খাদ্য আৰু স্বাস্থ্যৰ শিতান "কি খাওঁ কিয় খাওঁ" [কলমৌ শাকৰ ঔষধি গুণ] - R News India 24
Skip to content
® Bomyérung Do:nyi-po:lo
প্ৰিয় পাঠক খাদ্য আৰু স্বাস্থ্যৰ শিতান “কি খাওঁ কিয় খাওঁ” ত আজি আপোনালোকলৈ আগবঢ়াইছোঁ কলমৌ শাকৰ বিষয়ে।
প্ৰথমে আমি নিজকে ভাল পাব লাগিব, ভালে থাকিবলৈ হ’লে স্বাস্থ্যৰ প্ৰতি সকলোৱে গুৰুত্ব দিব লাগিব।
বিশেষকৈ সময়মতে খোৱা আৰু শোৱা।
স্বাস্থ্যৱান হৈ থাকিলে মনটো আনন্দিত আৰু আত্মসন্তুষ্টি লাভ কৰিব পাৰিম।
ইতিবাচক তথা যোগাত্মক চিন্তাৰে মনটো সজতনে ৰাখিলে মানসিক চাপৰ পৰা নিজকে বচাই ৰাখিব পাৰি।
বৰ্তমান সময়ত বিভিন্ন ৰাসায়নিক দ্ৰব্য ব্যৱহাৰি খাদ্য গ্ৰহণ, অনিয়মীক কৰ্মব্যস্ততা, আৰামদায়ক সা-সামগ্ৰী ব্যৱহাৰ আৰু শাৰীৰিক পৰিশ্ৰম হীনতাৰ বাবে মধুমেহ, উচ্চ ৰক্তচাপ, অত্যধিক ক’লেষ্টেৰল আদি বিভিন্ন ৰোগে আমাৰ দেহত দেখা দিছে।
সেয়ে আমি খাদ্যৰ প্ৰতি বিশেষভাৱে গুৰুত্ব দিব লাগিব।
কোনবোৰ খাদ্য কোনটো ৰোগৰ বাবে ক্ষতিকাৰক, কোন সময়ত কোনবোৰ খাদ্য খাব লাগে আৰু কি খাব নালাগে সেই কথা জনাটোও অত্যন্ত প্ৰয়োজনীয়।
যদি এটা সুন্দৰ স্বাস্থ্যসন্মত জীৱন প্ৰণালী বা খাদ্য প্ৰণালী বাছি লওঁ তেতিয়া আমি বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পাৰিম।
আনহাতে, নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাটোও অতি জৰুৰী।
স্বাস্থ্য পৰীক্ষাই আমাৰ দেহৰ নানা ৰোগ প্ৰাৰম্ভিক অৱস্থাতে ধৰা পেলাই আৰু তৎকালীনভাৱে চিকিৎসাৰ দ্বাৰা এক সুস্থ শৰীৰ লাভ কৰিব পাৰোঁ।
শাক-পাচলিত সচৰাচৰ চৰ্বী আৰু শৰ্কৰা কম থাকে, কিন্তু ভিটামিন, খনিজ পদাৰ্থ আৰু আঁহ অধিক থাকে।
ভাৰতত প্ৰাপ্তবয়স্কসকলক দৈনিক ২৭৫ গ্ৰাম শাক-পাচলি খাবলৈ পৰামৰ্শ দিয়ে।
যেতিয়া আমাৰ খাদ্য তালিকাত বা আহাৰত শাক-পাচলি অন্তৰ্ভুক্ত থাকে তেতিয়া কৰ্কট ৰোগ, ষ্ট্ৰ’ক, ৰক্ত সংবহনতন্ত্ৰৰ ৰোগ আৰু অন্যান্য দীৰ্ঘম্যাদী ৰোগৰ পৰা উপশম পোৱা যায়।
প্ৰকৃতিৰ বুকুত ৰ’দৰ পোহৰত জীপাল হৈ থকা সকলোবোৰ সেউজীয়া শাক পাচলি আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।
কলমৌ শাক আমাৰ স্বাস্থ্য বাবে অতি উপকাৰী।
কলমৌ শাকে আমাক বহু মাৰাত্মক বেমাৰৰ পৰা বচাই ৰাখে।
কলমৌ শাকৰ বৈজ্ঞানিক নাম হৈছে Ipomoea Aquatica
কলমৌ শাক ভিটামিন A, ভিটামিন B, ভিটামিন C, আইৰণ, আঁহ, কেলচিয়াম, মেগনেছিয়াম, মেংগানিজ, পটাছিয়াম, ফচফৰাছ, ছডিয়াম, জিঙ্ক আদি পুষ্টিতত্বৰে ভৰপূৰ।
কলমৌ শাকক শতকৰা হিচাপত ধৰিলে ২.৯ ভাগ প্ৰ’টিন, ০.৪ ভাগ চৰ্বি, ৪.৩ ভাগ শৰ্কৰা আৰু ২.১ ভাগ লৱণ থাকে।
জানো আঁহক ঔষধি গুণসম্পন্ন কলমৌ শাক খালে কি হয় –
1. কলমৌ শাক দৃষ্টিশক্তিৰ বাবে অতি উপকাৰী।
2. কলমৌ শাকে চুলিৰ সৌন্দৰ্য বৰ্ধন কৰাত সহায় কৰে আৰু ছালৰ উজ্বলতা বঢ়ায়।
3. কলমৌ শাক খালে খৰ, খজুৱতি, এথলেট ফুট আৰু আন চৰ্মৰোগত সুফল পোৱা যায়।
4. কলমৌ শাকে পুৰুষৰ শুক্ৰাণু বৃদ্ধি কৰে।
5. সচৰাচৰ আমি দেখিবলৈ পাওঁ বা শুনিবলৈ পাওঁ সন্তান জন্ম হোৱাৰ পাছত মাতৃগৰাকীৰ গাখীৰ নাই। তেনে মহিলাই কলমৌ শাক খালে স্তনত গাখীৰ বৃদ্ধি হয়।
6. কলমৌ শাকৰ ৰসৰ সৈতে গাখীৰ খালে নিদ্ৰাহীনতা দূৰ হয়।
7. কলমৌ শাক জণ্ডিচ আৰু অন্যান্য লিভাৰজনিত ৰোগৰ বাবে উত্তম।
8. মেদবহুলতা, উচ্চ ৰক্তচাপত ভোগা লোকৰ বাবে কলমৌ শাক উপকাৰী।
11. প্ৰায় সংখ্যক মহিলাৰ মাহেকীয়াৰ সময়ত পেটৰ বিষ হয়, তেনে মহিলাই কলমৌ শাক খালে সেই বিষৰ পৰা উপশম পায়।
12. কলমৌ শাকত প্রচুৰ পৰিমাণৰ কেলচিয়াম থাকে বাবে ই হাড় আৰু দাঁত মজবুত কৰাত সহায় কৰে।
13. কলমৌ শাকে শৰীৰত ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰি থাকে।
14. কলমৌ শাকে বসন্ত ৰোগৰ প্রতিষেধক হিচাবে কাম কৰে।
16. কলমৌত প্ৰচুৰ পৰিমাণৰ আঁহ থাকে বাবে ই দেহৰ ওজন কমোৱাত সহায় কৰে।
17. প্ৰায় সংখ্যক পুৰুষ মহিলা উভয়ৰে বগাস্ৰাৱ বা ধাতু ৰোগত ভূগি থাকে, এনে ৰোগত আক্ৰান্ত ৰোগীয়ে কলমৌ শাক নিয়মীয়াকৈ খালে ধাতু ৰোগ (Sexual Debility) জণ্ডিছ ৰোগ আৰু লিভাৰৰ সমস্যা ভাল হয়।
লগতে হৃদযন্ত্ৰৰ কাৰণেও কলমৌ শাক অতি উপকাৰী।
18. কলমৌ শাকে ডায়েবেটিচ (Diabetes) ৰোগ নিয়ন্ত্ৰণত সহায় কৰে।
19. কলমৌ শাকত আহ থকাৰ বাবে কোষ্ঠকাঠিন্য (Constipation) আৰু অৰ্শ (Piles) ৰোগৰ বাবে উপকাৰী।
20. কলমৌ শাকত লৌহ পদাৰ্থ থাকে বাবে ৰক্তহীনতা (Anemia) ৰোগ দূৰ কৰে ।
21. গৰ্ভাৱস্থা তথা (Pregnancy) অৱস্থাত গৰ্ভৱতী মহিলাৰ বাবে কলমৌ শাক অতি উপকাৰী, বিশেষকৈ ডায়েবেটিচৰ ক্ষেত্ৰত।
22. কলমৌ শাক খালে হজম শক্তি বঢ়ায়।
কলমৌ শাকে মানসিক হতাশা দূৰ কৰে, টোপনি অনাত সহায় কৰে।
23. দিনটো বিভিন্ন ব্যস্ততাৰ বাবে প্ৰস্ৰাৱ কৰা আমাৰ খুব খেলিমেলি হয়। তাৰ ফলত বিভিন্ন সমস্যাই দেখা দিয়ে। তেনে সময়তে আমি যদি কলমৌ শাক নিয়মিয়াকৈ খাওঁ সেই সমস্যাৰ পৰা উপশম পাম।
কি কি ৰোগত কলমৌ শাক খালে বিভিন্ন সমস্যাই দেখা দিয়ে-
1. কলমৌত প্ৰচুৰ পৰিমাণৰ আঁহ থাকে বাবে ই দেহৰ ওজন কমোৱাত সহায় কৰে। আপোনাৰ যদি বহুত বেছি ওজন কম তেনেহলে আপুনি কলমৌ শাক নাখালে ভাল।
2. যদি আপুনি বদহজম, গেছৰ সমস্যাত ভুগি আছে তেন্তে নিশা কেতিয়াও কলমৌ শাক খাব নালাগে। আচলতে সেউজীয়া শাক ৰাতি খোৱাটো অনুচিত।
3. আপুনি যদি মধুমেহ ৰোগত ভূগি আছে তেতিয়াও অত্যধিক পৰিমাণৰ কলমৌ শাক খাব নালাগে।
4. চালাদ হিচাপে কেঁচা কলমৌ কেতিয়াও খাব নালাগে।
5. কলমৌ শাক যিহেতু প্ৰকৃতিৰ শীতল শাক সেয়ে শীতলতা বা ঠাণ্ডা লাগি থকা অৱস্থাত কলমৌ শাক খাব নালাগে। অথবা ৰক্তচাপ কম থকা ব্যক্তি সকলে খুব কমকৈ কলমৌ শাক খাব লাগে।
প্ৰিয় পাঠক, এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে আপোনালোকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com
Follow – Subscribe কৰিবলৈ নাপাহৰিব।
ধন্যবাদ।
Post navigation
Go Top