ডায়েট ধেমাজিৰ জ্যেষ্ঠ প্ৰৱক্তা ইন্দ্ৰজিৎ গামক সুদীৰ্ঘ কাল সমাজসেৱা আৰু জনকল্যাণমূলক ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে ২৫ এপ্ৰিল ২০২৬ তাৰিখে
দিল্লীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ United American University for Leadership and Excellence-এ সন্মানীয় “ডক্টৰেট” সন্মান প্ৰদান কৰে।
তেখেত ধেমাজি জিলাৰ ৬ নং ৱাৰ্ডৰ কুলাপথাৰ পানীগাঁৱৰ নিবাসী।
যোৱা ১৭ বছৰতকৈও অধিক সময় ধৰি তেওঁ মহিলা সৱলীকৰণ, দুৰ্যোগ বিপদাশংকা হ্ৰাস, গ্ৰামোন্নয়ন, স্বাস্থ্যসেৱা, জীৱিকাৰ উন্নয়ন, শিক্ষা আৰু শিক্ষক প্ৰশিক্ষণ আদি ক্ষেত্ৰত অতি নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই আহিছে।
পিছলৈ প্ৰধানমন্ত্ৰীৰ গ্ৰাম্য উন্নয়ন ফেল’শ্বিপ (PMRDF)-ৰ অধীনত দূৰ্গম অঞ্চলত আদৰ্শ গাঁও উন্নয়ন, পথ সংযোগ, জনঅভিযোগ নিষ্পত্তি আৰু বৃত্তিমূলক শিক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰে।
শিক্ষাৰ বহনক্ষম উন্নয়ন (ESD) বিষয়ক NCERT-ৰ ৰাষ্ট্ৰীয় পৰামৰ্শ বৈঠকতো অসমৰ প্ৰতিনিধিত্ব কৰাৰ লগতে বিভিন্ন শৈক্ষিক মঞ্চত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে।
আনহাতে, সংগঠনমূলক ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
বৰ্তমান তেওঁ সদৌ অসম ডায়েট বিষয়া সন্থা (AADOA)-ৰ ৰাজ্যিক সভাপতি (২০২৫–২০২৭) হিচাপে দায়িত্ব পালন কৰি শিক্ষক শিক্ষা ব্যৱস্থাৰ উন্নয়ন আৰু বিষয়া সকলৰ স্বাৰ্থ সুৰক্ষাৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰি আছে।