২০২৫ বৰ্ষৰ পহিলা মাহত গৌৰৱৰ বাৰ্তা।
“পদ্মভূষণ” ভাৰত চৰকাৰে প্ৰদান কৰা তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান।
২০২৫ বৰ্ষত পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে প্ৰখ্যাত সত্ৰীয়া শিল্পী যতীন গোস্বামীক ।
“পদ্মশ্ৰী” ভাৰত চৰকাৰে প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান ।
শিল্পকলা, শিক্ষা, বাণিজ্য, সাহিত্য, বিজ্ঞান, ক্ৰীড়া, সমাজ সেৱা আৰু চৰকাৰী ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱাৰ বাবে ভাৰত চৰকাৰে এই সন্মান প্ৰদান কৰে।
এই সন্মান সাধাৰণতে ভাৰতীয় নাগৰিকসকলকেই প্ৰদান কৰা হয়।
২০২৫ বৰ্ষত পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে সাহিত্য-শিক্ষা ক্ষেত্ৰত অনিল কুমাৰ বড়ো আৰু গীতা উপাধ্যায়, কলা ক্ষেত্ৰত বিশিষ্ট ডিমাছা লোকশিল্পী জয়নাচৰণ বাথাৰী আৰু বিশিষ্ট মুখাশিল্পী ৰেৱকান্ত মহন্তক।
২০২৫ বৰ্ষত পদ্মভূষণ আৰু পদ্মশ্ৰী সন্মান লাভ কৰা স্বনামধন্য ব্যক্তিসকলক Rnewsindia24.com পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
লগতে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।
আগন্তুক দিনত তেওঁলোকৰ কৃতিত্ব আৰু সন্মানে অসমৰ সমাজ জীৱনক সমৃদ্ধ কৰিব।
লগতে নৱ-প্ৰজন্মক প্ৰতিপল অনুপ্ৰেৰণা যোগাব বুলি আমি আশাবাদী।
“পদ্মভূষণ” সন্মান লাভ কৰা অসমীয়া ব্যক্তিসকল ক্ৰমে-
১৯৬৩ অমিয় কুমাৰ দাস, ১৯৬৭ কৃষ্ণকান্ত সন্দিকৈ, ১৯৭৬ নৱকান্ত বৰুৱা, ১৯৮৩ বেণুধৰ শৰ্মা, ১৯৯২ বিজয় চন্দ্ৰ ভাগৱতী, ১৯৯২ চৈয়দ আব্দুল মালিক, ১৯৯৯ পুষ্পলতা দাস, ২০০১ ভূপেন হাজৰিকা, ২০০৫ মৃণাল মিৰি, ২০০৭ চন্দ্ৰপ্ৰসাদ শইকীয়া, ২০১৪ পাৰবীন চুলতানা, ২০১৫ জাহ্নু বৰুৱা, ২০২১ তৰুণ গগৈ, ২০২৫ যতীন গোস্বামী।
“পদ্মশ্ৰী” সন্মান লাভ কৰা অসমীয়া ব্যক্তিসকল ক্ৰমে- ১৯৫৪ ডা° মথুৰা দাস, অমলপ্ৰভা দাস, ১৯৫৫ কৃষ্ণকান্ত সন্দিকৈ, ১৯৫৬ সূৰ্য্যকুমাৰ ভূঞা, ১৯৫৭ নলিনীবালা দেৱী, ১৯৬৩ ডা° ননী চন্দ্ৰ বৰদলৈ, ১৯৭০ আনন্দ চন্দ্ৰ বৰুৱা, ১৯৭১ অতুল চন্দ্ৰ হাজৰিকা, ডা° ৰবীন বেনাৰ্জী, ১৯৭২ চন্দ্ৰপ্ৰভা শইকীয়ানী, ১৯৭৫ মালতী বৰুৱা, ১৯৭৬ পাৰবীন চুলতানা, ১৯৭৭ ইন্দিৰা মিৰি, ভূপেন হাজৰিকা, ১৯৮২ ঘনশ্যাম দাস, ১৯৮৩ নেকিবুজ জামান , ১৯৮৪ মুক্তি প্ৰসাদ গগৈ, চৈয়দ আব্দুল মালিক , ১৯৮৭ আব্দুছ ছাত্তাৰ, ১৯৮৮ মদৰাম ব্ৰহ্ম, ১৯৮৯ ৰংবং তেৰাং, ১৯৯০ নীলমণি ফুকন, ১৯৯১ সতীশ চন্দ্ৰ কাকতি, ১৯৯১ প্ৰতিমা পাণ্ডে বৰুৱা, ১৯৯২ মথুৰা নাথ ভট্টাচাৰ্য্য, ১৯৯৮ দিপালী বৰঠাকুৰ, ২০০০ ৰবীন্দ্ৰনাথ উপাধ্যায়, ২০০১ ভবেন্দ্ৰনাথ শইকীয়া, ২০০২ পুষ্পা ভূঞা, ২০০৩ জাহ্নু বৰুৱা, ২০০৫ হেম ভৰালী, ২০০৭ টেমচুলা আও, ২০০৮ সূৰ্য্যকান্ত হাজৰিকা, যতীন গোস্বামী, শীলা বৰঠাকুৰ, ২০০৯ তফজ্জুল আলি, বীৰেন্দ্ৰনাথ দত্ত, ২০১০ অৰুণ শৰ্মা, ২০১১ মহিম বৰা, ২০১৩ ঘনকান্ত বৰা, হেমেন্দ্ৰ প্ৰসাদ বৰুৱা, ২০১৪ মুকুলচন্দ্ৰ গোস্বামী ডাঃ সৰ্বেশ্বৰ চহৰীয়া, ২০১৫ যাদৱ পায়েং, লক্ষ্মীনন্দন বৰা, ২০১৬ ধীৰেন্দ্ৰ নাথ বেজবৰুৱা, ২০১৬ প্ৰহ্লাদ চন্দ্ৰ তাছা, কামেশ্বৰ ব্ৰহ্ম, অজয় কুমাৰ দত্ত, ২০১৭ ড॰ জিতেন্দ্ৰনাথ গোস্বামী, এলি আহমেদ, ২০১৮ অৰূপ কুমাৰ দত্ত, প্ৰফুল্ল গোবিন্দ বৰুৱা, জয়শ্ৰী গোস্বামী মহন্ত, ২০১৯ উদ্ধৱ ভৰালী, ইলিয়াছ আলি, ২০২০ ইন্দিৰা পি পি বৰা, ৰবি কান্নান আৰ, কুশল কোঁৱৰ শৰ্মা, লীল বাহাদুৰ চেত্ৰী, যোগেন্দ্ৰ নাথ ফুকন, ২০২১ লখিমী বৰুৱা, গোপীৰাম বৰগায়ন, বিজয়া চক্ৰৱৰ্তী, মংগলসিং হাজোৱাৰী, দুলাল মানকি, বিৰুবালা ৰাভা, ৰোমান শৰ্মা, ইমৰান শ্বাহ , ২০২২ শকুন্তলা চৌধুৰী, ধনেশ্বৰ ইংতি, ২০২৩ হেম চন্দ্ৰ গোস্বামী , হেমপ্ৰভা চুতীয়া, ৰামকুইৱাংবে জেমে নিউমে, ২০২৪ পাৰ্বতী বৰুৱা, সৰ্বেশ্বৰ বসুমতাৰী, দ্ৰোণ ভূঞা, ২০২৫ অনিল চন্দ্ৰ বড়ো, গীতা উপাধ্যায়, জয়নাচৰণ বাথাৰী, ৰেৱকান্ত মহন্ত।
এনেধৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা সমূহ জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com
ধন্যবাদ।
Sangita Dutta Editor in Chief Rnewsindia24.com