৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com February 1/2023:-
1. আজি মুকলি হ’ল ফাঁচী বজাৰৰ নতুন পদসেতু।
১৬.৫৯ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা হৈছে সেতুখন।
সেতুখন মুকলি কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অশোক সিংহল, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, মৃগেন শৰনীয়া, জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা আৰু বহু গন্যমাণ্য ব্যক্তি।
2. আজি মহাকাশচাৰী কল্পনা চাওলাৰ মৃত্যুবাৰ্ষিকী।
২০০৩ চনৰ আজিৰ দিনটোতে মাজ আকাশত মৃত্যুবৰণ কৰিছিল কল্পনা চাওলাই।
তেখেতৰ মৃত্যুবাৰ্ষিকীত Rnewsindia24 তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ
3. “যোৱা ৩২ বছৰে বিভিন্ন ধৰণেৰে অসম আৰক্ষীক সেৱা আগবঢ়াই আহিছোঁ আৰু আজি অসম আৰক্ষীক নেতৃত্ব দিবলৈ পাই সুখী অনুভৱ কৰিছোঁ”- আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং।
4. অসম কৃষি বিশ্ববিদ্যালয় কমপ্লেক্সত আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ জনসংযোগ সঞ্চালকালয়ৰ দ্বাৰা স্থাপন কৰা দুখন এল.ই.ডি বিলবোৰ্ড আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।
বিভিন্ন চৰকাৰী ঘোষণা, আঁচনি, কাৰ্যসূচী, সজাগতা অভিযান আদি প্ৰচাৰৰ ক্ষেত্ৰত এই বিলবোৰ্ড সমূহে অনন্য ভূমিকা গ্ৰহণ কৰিব।
ইয়াৰ দ্বাৰা নিশ্চিতভাৱে সাধাৰণ জনগণ উপকৃত হ’ব বুলি মন্তব্য আগবঢ়াই মন্ত্ৰী গৰাকীয়ে।
উক্ত অনুষ্ঠানত উপস্থিত থাকে খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডীন ডা: বিবেকানন্দ শইকীয়া, জনসংযোগ বিভাগৰ সচিব অৰুন্ধুতী চক্ৰবৰ্তী, সঞ্চালক বিষ্ণু কমল বৰা আৰু বিভাগীয় বিষয়াবৰ্গ।
5. আয়কৰৰ নতুন সীমা ৭ লাখ টকা নিৰ্ধাৰণ।
পূৰ্বতে এই সীমা আছিল ৫ লাখ টকা।
বছৰি ৩ লাখ টকা উপাৰ্জন কৰাসকলে দিব নালাগে কৰ।
৩-৬ লাখ টকা উপাৰ্জন হ’লে দিব লাগিব ৫ শতাংশ কৰ।
৬-৯ লাখ টকা উপাৰ্জন হ’লে দিব লাগিব ১০ শতাংশ কৰ।
৯-১২ লাখ টকা উপাৰ্জন হ’লে দিব লাগিব ১৫ শতাংশ কৰ।
১২-১৫ লাখ টকা উপাৰ্জন হ’লে দিব লাগিব ২০ শতাংশ কৰ।
সংসদত ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ।
6. ৩ ফেব্ৰুৱাৰীত ছবিগৃহলৈ আহিব ‘ডক্তৰ বেজবৰুৱা ২’।
ছবিখন চাবলৈ আগ্ৰহেৰে ৰৈ আছে দৰ্শক।
ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰচাৰ অভিযান তুংগত।
7. অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ আজি দ্বিতীয় দিন।
বিদায় ক্ষণত সাহিত্য সভাৰ মঞ্চত প্ৰাক্তন সভাপতি ড° কুলধৰ শইকীয়া।
অসমীয়া ভাষা-সাহিত্যলৈ অহা প্ৰত্যাহ্বানসমূহৰ সৈতে পৰৱৰ্তী সময়ছোৱাতো মুখামুখি হৈ ভাষা-সাহিত্যক আগুৱাই নিবলৈ প্ৰতিশ্ৰুতিবদ্ধ প্ৰাক্তন সভাপতিগৰাকী।
8. আজিৰে পৰা ৰাজ্যৰ ১৪ জিলাত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ।
দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱে সামৰি ল’ব ১৫ হাজাৰ ৫৫৬খন বিদ্যালয়।
সামৰি ল’ব ১৪ জিলাৰ ১৫ লাখ ৭ হাজাৰ ৮৬৭ গৰাকী শিক্ষাৰ্থীক।
9. সদৌ অসম কুমাৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশন।
২০২৩ বৰ্ষৰ ১৮ আৰু ১৯ ফেব্ৰুৱাৰী তাৰিখে লখিমপুৰ জিলাৰ ৰন্তিজান সন্মিলিত যুৱ সংঘত আয়োজন কৰা হৈছে।
উক্ত অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, লখিমপুৰ লোকসভা সমষ্টিৰ বিধায়ক মানৱ ডেকা আৰু বহু গণ্যমান্য ব্যক্তি।
10. ট্ৰান্সজেণ্ডাৰসকলৰ আৱাসগৃহ ‘তৃতীয় নিৱাস’ পৰিদৰ্শন কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই।
আৱাসীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে ‘তৃতীয় নিৱাস’ৰ নামত আৱণ্টিত পুঁজি শীঘ্ৰে মুকলি কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীৰ।
11. ১৫ ফ্ৰেব্ৰুৱাৰীৰ পৰা অষ্টাদশ সংখ্যক কেপ্তেইন জিন্টু গগৈ বীৰ চক্ৰ সোঁৱৰণি ফুটবল টুৰ্ণামেণ্ট।
আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত উন্মোচন কৰা হয় প্রতিযোগিতাৰ ট্ৰফী।
এই অনুষ্ঠানতে টুৰ্ণামেণ্টৰ থিম ছং “জীত লো” মুকলি কৰা হয়।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী বিমল বৰা আৰু বহু গণ্য মান্য ব্যক্তি।
12. সংসদত দাখিল হ’ল কেন্দ্ৰীয় চৰকাৰৰ সাধাৰণ বাজেট।
‘নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দাখিল কৰা হৈছে বাজেট।
উত্তৰ-পূৰ্বাঞ্চলৰ বাবে একো নাই বাজেটত।
বাজেটখনৰ ফলত ভৱিষ্যতে দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা।
জীৱন-জীৱিকাৰ প্ৰতি জটিলতা অহাৰ সম্ভাৱনা।’
বাজেটক লৈ মন্তব্য সাংসদ প্ৰদ্যুৎ বৰদলৈৰ।
13. খানাপাৰাৰ পৰা নিখোজ নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰ ত্ৰিদীপ কলিতা।
খানাপাৰা উৰণ সেতুৰ তলত উদ্ধাৰ হৈছে ছাত্ৰজনৰ দুটা বেগ।
মঙলদৈৰ পৰা নগাঁৱলৈ গৈ থকা অৱস্থাত শনিবাৰে সংঘটিত হয় এই ঘটনা।
কোনো অচিনাক্ত দুৰ্বৃত্তই অপহৰণৰ সন্দেহ প্ৰকাশ কৰিছে ছাত্ৰজনৰ পৰিয়ালে।
14. G20 সন্মিলনৰ প্ৰাকক্ষণত কাজিৰঙাত উপস্থিত হয় G20ৰ প্ৰতিনিধিৰ দল।
পৰিদৰ্শন কৰে কঁহৰা, বাগৰি বনাঞ্চল আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ সংগ্ৰহালয়।
15. ইম্ফলত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে।
শুল্ক বিভাগৰ অভিযানত ২৬ হাজাৰ ৮০০ নিচাযুক্ত টেবলেট জব্দ কৰা হৈছে।
জব্দকৃত টেবলেটখিনিৰ মূল্য ২ কোটি ৬৮ লাখ টকা।
16. ডবকাত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী।
আৰক্ষীৰ গুলীত আহত হয় শ্বৰিফ উদ্দিন নামৰ এটা ড্ৰাগছ ব্যৱসায়ী।
নাহাৰ গাঁৱত সংটিত হয় এই গুলীচালনাৰ ঘটনা।
17. মুকালমুৱাৰ কাপলাবড়ীত চাঞ্চল্যকৰ ডকাইতি৷
ব্যৱসায়ীক আক্ৰমণ কৰি লুটিলে প্ৰায় ১১ লাখ টকা৷
গুৰুতৰভাৱে আহত হয় আমিৰ আলী প্ৰধানী, পৰাণ আলী৷
আমিৰ আলীৰ পৰা ডকাইতৰ দলটোৱে লুটি নিলে ধনখিনি৷
বৰতলাত বাহনসহ ৰাইজে আটক কৰিলে এটা ডকাইতক৷
ঘটনাস্থলীৰ পৰা পলায়ন আন তিনিটা ডকাইতৰ৷
সম্প্ৰতি মুকালমুৱাৰ আৰক্ষীৰ জিম্মাত ধৃত ডকাইতটো৷
18. ঝাৰখণ্ডৰ ভয়ংকৰ অগ্নিকাণ্ডত ১৪ গৰাকী লোক মৃত্যু হয়৷
মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা৷
গুৰুতৰভাৱে আহত প্ৰায় ২০ গৰাকী৷
ধনবাদৰ এটা অট্টালিকাত সংঘটিত হয় এই অগ্নিকাণ্ড৷
জুয়ে আৱৰি ধৰে ধনবাদৰ আশীৰ্বাদ টাৱাৰ৷
অট্টালিকাত আবদ্ধ লোকক উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত৷
19. চিমেন চাপৰিৰ চেৰেন পথাৰত অনুস্থিত হ’ব শ্ৰীমন্ত শংকৰ সংঘৰ ৯২ সংখ্যক অধিৱেশন।
অধিৱেশনত সমবেত হ’ব প্ৰায় 50 হাজাৰ প্ৰতিনিধি৷
প্ৰতিনিধিসকল থকাৰ বাবে অধিৱেশন থলীত নিৰ্মাণ কৰা হৈছে 83 টা প্ৰকাণ্ড প্ৰতিনিধি শিবিৰ৷
১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হব এই অধিৱেশন।
20. ডিফুত ১ কোটি টকাৰ হেৰ’ইন জব্দ কৰা হৈছে।
ডিফুৰ ১ নং পুলিছ পইণ্টৰ সমীপত জব্দ কৰা হয় ড্ৰাগছখিনি।
ৰাজস্থানৰ চন্দ্ৰশেখৰ সিং আৰু ধীৰাজ চোকাংকিক আটক কৰে আৰক্ষীয়ে।