৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ। - R News India 24
Skip to content
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
Rnewsindia24.com Assam August 7/2023:-
1. আজি গোলাঘাট জিলাৰ বোকাখাতত মুখ্যমন্ত্ৰী ‘বিকাশ উৎসৱ’।
বিভিন্ন প্ৰকল্পৰ আধাৰশিলা-উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, লোকনিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত তথা সচিব ৰাজ চক্ৰৱৰ্তী, আয়ুক্ত তথা বিশেষ সচিব চন্দন শৰ্মা আৰু বোকাখাত জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক সঞ্জীৱ শইকীয়াকে ধৰি বহু গণ্যমান্য ব্যক্তি।
2. কেন্দ্ৰীয় ৰসায়ন–সাৰ মন্ত্ৰী মনসুখ মাণ্ডব্যক সাক্ষাৎ কৰে ভূপেন বৰাৰ লগতে সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, আব্দুল খালেক, অজিত ভূঞাই।
নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট কাৰ্যক্ষম কৰি তোলাৰ দাবী তেওঁলোকৰ।
সেই দাবীত কেন্দ্ৰীয় মন্ত্ৰীজনক প্ৰদান কৰে এখনি স্মাৰক পত্ৰ।
3. ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পক ন-ৰূপ দিয়াৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ।
নেহৰু ষ্টেডিয়াম পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
লগত সংগ দিয়ে BCCIৰ যুটীয়া সচিব দেৱজিত শইকীয়াই।
4. ভাৰতীয় ক্ৰিকেট খেলুৱৈ উমা ছেত্ৰীলৈ ১০ লাখ টকাৰ সাহায্য ৰাজ্য চৰকাৰৰ।
5. ৰাজ্যলৈ গৌৰৱ কঢ়িয়ালে গোৱালপাৰাৰ ছাহিনা বেগমে।
ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় গেমছত অৰ্জন কৰিলে ২টাকৈ সোণসহ এটা ৰূপৰ পদক।
6. উৎকোচ লৈ গ্ৰেপ্তাৰ গহপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল নৌচাদ আলী।
7. ৰে’লৰ খুন্দাত লামডিঙত ৰে’লৱে কৰ্মচাৰীৰ মৃত্যু।
উজনিমুৱা শতাব্দী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় লোকজন।
মৃত কৰ্মচাৰীজনৰ নাম শৈবিক কুমাৰ গুপ্তা।
8. কমনৱেলথ জুডো চেম্পিয়নশ্বিপত ৰূপৰ পদক জয় অসমৰ পল্লৱ জ্যোতি গোহাঁইৰ।
দক্ষিণ আফ্ৰিকাৰ পোৰ্ট এলিজাবেথত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।
9. দাম বৃদ্ধিৰ বিৰুদ্ধে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ প্ৰতিবাদ।
শিৱসাগৰৰ দৌলমুখ চাৰিআলিত আটাছুৰ প্ৰতিবাদী কাৰ্যসূচী।
10. পুনৰ সংসদত সাংসদ ৰাহুল গান্ধী।
সাংসদ পদ ঘূৰাই পোৱাৰ পাছতে সংসদত উপস্থিত হয় কংগ্ৰেছ নেতাগৰাকী।
11. দিল্লীৰ এইমছত বিধ্বংসী অগ্নিকাণ্ড।
এইমছৰ দ্বিতীয় মহলাত লাগে জুই।
আতংকিত হৈ পৰে চিকিসাৎলয়খনৰ ৰোগী-অভিভাৱক, কৰ্মচাৰী।
12. কৰিমগঞ্জৰ বাৰইগ্ৰামত ৰহস্যজনক অগ্নিকাণ্ড।
ভস্মীভূত হয় এখন ব্যৱসায়িক প্ৰতিষ্ঠানসহ দুখন বাহন।
13. গুৱাহাটীত কুলাংগাৰ পুত্ৰৰ জঘন্য কাণ্ড।
খুঁটাত বান্ধি জন্মদাত্ৰী মাতৃক গুৰুলা গুৰুলকৈ প্ৰহাৰ ।
লাঠীৰে কোবাই কোবাই মাতৃক প্ৰহাৰ কুলাংগাৰ পুত্ৰৰ।
কুলাংগাৰ পুত্ৰৰ নাম সমৰজ্যোতি ভৰালী।
মৰিয়াই মৰিয়াই গাত ঢালি দিয়ে গৰম পানীও।
বৃদ্ধা মাতৃক চোতালত ৰছীৰে বান্ধি থৈ দিয়ে পুত্ৰই।
জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপতে সংঘটিত এই কাণ্ড।
14. অইলত চাকৰি দিয়াৰ নামত প্ৰলোভন।
মৰাণত নিবনুৱাৰ পৰা লাখ লাখ টকা আত্মসাৎ প্ৰৱঞ্চকৰ।
প্ৰৱঞ্চক ৰাজীৱ কুমাৰ মহত্বৰ বিৰুদ্ধে এজাহাৰ ভুক্তভোগী যুৱকৰ।
সহযোগী দেৱজিৎ দত্তৰ বিৰুদ্ধেও মৰাণ থানাত এজাহাৰ।
ৰাংচালী গাঁৱৰ বিপ্লৱ হালদাৰসহ সাতজন যুৱকৰ পৰা লৈছিল ধন।
ৰাজীৱ মহত্বৰ বিৰুদ্ধে পূৰ্বেও আছে বহু প্ৰৱঞ্চনাৰ অভিযোগ।
15. চন্দ্ৰপুৰত পল্টন বজাৰ আৰক্ষীৰ গুলীত আহত হয় চিলনী চোৰ।
সম্প্ৰতি GMCHত ভৰ্তি কৰোৱা হয় আহত অৰ্জুন সাহাক।
16. মৰিগাঁৱৰ মৈৰাবাৰীত ড্ৰাগছ ব্যৱসায়ীক আটক।
দলৈগাঁৱৰ পৰা ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰীটোক।
ব্যৱসায়ীটোৰ পৰা জব্দ কৰে ১৯টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ।
সৰবৰাহকাৰীটো হাঁহচৰা গাঁৱৰ বাহাৰুল ইছলাম।
পূৰ্বেও ড্ৰাগছ বিক্ৰীৰ অপৰাধত জে’ললৈ গৈছিল ধৃত বাহাৰুল।
17. বশিষ্ঠ মন্দিৰৰ চৌহদত আৰক্ষীৰ জালত ড্ৰাগছ আসক্ত।
আৰক্ষীয়ে আটক কৰে আমিনগাঁৱৰ এজন কিশোৰক।
18. ছিৰিয়াৰ দামাস্কাচ চহৰত ইজৰাইলৰ মিছাইল আক্ৰমণ।
নিহত হয় ৪গৰাকী ছিৰিয়ান সৈনিক।
আক্ৰমণত আহত হয় ৪জন।
19. অঞ্চলটোৰ নিৰাপত্তাৰ খাটিৰত সষ্টম ডিগবৈ থানাৰ অন্তৰ্গত পুৰুষ আৰু মহিলা গাঁওৰক্ষীবাহিনী।
অঞ্চলটোত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল’লে তিনিচুকীয়াৰ SP অভিজিৎ দিলীপ গৌৰৱে।
20. ISBTত হেৰ’ইনসহ আটক এজন সৰবৰাহকাৰী।
১.৩৩ গ্ৰাম হেৰ’ইনসহ আৰক্ষীয়ে আটক কৰে তিনিচুকীয়াৰ নপুখুৰীৰ আছাদুল আলীক।