১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam 24 March 2024:-
1. লাডাখত সশস্ত্ৰ বাহিনীৰ জোৱানৰ সৈতে হোলী উদযাপন কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী ৰাজনাথ সিঙে।
“লাডাখৰ ভূমি সাধাৰণ ভূমি নহয়, ছিয়াচেন, কাৰ্গিল, ভাৰত মাতাৰ দেশ’।
লাডাখে ৰাষ্ট্ৰীয় সংকল্পক প্ৰতিনিধিত্ব কৰে” বুলি মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে।
2. প্ৰদেশ কংগ্ৰেছৰ মিডিয়া কোষৰ পৰা পদত্যাগ ভৰত নৰহৰ৷
APCCৰ সভাপতি ভূপেন বৰালৈ প্ৰেৰণ কৰে পদত্যাগ পত্ৰ।
পত্নী ৰাণী নৰহে টিকট নোপোৱাৰ বাবে এই সিদ্ধান্ত ভৰত নৰহৰ।
3. বঙাইগাঁৱত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
খানাপাৰাৰ পৰা হেলিকপ্টাৰেৰে বঙাইগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী ড’ শৰ্মা।
বঙাইগাঁৱত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
4. দেশৰ প্ৰাক্তন বায়ুসেনাপ্ৰধান ৰাকেশ কুমাৰ সিং ভাদোৰিয়াৰ বিজেপিত যোগদান।
বিজেপি নেতা বিনোদ টাউৰে, অনুৰাগ ঠাকুৰৰ উপস্থিতিত যোগদান কৰে।
ৰাফেল যুদ্ধ বিমান নিৰ্মাণ ক্ৰয়ত গুৰত্বপূৰ্ণ ভূমিকা আছিল ভাদোৰিয়াৰ।
5. লখিমপুৰত লোকসভা নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ।
ভূপেন বৰাৰ ৰঙানদীস্থিত বাসগৃহৰ পৰা মনোনয়ন পত্ৰ গ্ৰহণ কৰে হাজৰিকাই।
6. ঐতিহ্যমণ্ডিত বটদ্ৰৱাৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ দেহাৱসান।
হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় সত্ৰাধিকাৰগৰাকীৰ।
7. টিকট লাভৰ পাছত প্ৰথমবাৰলৈ জন্মগাঁৱত উপস্থিত সৰ্বানন্দ সোণোৱাল।
ডিব্ৰুগড়ৰ বিন্ধাকটা মুলুকগাঁৱত সৰ্বানন্দ সোণোৱালক উষ্ম আদৰণি জনায় ৰাইজে।
বাসগৃহত উপস্থিত হৈ পিতৃ-মাতৃৰ সমাধিত সেৱা জনায় কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।
8. অগপৰ মুখ্য কাৰ্যালয়ত বিশেষ মত বিনিময় অনুষ্ঠান।
অনুষ্ঠানত উপস্থিত থাকে সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু নেতা কৰ্মী সকল।
9. দিল্লীৰ আপ মন্ত্ৰী আতিশীৰ সংবাদমেল।
“মুখ্যমন্ত্ৰী জেইলত থাকিলেও দিল্লীৰ একো কাম ৰৈ নাযায়।
তেওঁ এই পৰিস্থিটো নিজৰ কথা নাভাবি দিল্লীৰ জনতাৰ কথা ভাবিছে” – মন্তব্য পত্নী আতিশীৰ।
10. ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননী।
অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, চিকিম আৰু পশ্চিমবংগ হিমালয়ৰ পাদদেশৰ অঞ্চল বিশেষে পৰবৰ্তী দুদিনত বিজুলী-ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ’ব পাৰে।
11. প্ৰতিখন মহাবিদ্যালয়ত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মজয়ন্তী ‘চত্ৰ দিৱস’ পালন কৰাৰ নিৰ্দেশনা জাৰি ।
লগতে মহাবিদ্যালয়সমূহত পালন কৰিব লাগিব সাংস্কৃতিক অনুষ্ঠান।
12. “১০ বছৰে হোৱা উন্নয়নৰ বাবে ৰাইজে আকৌ নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিব”- মন্তব্য কিৰেণ ৰিজিজুৰ।
13. বিহালীৰ বিহপুখুৰীত শোকাৱহ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত হয় এজন, গুৰুতৰভাৱে আহত হয় ২জন।
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।
14. ত্ৰিপুৰাৰ ধলাই জিলাত প্ৰচণ্ড ধুমুহাত হ্ৰদত সন্ধানহীন ৪ মাছমৰীয়া।
এজন মাছমৰীয়াৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।
আৰু আন ৩জন মাছমৰীয়াৰ সন্ধানত অব্যাহত উদ্ধাৰ অভিযান।
15. শোণিতপুৰৰ ৰঙাপৰাৰ বৰজুলিত ভয়ংকৰ পথ দুৰ্ঘটনা৷
বলেৰো পিকাপ বাহনে খুন্দা মাৰে বাইকত।
দু্ৰ্ঘটনাত থিতাতে নিহত হয় দুই বাইক আৰোহী।
16. জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ।
শ্ৰীনগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৪ সন্ত্ৰাসবাদীক।
17. “সৰ্বানন্দ সোণোৱাল এজন ভদ্ৰলোক।
তেওঁক হিমন্তইও লাঠ দিলে, দিল্লীয়েও লাঠ দিলে” – মন্তব্য অখিল গগৈৰ।
18. লখৰাৰ পল্টনবজাৰ সংযোগী পথত গড়চুক আৰক্ষীৰ অভিযান।
অভিযানত জব্দ কৰে প্রায় ২১ কেজি গাঞ্জা।
এখন এল্ট’ বাহনত চলোৱা তালাচীত উদ্ধাৰ হয় গাঞ্জাখিনি।
19. আলফাৰ অপহৃত চন্দন নাৰ্জাৰী স্বগৃহত উপস্থিত হয়।
লিডুৰ কয়লা খনিৰ পৰা অপহৃত হৈছিল চন্দন৷
আলফা (স্বাঃ)-এ অপহৰণ কৰিছিল ৩জনকৈ যুৱকক,
যুৱক ৩ জনৰ মাজত আছিল গহপুৰৰ চন্দন নাৰ্জাৰীও৷
চন্দন স্বগৃহত উপস্থিত হোৱাৰ পাছতে পৰিয়ালটোত আনন্দৰ বন্যা সৃষ্টি হয়।
20. মহানগৰীৰ ধীৰেনপাৰাত চাঞ্চল্যকৰ ঘটনা।
অট্টালিকাৰ পৰা পৰি মৃত্যু হয় এগৰাকী মহিলা।
মৃত মহিলাগৰাকীৰ নাম সৰিতা আগৰৱালা।
Sangita Dutta Editor in Chief Rnewsindia24.com