৰ।
ভুৱা ডিগ্ৰীৰে চাকৰি কৰাসকলক চিনাক্ত কৰাৰ বাবেই এই নিৰ্দেশনা।
6. “ৰাজ্যত স্থাপন হব প্ৰধানমন্ত্ৰী জন ঔষধী কেন্দ্ৰ”- ঘোষণা কেশৱ মহন্তৰ।
7. আমবাৰীত অনুষ্ঠিত হয় অগপৰ ভগ্নী সংগঠন অসম মহিলা পৰিষদৰ সাধাৰণ সভা।
সভাতেই গঠন হ’ব অসম মহিলা পৰিষদৰ নতুন কমিটি।
সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত আৰু বহুকেইগৰাকী শীৰ্ষ নেতা।
8. দেশ তথা ৰাজ্যৰ ক্ৰীড়া জগতৰ বাবে সুখবৰ।
১১ আগষ্টত আমিনগাঁৱত মুকলি হʼব বেডমিণ্টন চেন্টাৰ।
মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ হব বেডমিণ্টন ক’ৰ্ট।
একেলগে ২৫খন ক’ৰ্ট ব্যৱহাৰৰ সুবিধা উপলব্ধ ষ্টেডিয়ামখনত।
থাকিব শৰীৰ চৰ্চা কেন্দ্ৰ,ক্ৰীড়া বিজ্ঞান পৰীক্ষাগাৰ, হোষ্টেল।
9. পুনৰ ৰক্তাক্ত হিংসাজৰ্জৰ মণিপুৰ।
পিতা-পুত্ৰসহ ৩ জনক হত্যা কুকি দুৰ্বৃত্তৰ।
ঘটনাৰ প্ৰতিবাদত বহু কুকিৰ লোকৰ বাসগৃহত অগ্নিসংযোগ।
বিষ্ণুপুৰ জিলাৰ কুৱাক্টাৰ ৱখা টাম্পাক গাঁৱত এই ঘটনা সংঘটিত হয়।
10. বাংলাদেশৰ ঢাকাত বিগত ২৪ ঘণ্টাত পুনৰ ১০জনৰ মৃত্যু।
এই পৰ্যন্ত ডেংগীত মৃত্যু হৈছে ২৯৩জন লোকৰ।
মৃত্যু হৈছে ৩৫ৰো অধিক ডেংগী আক্ৰান্ত শিশুৰ।