মিচিং আগম কৗবাঙৰ ২৫ সংখ্যক সাধাৰণ অধিৱেশন। - R News India 24
Skip to content
চিলাপথাৰ দঃঞি পঃল দৃৰবৃ লত্তাত ২৫ ছেপ্টেম্বৰ ২০২৬ তাৰিখৰ পৰা ২৭ ছেপ্টেম্বৰ তাৰিখলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মিচিং আগম কৗবাং (মিচিং সাহিত্য সভা)ৰ ২৫ সংখ্যক ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশন অনুষ্ঠিত কৰা হৈছে।
প্ৰথম দিন :- অধিৱেশন স্থলীৰ প্ৰৱেশদ্বাৰ শুভ উন্মোচন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সাধাৰণ সদস্য কনক দলেয়ে।
প্ৰতিনিধি সভাকক্ষৰ দ্বাৰ উন্মোচন কৰে কাৰ্য্যবাহী সদস্য যজ্ঞেশ্বৰ কুটুমে।
গ্ৰন্থ বিপনীৰ দ্বাৰ উন্মোচন কৰে সাধাৰণ সদস্য প্ৰতাপ চন্দ্ৰ টায়ে।
প্ৰতিনিধি সভাৰ আদৰণি ভাষণ প্ৰদান কৰে জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে।
সভাৰ সভাপতিত্ব কৰে মিচিং আগম কৗবাঙৰ সভাপতি হৰিনাৰায়ণ পেগুৱে।
প্ৰতিনিধি সভাৰ শুভ উদ্বোধন কৰে মিচিং আগম কৗবাঙৰ প্ৰাক্তন সভাপতি বিশিষ্ট চিকিৎসক ডাঃ জৱাহৰজ্যোতি কুলিয়ে।
উপস্থিত থাকে মিচিং জনগোষ্ঠীৰ জাতীয় সংগঠন MBK, MMK, MDK TMMK TMPKৰ কেন্দ্ৰীয় বিষয়ববীয়া, জাতীয় সংগঠনৰ পৰা নিয়োগ কৰা পৰ্য্যবেক্ষক সকলৰ লগতে বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধি বৰ্গ।
দ্বিতীয় দিন :-
মিচিং আগম কৗবাঙৰ পতাকা উত্তোলন কৰে কৗবাঙৰ সভাপতি হৰিনাৰায়ণ পেগুৱে।
সহযোগ কৰে উপ-সভাপতি কালিনাথ পাংগিং আৰু সাধাৰণ সম্পাদক সোমেশ্বৰ কপ্তাকে।
স্মৃতি তৰ্পণ কাৰ্যসূচীৰ বন্তি প্ৰজ্বলন কৰে উপ-সভাপতি কালিনাথ পাংগিঙে।
সহযোগিতা কৰে আগম কৗবাঙৰ উপস্থিত সমূহ বিষয়ববীয়াই।
আলোচনা সত্ৰৰ উদ্বোধনী ভাষণ প্ৰদান কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জহান দলেয়ে।
সমল ব্যক্তি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে মিচিং আগম কৗবাঙৰ প্ৰাক্তন সভাপতি গোবিন্দ টাইদ, প্ৰাক্তন সাধাৰণ সম্পাদক জোনাই মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ দলেয়ে।
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মিচিং আগম কৗবাং আৰু মিচিং জনগোষ্ঠীৰ বিষয়ে গুৰুত্বপূৰ্ণ ব্যক্তব্য প্ৰদান কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
আলোচনা সত্ৰত মিচিং জনগোষ্ঠীৰ জাতীয় সংগঠনৰ অন্যান্য কেন্দ্ৰীয় বিষয়ববীয়া সকলে মিচিং আগম কৗবাঙৰ আগন্তুক কাৰ্যসূচী আৰু মাতৃ ভাষাৰ সংৰক্ষণ প্ৰচাৰ-প্ৰসাৰৰ বিষয়ে গুৰুত্বপূৰ্ণ ব্যক্তব্য প্ৰদান কৰে।
আনহাতে ২০২৬ বৰ্ষত মিচিং আগম কৗবাঙৰ দ্বাৰা প্ৰকাশ কৰা গ্ৰন্থসমূহ আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰাৰ লগতে ব্যক্তিগতভাৱে প্ৰকাশ কৰা বহু কেইখন গ্ৰন্থ উক্ত অনুষ্ঠানত উন্মোচন কৰে।
উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে যশস্বী সাহিত্যিক তথা মিচিং আগম কৗবাঙৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক, সাহিত্যাচাৰ্য, আগম মিগাং ড° নাহেন্দ্ৰ পাদুন দেৱে।
আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ মুখ্য সচিব দেৱজিৎ বৰা।
সভাত উপস্থিত থাকে মিচিং আগম কৗবাঙৰ প্ৰাক্তন সভাপতি/সম্পাদক, মিচিং জনগোষ্ঠীৰ জাতীয় সংগঠন MBK, MMK, MDK, TMMK, TMPKৰ কেন্দ্ৰীয় সভাপতি/সম্পাদক সকলৰ লগতে অন্যান্য বিষয়ববীয়া আৰু মিচিং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী আৰু সাধাৰণ সদস্য সদস্যা, মিচিং আগম কৗবাঙৰ কেন্দ্ৰীয়, জিলা আৰু আঞ্চলিকৰ সমূহ বিষয়ববীয়া।
প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰক rnewsindia24.com
Post navigation
Go Top