আমাৰ শৰীৰত আইৰণ থকাটো অতি প্ৰয়োজন।
আইৰণৰ অভাৱৰ ফলত ৰক্তহীনতা, ছাল হালধীয়া হোৱা, মূৰ ঘূৰোৱা, উদ্বিগ্নতা, ভাগৰ, কাম কৰাৰ ক্ষমতা হ্ৰাস, দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা, মনোযোগৰ অভাৱ আদিৰ দৰে সমস্যা হ’ব পাৰে।
শিশুৰ ক্ষেত্ৰত আইৰণৰ অভাৱৰ ফলত শিশুৰ মগজুৰ ক্ষমতা হ্ৰাস হয়।
গৰ্ভৱতী মহিলাৰ বাবে আইৰণ অতি গুৰুত্বপূৰ্ণ।
আইৰণৰ অভাৱৰ বাবে গৰ্ভত থকা কেঁচুৱাটোৰ বিকাশো প্ৰভাৱিত হয়।
আইৰণৰ অভাৱে গৰ্ভাৱস্থাত মহিলাৰ এনিমিয়া আশংকা বৃদ্ধি কৰে আৰু কেঁচুৱাৰ আইৰণৰ অভাৱ হ’ব পাৰে।
কেঁচুৱাটোৰ মগজুৰ বিকাশো প্ৰভাৱিত হ’ব পাৰে।
জানো আহক কি কি খাদ্যত প্ৰচুৰ পৰিমাণে আইৰণ পোৱা যায়-
ক) বীট, ডালিম, পালেং শাক।
খ) বাদাম, মধুৰীআম, ব্ৰকলি।
গ) ডাৰ্ক চকলেট, শুকান গুটি।
ঘ) মাহজাতীয় শস্য- বীন, মচুৰ দাইল, চজিনা, পটল, আৰু সৰিয়হ।
ঙ) যকৃত আৰু অন্যান্য অংগ মাংস, ধনিয়া।
গতিকে আইৰণ সমৃদ্ধ এই খাদ্যবোৰ গ্ৰহণ কৰক আৰু সুস্থ-সবল হৈ থাকক।
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ।
Mising Autonomous Council .
News Editor Sangita Dutta R News India 24