চুলি আৰু পেটৰ বিভিন্ন ৰোগৰ ৰোগীৰ বাবে এই বিশেষ প্ৰতিবেদন।
তিল আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰি।
তিলত বহু পুষ্টিতত্ব উপাদান থাকে।
তিল খালে দেহৰ বহু বেমাৰ নাশ হয়।
তিলক ইংৰাজীত ‘Sesame Seed’ বুলি কোৱা হয়।
ইয়াৰ বৈজ্ঞানিক নাম হ’ল – ‘Sesamum indicum’।
তিলত প্ৰটিন,
অমেগা 6 ফেটি এচিড,
কেলচিয়াম, মেগনেছিয়াম, ফচফৰাছ, আইৰণ, পটাছিয়াম, জিঙ্ক, ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ই, এন্টিঅক্সিডেন্ট,
ফাইট’নিউট্ৰিয়েন্ট,
ফ্লেভনয়ডছ আদিৰে ভৰপূৰ।
জানো আহক তিলৰ ঔষধি গুণ সমূহৰ বিষয়েঃ
1. তিলত থকা প্ৰটিনে আমাৰ দেহক শক্তি প্ৰদান কৰে।
2. তিলত থকা মেগনেছিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে ।
3. তিলত থকা কেলছিয়াম আৰু জিংকে অষ্টিওপৰোছিছ সমস্যা নিৰাময়ত সহায় কৰে।
4. তিল খালে চুলিৰ গুৰি শক্তিশালী কৰে, চুলি দীঘল হোৱাত সহায় কৰে আৰু চুলি ফটা ভাল কৰে।
5. তিল খালে কৌষ্ঠকাটিন্য ৰোগ দূৰ কৰাত সহায় কৰে।
6. তিলে আমাৰ শৰীৰত হৰমনসমূহৰ ভাৰসাম্য বৰ্তাই ৰাখে।
7. তিলে সোনকালে খাদ্য হজম হোৱাত সহায় কৰে। ইয়াৰ পৰা কেতিয়াও এচিডিটি আৰু বদহজম নহয়।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে তিল খাওঁক আৰু নিৰোগী হৈ থাকক।
বিঃদ্ৰঃ – অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।
সংগীতা দত্তৰ প্ৰতিবেদন Rnewsindia24.com