অমিতাৰ ঔষধী গুণ আৰু উপকাৰীতা।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

কেঁচা অমিতা আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰি।

কেঁচা অমিতা খালে দেহৰ বহু বেমাৰ নাশ হয়।

আপুনি বাৰু কেঁচা অমিতা খায় নে ?

জানো আহক কেঁচা অমিতাত কি কি ঔষধী গুণ আছে –

1. কেঁচা অমিতা হজমী শক্তি বৃদ্ধি কৰাত অতি উপকাৰী।

2. কৌষ্ঠকাঠিন্য, অৰ্শ ৰোগত কেঁচা অমিতা উপকাৰী।

3. কেটেৰেক্ট বা বয়সস্থ লোকৰ হোৱা চকুৰ বিভিন্ন সমস্যাতো কেঁচা অমিতা উপকাৰী।

4. মহিলাৰ মাহেকীয়া সময়ত বিষ হলে কেঁচা অমিতাৰ চবজি অতি উত্তম।

5. শালমইনা, ক’লা দাগ, এলাৰ্জি আদি ছালৰ সমস্যা থকা লোকে কেঁচা অমিতা খালে সুফল পোৱা যায়।

6. গেছ, বদহজম, বুকু জ্বলা পোৰা আদিৰ সমস্যাত কেঁচা অমিতা উপকাৰী।

7. কলেষ্টৰল সমস্যাত কেঁচা অমিতা উপকাৰী।
ই হাৰ্টৰ সুৰক্ষা কৰে।
সেয়েহে হাৰ্টৰ ৰোগীয়ে মাজে সময়ে কেঁচা অমিতাৰ আঞ্জা কৰি খাব লাগে।

8. হাপানী, ব্ৰংকাইটিছ, কাহ, জ্বৰ হলে কেঁচা অমিতা খাব লাগে।

9. প্ৰসূতি স্ত্ৰীৰ দুগ্ধ উৎপাদন বৃদ্ধি কৰাত কেঁচা অমিতা উপকাৰী।

10. ওজন কমোৱাত কেঁচা অমিতাই সহায় কৰে।

গতিকে কেঁচা অমিতা খাওঁক আৰু নিৰোগী হৈ থাকক।

বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ।

 

News Editor Sangita Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *