মিচিং স্বায়ত্তশাসিত পৰিষদৰ নাপিত দক্ষতা বিকাশ প্ৰশিক্ষণৰ সফল সামৰণি।

Spread the love

মিচিং স্বায়ত্তশাসিত পৰিষদৰ
কুটীৰ শিল্প বিভাগৰ দ্বাৰা প্ৰদান কৰা নাপিত দক্ষতা বিকাশ প্ৰশিক্ষণৰ সফল সামৰণি।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ কুটিৰ শিল্প বিভাগে ১০ দিনীয়াকৈ আয়োজন কৰা প্ৰথম পৰ্যায়ৰ দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী দিৰপাইৰ সোৱণশিৰি ইক’ কেম্পত ২৫/০৮/২০২২ তাৰিখে আনুষ্ঠানিক ভাৱে সামৰণি কৰে।

 

সামৰণি অনুষ্ঠানত পৰিষদৰ ১৫ নং গোগামুখ সমষ্টিৰ সাধাৰণ সদস্য ৰাজু পেগু আৰু ১৪ নং জীয়াধল সমষ্টিৰ সাধাৰণ সদস্য বাণীকান্ত দলে ৰ লগতে পৰিষদৰ বিশেষ কৰ্তব্যৰত বিষয়া ডাঃ অনিল কুমাৰ পেগু উপস্থিত থাকে।

 

মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ সদস্যদ্বয় আৰু বিশেষ কৰ্তব্যৰত বিষয়াগৰাকীয়ে প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলৰ লগতে এই কাৰ্যসূচী সুচাৰুৰূপে প্ৰশিক্ষণ প্ৰদান কৰা প্ৰশিক্ষকগৰাকীক ধন্যবাদ জ্ঞাপন কৰে।

লগতে নতুন প্ৰশিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ বাবে সাধাৰণ সদস্যদ্বয় আৰু বিশেষ কৰ্তব্যৰত বিষয়াগৰাকীয়ে দাড়ি আৰু চুলি কাটি উৎসাহ জনাই প্ৰশিক্ষাৰ্থীসকলক।

 

উত্তৰ-পূব ক্ষুদ্ৰ বিত্তীয় বেংক ৰ বিষয়ববীয়া ক্ৰমে- উত্তৰ লখিমপুৰ মণ্ডলৰ খণ্ড প্ৰবন্ধক অশ্বিনী শইকীয়া, ৰিকোভাৰী মেনেজাৰ ৰূপম ভাগৱতী আৰু গোগামুখ শাখাৰ শাখা প্ৰবন্ধক পংকজ শৰ্মাই প্ৰশিক্ষাৰ্থীসকলক আৰ্থিক সহযোগ আগবঢ়োৱাৰ বাবে এক মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰে।

বিশেষ কৰ্তব্যৰত বিষয়াগৰাকীয়ে R News India24ক জানিব দিয়ে ২৯ আগষ্ট ২০২২ৰ পৰা আৰম্ভ হ’ব দ্বিতীয় খণ্ডৰ এই নাপিতৰ প্ৰশিক্ষণ।

উল্লেখ্য যে, উক্ত প্ৰশিক্ষনৰ প্ৰশিক্ষাৰ্থী, প্ৰশিক্ষক, বিভাগীয় বিষয়ববীয়া আৰু অনাগত দিনত অনুষ্ঠিত হব লগা এনে ধৰনৰ প্ৰশিক্ষণৰ প্ৰতি পৰিষদ অঞ্চলৰ শিক্ষিত নিৱনুৱা, যুৱক যুৱতী সকলক উৎসাহ আৰু আকৰ্ষিত কৰাৰ উদ্দেশ্যৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই সামাজিক প্ৰচাৰ মাধ্যমৰ জৰিয়তে উৎসাহজনক মন্তব্য প্ৰকাশ কৰি কয়, ক্ষুদ্ৰ উদ্যোগিক যুৱক যুৱতী সকলক সহায় সহযোগীতা কৰাৰ বাবে আমি সদায় প্ৰস্তত আছোঁ।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ আঁচনি
মিচিং স্বায়ত্তশাসিত পৰিষদৰ ক্রীড়া বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।

 

 

R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *