ধনিয়া স্বাস্থ্যৰ বাবে কিমান উপকাৰী ? ধনিয়াক কি কি মাৰাত্মক ৰোগত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় সবিশেষ চাওঁক।

Spread the love

আমাৰ স্বাস্থ্যৰ বাবে ধনিয়া পাত বহুত উপকাৰী।
ধনিয়াই বহু মাৰাত্মক বেমাৰ নিৰাময় কৰে।

ধনিয়া পাতত আঁহ, প্ৰ’টিন, কাৰ্ব’হাইড্ৰেট, মেংগানিজ, পটাছিয়াম, কপাৰ,আয়ৰন, কেলচিয়াম, ভিটামিন চি, ভিটামিন এ আদিৰে ভৰপূৰ।

ধনিয়াৰ ইংৰাজীৰ নাম Coriander আৰু বৈজ্ঞানিক নাম Coriander Sativum

জানো আহক ধনিয়া ঔষধী গুন সমূহ-

১/ ধনিয়া পাত যকৃতৰ আলচাৰ আৰু বদহজম ৰোধত উপকাৰী।

২/ নিয়মিত ধনিয়া পাত খালে এচিডিটীৰ সমস্যা কমি যায়।

৩/ কিডনী ৰোগীৰ বাবে বহুত উপকাৰী ধনিয়া পাত।
ধনিয়া পাত নিয়মীয়াকৈ খালে কিডনীৰ সমস্যা নিয়ন্ত্ৰনত ৰাখে।

৪/ ধনিয়াই কেঞ্চাৰ ৰোগৰ প্ৰতিৰোধ কৰে।
ইয়াত মিনাৰেল আৰু ভিটামিন থকাৰ বাবে শৰীৰত এণ্টিবডিৰ কাম কৰে।

৫/ ধনিয়াই শৰীৰত তেজৰ মাত্ৰা বঢ়োৱাত সহায়ক।
লগতে এনিমিয়া সমস্যাও দূৰ কৰে ।

৬/ ধনিয়া পাতে আলঝেইমাৰ ৰোগত মস্তিষ্কৰ নিউৰণ ধ্বংস হোৱা প্ৰক্ৰিয়া বাধা দিব পাৰে।

৭/ ধনিয়াই ভোক বৃদ্ধি কৰে। ই পাচক ৰসৰ উৎপাদন বৃদ্ধি কৰে।
ধনিয়া পাতৰ লগত নেমু আৰু মৌ মিহলাই প্ৰতিদিনে এগিলাছ খালে ভোক বাঢ়ে।ওজন কমোৱাতো সহায় কৰে।

৯/ ধনিয়াৰ গুটি সেৱন কৰিলে শৰীৰৰ কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পায়।

১০/ ধনিয়া পাতত থকা এলকালয়ড আৰু ফ্লেভোনেয়ডে জণ্ডিছসহ লিভাৰৰ আন সমস্যা দূৰ কৰাত সহায় কৰে।
লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰি এই ৰসে শৰীৰৰ পৰা টক্সিন বাহিৰ কৰি দিয়াতো সহায় কৰে।

১১/ ধনিয়া পাতত লিন’লিক নামৰ এবিধ এচিড থাকে, যিয়ে শৰীৰৰ বিষ কমোৱাত সহায় কৰে।

১৩/ ধনিয়াই পিত্ত আৰু অম্লতাৰ মাত্রা বৃদ্ধি প্ৰতিৰোধ কৰাত সহায় কৰে।
পেটৰ বিষ, পেটৰ গেছ বঢ়া, পেট ফুলা, বদহজম আদি পাচনৰ লগয় জড়িত সমস্যাসমূহ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

গতিকে আজিৰ পৰা ধনিয়া খাই শৰীৰটো ভালে ৰাখক।
দেহ ভালেই মন ভাল।

ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।

 

News Editor Sangita Dutta Reports R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *