Atul Bora

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।

Rnewsindia24.com Assam 1 March 2024 :-

1. কাছাৰত দিনজোৰা কাৰ্যসূচীৰে উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
২৯৫ কোটি টকা ব্যয়সাপেক্ষ কেন্সাৰ হাস্পতাল মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ইয়াৰোপৰি কেইবাটাও প্ৰকল্পৰ উদ্বোধন, শিলান্যাস কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

2. জাগীৰোডত স্থাপন হ’ব টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প ৷
২৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে জাগীৰোডৰ কাগজ কলৰ ভূমিত টাটাই নিৰ্মান কৰিব এই বৃহৎ প্ৰকল্প ৷
এই কথা সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ।

আজি প্ৰকল্পস্থলী পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।
৯ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জাগীৰোডলৈ অহাৰ সম্ভাৱনা আছে বুলি জনাই মন্ত্ৰীগৰাকীয়ে।
এই প্ৰকল্পত ৫০ হাজাৰ লোকে পোনপটীয়াকৈ সংস্থাপন লাভ কৰিব।

3. কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ নিযুক্তি সমাৰোহ।
পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰাৰ্থীক মন্ত্ৰী অতুল বৰাই বিতৰণ কৰে নিযুক্তি-পত্ৰ।
৩৬৫গৰাকী ক্ষেত্ৰ সহায়ক পদৰ প্ৰাৰ্থীক বিতৰণ কৰে নিযুক্তি-পত্ৰ।

4. বৰাকত দিনজোৰা কাৰ্যসূচীৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
ৰামকৃষ্ণনগৰত ভূমিপূজন কৰে চিকিৎসা মহাবিদ্যালয়ৰ।
৫৭৮ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’ব চিকিৎসা মহাবিদ্যালয়ৰ।
লগতে কেইবাটাও প্ৰকল্পৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰীয়ে।

5. কাইলৈ CIDৰ কাৰ্যালয়ত হাজিৰ নহয় APCCৰ সভাপতি ভূপেন বৰা।
ভূপেন বৰাক জৰুৰীভাৱে দিল্লীলৈ তলব কংগ্ৰেছ হাইকমাণ্ডৰ।
জৰুৰী বৈঠকত অংশগ্ৰহণৰ বাবে দিল্লীলৈ যাব ভূপেন বৰা।
সেয়ে হাজিৰ হ’ব নোৱাৰাৰ কথা CIDক জনাই APCCৰ সভাপতি ভূপেন বৰাই।

6. ডিফুত চৰকাৰৰ বিকাশ যাত্ৰা কাৰ্যসূচী।
১৫৪০ কোটি টকাৰ বিভিন্ন আঁচনিৰ আধাৰশিলা স্থাপন কৰে KAACৰ CEM তুলিৰাম ৰংহাঙে।
অনুষ্ঠানত উপস্থিত থাকে বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন আৰু বহু গণ্য মান্য ব্যক্তি।

7. মেট্ৰিকৰ গণিতৰ কাকতত পাঠ্যক্ৰমৰ বাহিৰৰ পৰা অহা দুটা প্ৰশ্ন সন্দৰ্ভত ছেবাক পৰীক্ষা কৰিবলৈ দিয়া হৈছে। প্ৰয়োজন সাপেক্ষে সেই দুটা প্ৰশ্নৰ বিপৰীতে থকা নম্বৰ পৰীক্ষাৰ্থীক দিয়া হ’ব – মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।

8. ১১ গৰাকীকৈ শীৰ্ষ IPS-APS বিষয়াক বদলি।
নগাঁৱৰ SP নৱনীত মহন্তক গোৱালপাৰাৰ SP হিচাপে নিযুক্তি।
গোৱালপাৰাৰ SP স্বপ্ননীল ডেকাক নগাঁৱৰ SP হিচাপে নিযুক্তি।
ISP বৰুন পুৰকায়স্থক দুৰ্নীতি নিবাৰক, ভিজিলেন্সৰ SP দায়িত্ব।
STFৰ কল্যাণ পাঠকক BIEOৰ ASP ৰূপে নিযুক্তি।
APS বিক্ৰম গগৈ আৰক্ষী অৰ্থনৈতিক অনুসন্ধান শাখাৰ নতুন SP।

9. দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জড।
ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ বৰুৱা, ASI মৃত্যুঞ্জয় কলিতাক ৰিজাৰ্ভ ক্ল’জড।
এই তিনি বিষয়াৰ বিৰুদ্ধে অবৈধ ভাৱে ধন সংগ্ৰহৰ অভিযোগ।
SI মানস শৰ্মাক তাৎক্ষণিকভাৱে নিলম্বনৰ নিৰ্দেশ।

10. ২৫ টকাকৈ বাঢ়ে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম।
আজিৰ পৰা কাৰ্যকৰী বাণিজ্যিক LPG চিলিণ্ডাৰৰ বৰ্ধিত দাম।

11. ছেবাৰ কাৰ্যালয়ত উপস্থিত আছুৰ কৰ্তৃপক্ষ।
ছেবাৰ সচিবক সাক্ষাৎ‍ কৰে আছুৰ প্রতিনিধি বৰ্গই।
HSLC পৰীক্ষাৰ গণিত বিষয়ৰ প্রশ্নকাকতৰ বিসংগতিক লৈ সাক্ষাৎ কৰে সচিব গৰাকীক।
শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি নেখেলিবলৈ সকীয়নি দিয়ে আছুৱে।

12. তেজপুৰত শিক্ষকে ঋণ আৰু সুদৰ বোজা সহিব নোৱাৰি আত্মহনন।
শিক্ষক গৰাকীৰ নাম পুষ্পকান্ত দাস।
কাবুলিবাদ হাইস্কুলত কৰ্মৰত আছিল শিক্ষক গৰাকী।

13. গোলাঘাটত অংগনবাড়ী কৰ্মী-সহায়িকাৰ উত্তাল প্ৰতিবাদ।
ন্যায্যপ্ৰাপ্যৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে অংগনবাড়ী কৰ্মী-সহায়িকা সকলে।
গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল হয় প্ৰতিবাদ।

14. হোজাই, বিশ্বনাথ, বজালী, তিনিচুকীয়াকে ধৰি বহু জিলাত আছুৰ নেতা-কৰ্মীক থানালৈ তলব। আন্দোলন নকৰোঁ বুলি স্বাক্ষৰ কৰিবলৈ হেঁচা প্ৰয়োগৰ অভিযোগ আছুৰ।

15. ডিব্ৰুগড়ত টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী।
জনজাতিকৰণৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ।
জনজাতিকৰণ নিদিলে ভোট বৰ্জনৰ হুংকাৰ।

16. বাংলাদেশৰ ঢাকাৰ বেইলি ৰোডত বিধ্বংসী অগ্নিকাণ্ড।
অগ্নিকাণ্ডত দগ্ধ হৈ ৪৩জন লোকৰ মৃত্যু হয়।
বৃহস্পতিবাৰৰ নিশা কাচ্ছিভাই ৰেষ্টুৰেণ্টত সংঘটিত হয় এই অগ্নিকাণ্ড।

17. ১ মে’ৰ পৰা বন্ধ হ’ব পাৰে ৰে’ল সেৱা!
পুৰণি পেঞ্চনৰ দাবীত ধৰ্মঘটৰ আহ্বান জনাই ৰে’ল শ্ৰমিক সংগঠনে।

18. চাপৰত ভ্ৰাম্যমাণ কাঠফলা মিল জব্দ।
বহলপুৰ আঞ্চলিক বন বিভাগৰ অভিযানত জব্দ কৰা হয় লক্ষাধিক টকা মূল্যৰ কাঠফলা মিলটো।

19. হাতীগাঁৱৰ পুৱেৰুণ পথত আৰক্ষীৰ অভিযান।
হাতীগাঁও আৰক্ষীৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ গাঁজা।
হাতীগাঁও আৰক্ষীয়ে আটক কৰে ৩ সৰবৰাহকাৰীক।

20. উত্তৰ গুৱাহাটীৰ অভয়পুৰত ভয়ংকৰ অগ্নিকাণ্ড ।
প্ৰয়াত শিল্পী বিচিত্ৰ পাঠকৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ড ।
জুইত জাহ যায় কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰী ।

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *