মাজে সময়ে আপোনাৰ পেট বিষ হয় নেকি, কিয় এনে হয় জানেনে ? পেটৰ বিষ নিৰাময় কৰা ঘৰুৱা উপায় কি কি আছে ?
পেট বিষ প্ৰায় সকলোৰে কম বেছি পৰিমানে হয়।
কিন্তু কিয় হয়, কি কাৰনে হয় হয়তো আমি দুই এটা কাৰন হে জানো।
প্ৰথমে জানো আহক পেট বিষৰ কাৰন সমূহঃ
1. আহাৰ ঠিক মতে হজম নহ’লে।
2. কোষ্ঠকাঠিন্য হ’লে।
3. বাৰে বাৰে পাতল পায়খানা হ’লে।
4. শাওঁ পৰিলে।
5. পেটত গেছ জমা হ’লে।
6. অমাশয় ৰোগ।
7. পেপটিক আলচাৰ।
8. আন্ত্ৰিক ৰোগ।
9. যকৃৎ আৰু পিত্তাশয়ৰ ৰোগ।
10. কিডনিৰ ৰোগ।
11. কোষ্ঠকাঠিন্য আৰু বদহজমৰ বাবে বমি হলে।
12. গল ষ্টোন।
13. বৃক্কৰ পাথৰ।
14. এচিডিটি, এপেণ্ডিচাইটিছ আদি বিভিন্ন কাৰনত পেটৰ বিষ হব পাৰে।
দ্বিতীয়তে জানো আহক পেটৰ বিষ নিৰাময় কৰা ঘৰুৱা উপায়ঃ
1. তুলসীৰ ৰস আৰু আদাৰ ৰস গৰম কৰি খালে পেটৰ বিষ ভাল হয়।
2. মধুৰীআমৰ কুমলীয়া পাত ভালদৰে ধুই পটাত বটি লৈ পানীত মিহলাই খালে পেটৰ বিষ ভাল হয়।
3. এলোভেৰাৰ ৰসে গেছ, কোষ্ঠকাঠিন্য, ডায়েৰিয়াৰ দৰে কাৰণত হোৱা পেটৰ বিষত যথেষ্ট সকাহ দিয়ে।
4. পেট বিষ হলে ক’লা নিমখ, জালুক, ডাঙৰ শিলিখা, বগা জিৰা মিহলাই বটি পানীত দি খাব লাগে।
5. তেতেলিৰ কুমলীয়া পাত মিহিকৈ বটি তাৰ লগত সৈন্ধৱ নিমখ মিহলাই খালে পেটৰ বিষ ভাল হয়।
6. পেটৰ বিষ হ’লে হিং আৰু ক’লা নিমখ দি গৰম কৰি লোৱা মিঠাতেল নাভিৰ চাৰিওফালে সানি দিব লাগে।
7. বচ আৰু মছ্ন্দৰীৰ শিপা বটি নিমখ আৰু জালুক মিহলাই খাব লাগে।
8. পদিনা পাটৰ ৰস খালেও পেটৰ বিষ ভাল হয় ।
9. নিমপাতৰ ৰস, শিলিখাৰ ৰস, জালুকৰ গুৰি আৰু নিমখ মিহলাই খালেও উপকাৰ পোৱা যায় ।
10. আদাৰ ৰসৰ লগত নেমুৰস আৰু অকণমান চেনি মিহলাই খালে সকলো প্ৰকাৰৰ পেটৰ বিষ ভাল হয়।
11. আমলখিৰ ৰসৰ লগত মৌ মিহলাই খালে সুফল পোৱা যায়।
আপুনি যদি পেটৰ বিষত ভুগি আছে তেনেহলে এই কেইটা ঘৰুৱা উপায়েৰে স্বাস্থ্যটো ভালে ৰাখিব পাৰিব।
কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24