খাদ্য আৰু স্বাস্থ্যৰ শিতান "কি খাওঁ কিয় খাওঁ"। - R News India 24
Skip to content
® Bomyérung Do:nyi-po:lo
প্ৰিয় পাঠক খাদ্য আৰু স্বাস্থ্যৰ শিতান কি খাওঁ কিয় খাওঁ ত আজি আপোনালোকলৈ আগবঢ়াইছোঁ
কলডিল অৰ্থাৎ কলফুলৰ বিষয়ে।
প্ৰথমে আমি নিজকে ভাল পাব লাগিব, ভালে থাকিবলৈ হ’লে স্বাস্থ্যৰ প্ৰতি সকলোৱে গুৰুত্ব দিব লাগিব।
বিশেষকৈ সময়মতে খোৱা আৰু শোৱা।
স্বাস্থ্যৱান হৈ থাকিলে মনটো আনন্দিত আৰু আত্মসন্তুষ্টি লাভ কৰিব পাৰিম।
ইতিবাচক তথা যোগাত্মক চিন্তাৰে মনটো সজতনে ৰাখিলে মানসিক চাপৰ পৰা নিজকে বচাই ৰাখিব পাৰি।
বৰ্তমান সময়ত বিভিন্ন ৰাসায়নিক দ্ৰব্য ব্যৱহাৰি খাদ্য গ্ৰহণ, অনিয়মীক কৰ্মব্যস্ততা, আৰামদায়ক সা-সামগ্ৰী ব্যৱহাৰ আৰু শাৰীৰিক পৰিশ্ৰম হীনতাৰ বাবে মধুমেহ, উচ্চ ৰক্তচাপ, অত্যধিক ক’লেষ্টেৰল আদি বিভিন্ন ৰোগে আমাৰ দেহত দেখা দিছে।
সেয়ে আমি খাদ্যৰ প্ৰতি বিশেষভাৱে গুৰুত্ব দিব লাগিব।
কোনবোৰ খাদ্য কোনটো ৰোগৰ বাবে ক্ষতিকাৰক, কোন সময়ত কোনবোৰ খাদ্য খাব লাগে আৰু কি খাব নালাগে সেই কথা জনাটোও অত্যন্ত প্ৰয়োজনীয়।
যদি এটা সুন্দৰ স্বাস্থ্যসন্মত জীৱন প্ৰণালী বা খাদ্য প্ৰণালী বাছি লওঁ তেতিয়া আমি বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পাৰিম।
আনহাতে, নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাটোও অতি জৰুৰী।
স্বাস্থ্য পৰীক্ষাই আমাৰ দেহৰ নানা ৰোগ প্ৰাৰম্ভিক অৱস্থাতে ধৰা পেলাই আৰু তৎকালীনভাৱে চিকিৎসাৰ দ্বাৰা এক সুস্থ শৰীৰ লাভ কৰিব পাৰোঁ।
কলডিল প্ৰায় সকলোৰে প্রিয়।
কলডিলৰ সোৱাদ সাধাৰণতে কেহা আৰু তিতা হয়।
ভীমকলৰ ডিলত কেঁহা ভাব নাথাকে আৰু সেই ডিল খাবলৈ সু-স্বাদু।
আজিকালি বজাৰত ইয়াৰ দাম ক্ৰমে বৃদ্ধি পাবলৈ ধৰিছে।
সাধাৰণতে বাৰিষাকালত কলডিল ভালেখিনি ৰসাল আৰু সোৱাদযুক্ত হয়। সেই সময়ত খোৱাৰ বাবে বেছি উপযোগী হৈ পৰে।
কলডিল যথেষ্ট পুষ্টিকাৰক আৰু ঔষধি গুণসম্পন্ন।
জালুক, আদা, নহৰু, পিঁয়াজ, জলকীয়া আৰু মচলাৰ লগত সিজালে কলডিলৰ তিতা স্বাদ মুঠেই নোহোৱা হয়।
কোনোৱে মিহিকৈ কাটি শুকানকৈ ভাজি খাই ভাল পায়।
কোনোৱে দাইলৰ লগত মিহলাই জুলীয়া আঞ্জা বা তৰকাৰী পছন্দ কৰে। কোনোৱে মাংসৰ লগত, পিটিকা, চাটনি কৰি খায়।
কিন্তু লাগতিয়াল কথাটো হ’ল, আপুনি যেনেকৈয়ে খালেও কলডিলৰ উপকাৰিতাখিনি পাবই।
কলডিল প্ৰচুৰ পৰিমাণে প্ৰ’টিন, ফেট, কাৰ্ব’হাইড্ৰেট, ফাইবাৰ, কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, আইৰন, কপাৰ, ফছফৰাছ, ভিটামিন-ই, ভিটামিন-এ, ভিটামিন-চি, মিথানল আৰু কেইবাবিধো এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ।
কলডিলৰ বৈজ্ঞানিক নাম Musa acuminata.
কলডিলত থকা ফ্লেভনইড হ’ল কেৱল গছ-গছনিত থকা উপকাৰী ৰাসায়নিক পদাৰ্থ, যাৰ উপস্থিতি হ’ল মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধক অৰ্থাৎ ইমিউনিটী বঢ়োৱাত সহায় কৰে।
কলডিলৰ ঔষধী গুণ
১/ কলডিল আঞ্জা ৰান্ধি খালে তেজ পৰিষ্কাৰ হয়।
২/ কলডিলৰ আঞ্জা মধুমেহ ৰোগীয়ে খালে তেজৰ শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰিত হয়।
৩/ কলডিল লৌহ পদাৰ্থৰ ভাল উৎস হোৱাত গৰ্ভৱতী মহিলা আৰু ৰক্তাল্পতাত ভোগা ৰোগীৰ বাবে অতি উত্তম।
৪/ কলডিলত প্ৰচুৰ পৰিমাণে (আঁহ) থকাৰ বাবে কোষ্ঠ-কাঠিন্যত ভোগা ৰোগীৰ বাবে অতি উপকাৰী।
ভীমকলৰ ডিল নিম্ন ৰক্তচাপত ভোগা ৰোগীৰ বাবে মহৌষধ।
ইয়াৰ বিপৰীতে কিন্তু উচ্চ ৰক্তচাপত ভোগা লোকৰ বাবে ইয়াক অপথ্য বুলি কোৱা হয়।
৫/ পেটচলা অথবা গ্ৰহণীৰ সময়ত কলডিলৰ আঞ্জা খালে সুফল পোৱা যায়।
বিভিন্ন সময়ত আমাৰ পেটচলা হয়, তেনে সময়ত কলদিল জুলীয়াকৈ ৰান্ধি খালে উপশম পোৱা যায়।
৬/ কলডিলৰ আঞ্জা কলাখাৰযুক্ত কৰি খালে এচিডিটী হ্ৰাস পায়।
৭/ কলডিলে শৰীৰৰ প্ৰজেষ্টৰন হৰমোনৰ মাত্ৰা বঢ়ায়, যাৰ ফলত মাহেকীয়াৰ অতিস্ৰাৱ ৰোধ হয়।
৮/ কলডিলে মাতৃৰ দুগ্ধ উৎপাদন বৃদ্ধি কৰে।
আজিকালি প্ৰায়ে শুনিবলৈ পোৱা যায় যে, বহু নাৰীয়ে সন্তান জন্ম দিয়াৰ পাছত গাখীৰৰ পৰিমাণ খুব কম বা কিছু সংখ্যকৰ নাথাকেই, তেনে সময়ত বিশিষ্ট চিকিৎসকক অৱগত কৰোৱা লগতে কলডিল খালে মাতৃসকলৰ গাখীৰ বৃদ্ধি হ’ব।
৯/ কলডিলত থকা ভিটামিন-ই আৰু ভিটামিন-চি ছালৰ অতি উপযোগী।
কলডিল খালে ছালৰ উজ্জ্বলতা বৃদ্ধি হয়, ছালৰ বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়।
১০/ কলডিলত প্রচুৰ পৰিমাণে আয়ৰন থাকে যিয়ে ৰক্তত হিমোগ্লোবিন বৃদ্ধিৰ কাম কৰে।
১১/ কলডিলত থকা মিথানল আৰু অন্যান্য এণ্টিঅক্সিডেণ্টে ফ্ৰী ৰেডিকেলছৰ সৈতে যুঁজ দিয়ে।
১২/ নিয়মীয়াকৈ কলডিল গ্ৰহণ কৰা লোকক অকাল বাৰ্ধক্য, স্নায়ৱিক, মানসিক ৰোগ আৰু কেঞ্চাৰে সহজে স্পৰ্শ কৰিব নোৱাৰে।
১৩/ কলডিলত থকা মেগনেছিয়ামে মানসিক অৱসাদ দুঃচিন্তা আঁতৰোৱাত বিশেষভাৱে সহায় কৰে।
১৪/ কলডিলে নানাবিধ স্নায়ৱিক ৰোগ আৰু জৰায়ুৰ পৰা সুৰক্ষা দিয়ে ।
১৫/ কলডিলত ফাইবাৰ থকাৰ বাবে মেদবহুলতা কমাবলৈ কলডিল খোৱা উচিত।
১৬/ কলডিল খালে শৰীৰৰ কটা-ছিঙা ঘা সোনকালে শুকাই।
১৭/ কলডিল খালে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে।
ই শৰীৰত গ্লুক’জৰ মাত্রা হ্ৰাস কৰি তেজৰ চেনি নিয়ন্ত্রণত সহায় কৰে।
১৮/ বৃক্ক ৰোগীৰ বাবেও কলডিল উপকাৰী।
ইয়াৰ নেফ্র’ প্রটেক্টিভ এক্টিভিটি আছে যিয়ে বৃক্কক সুস্থ কৰি ৰখাত সহায় কৰে, লগতে বৃক্কৰ পাথৰৰ সমস্যা নিৰাময় কৰে।
১৯/ মহিলা মাহেকীয়াৰ সময়ত হোৱা বিষত কলডিল খালে পেটৰ ক্ৰেম্প কম হোৱাত সহায় কৰে।
২০/ কলডিলে প্ৰজেষ্টেৰন হৰম’ন নিয়ন্ত্ৰণ কৰি ৰক্তক্ষৰণৰ সময়ত হোৱা বিষ কমোৱাত সহায়ক হয়।
২১/ কলডিল খালে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব পাৰি।
২২/ কলডিলত এণ্টিঅক্সিডেণ্ট গুণ আছে যি আলঝেইমাৰ, পাৰ্কিনছন, কৰ্কট ৰোগ আদি সমাধান কৰাত সহায় কৰে ।
২৩/ কলডিল খালে প্ৰজেষ্টেৰনৰ গঠন বৃদ্ধি হয় আৰু ইয়াৰ ফলত অত্যাধিক ৰক্তক্ষৰণ নিয়ন্ত্ৰণ হয়।
২৪/ কলডিল দ্ৰৱণীয় আৰু অদ্ৰৱণীয় ফাইবাৰ বা আঁহেৰে সমৃদ্ধ ।
দ্ৰৱণীয় আঁহে খাদ্যক পাচনতন্ত্ৰৰ মাজেৰে সহজে পাৰ হ’বলৈ দিয়ে আনহাতে অদ্ৰৱণীয় আঁহে বৃহৎ পৰিমাণে হজম কৰিব নোৱাৰা খাদ্য সহায় কৰে।
যি খাদ্যৰ হজম আৰু শোষণ তৎপৰতাত সহায় কৰে।
বৰ্তমান সময়ত শাক পাচলিৰ খেতি বা প্ৰস্তুত শৈলী যদি আমি চাওঁ যথেষ্ট পৰিমানে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা দেখা পোৱা যায়।
তাৰ বিপৰীতে কলডিলেই হয়টো এনে এক পাচলি বা খাদ্য, য’ত কোনোধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা নাযায়।
সেয়েহে এই উৎকৃষ্ট পাচলিবিধ সপ্তাহত এবাৰকৈ হ’লেও খাব পাৰিলে ভাল।
প্ৰিয় পাঠক, এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত।
অধিক তথ্য জানিবৰ বাবে আপোনালোকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ।।
Post navigation
Go Top