শিশুক উৰহী কিয় খোৱাব লাগে জানে নে ?

Spread the love

উৰহী আমাৰ দেহৰ বাবে উপকাৰী।

উৰহী খালে বহু বেমাৰৰ পৰা হাত সাৰিব পাৰি।

উৰহীত ভিটামিন এ, ভিটামিন চি, ফ’লেট্‌ ফাইবাৰ বা আঁহ, এন্টিঅক্সিডেন্ট, কেলচিয়াম, আইৰণ, পটাচিয়াম ফচফৰাচ, মেগনেছিয়াম, ছ’ডিয়াম, জিংক আদিৰে ভৰপূৰ।

জানো আহক উৰহীত কি কি ঔষধী গুণ আছেঃ

1. উৰহী খালে পানীলগা, কফ, হাঁপানী আদি ৰোগক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সহায় কৰে।

2. উৰহীত ভিটামিন চি থাকে বাবে শৰীৰৰ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে।

3. শিশুক উৰহী খোৱালে শৰীৰত এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে।

4. উৰহীত চেলেনিয়াম, মেংগানিজ আৰু জিংক থাকে বাবে হাঁওফাঁওৰ বিকাৰ থকা লোকসকলৰ বাবে উপকাৰী।

5. উৰহী মগজুৰ বাবে অতি উপকাৰী।

6. উৰহীয়ে হৃদৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে আৰু অনিদ্ৰাৰ সমস্যা দূৰ কৰে।

7. উৰহী খালে হজমী শক্তি বৃদ্ধি কৰে।

গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে উৰহী খাওঁক আৰু নিৰোগী হৈ থাকক।

মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।

বিঃদ্ৰঃ – অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।

 

Sangita Dutta R News India 24

সংগীতা দত্তৰ প্ৰতিবেদন rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *