Mising Bane Kebang

মিচিং বাঃনৗ কৗবাঙৰ ১০১ সংখ্যক প্ৰতিষ্ঠা দিৱস।

Spread the love

অসমৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ তথা স্বকীয় ভাষা, কৃষ্টি-সংস্কৃতিৰে সমৃদ্ধ অসমৰ দ্বিতীয় বৃহৎ জনজাতি মিচিং জনগোষ্ঠীৰ পিতৃ সংগঠন মিচিং বাঃনৗ কৗবাঙৰ ১০১ সংখ্যক প্ৰতিষ্ঠা দিৱস।

মিচিং ৰাইজৰ শিক্ষা, স্বাস্থ্য, ৰাজনৈতিক, কলা-সংস্কৃতি, আৰ্থ-সামাজিক তথা সৰ্বাংগীন উন্নয়নৰ লক্ষ্য-উদ্দেশ্যৰে মিচিং বাঃনৗ কৗবাং প্ৰতিষ্ঠা হৈছিল।

Rnewsindia24.com পৰিয়ালৰ তৰফৰ পৰা শতবৰ্ষ গৰকা মিচিং বাঃনৗ কৗবাঙৰ প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত সংগঠনটোৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিক আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আগন্তুক দিনত জাতি তথা অসমৰ জনগণৰ হকে স্বকীয়তাৰে আৰু অধিক অহোপুৰুষাৰ্থ প্ৰয়াস কৰক সেয়াই আমাৰ অন্তৰতম কামনা।

১৭/০৭/২০২৫ তাৰিখে চিলাপথাৰস্থিত দঞি-পঃল প্ৰেক্ষাগৃহত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মিচিং বাঃনৗ কৗবাঙৰ ১০১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে।

উক্ত দিৱসৰ পৱিত্ৰক্ষণত সাংগঠনিক পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে মিচিং বাঃনৗ কৗবাঙৰ সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

স্মৃতি তৰ্পণ কৰে TMPK ৰ সভাপতি তিলক দলেয়ে।

নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু।

দঃঞি পঃল য়েলাম কৗবাঙৰ সাধাৰণ সম্পাদক বিনোদ কুম্বাঙে দঃঞি পঃল য়েলাম কৗবাং আৰু মিচিং জনগোষ্ঠীৰ ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা সম্পৰ্কে তথ্য প্ৰদৰ্শনৰ জৰিয়তে বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই।

অনুষ্ঠানত Ali-A:yé Ligang, Dobur, Dodgang, Midang, po:rag, Sima: yunam আৰু Misi:lok religious belief la: traditional tale:do ru:su:la ru:seg, Do:lung kébang (MBK) ba:len Légangé ru:su:la ru:seg বিষয় সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা কৰে।

উপস্থিত থাকে দঃঞি পঃল য়েলাম কৗবাঙৰ সভাপতি একলব্য গাম, MMKৰ সভাপতি সুনীল কুমাৰ পেগু, MBKৰ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, MAKৰ সভাপতি হৰিনাৰায়ন পেগু, সম্পাদক সোমেশ্বৰ কপ্তাক, MDKৰ সম্পাদক প্ৰশান্ত বড়ি, TMMKৰ সভানেত্ৰী ইন্দিৰা চিন্তে কুম্বাং, সম্পাদিকা শৰ্মিলা পায়েং, আদি মিচিং বাঃনৗ কৗবাঙৰ সভাপতি নৰেশ্ব কুম্বাং, TMPKৰ সম্পাদক চান পাংগিং, গুৱাহাটী মিচিং কৗবাঙৰ সভাপতি উপেন পেগু, সম্পাদক গণেশ পেগু, বিশিষ্ট সাহিত্যিক, সমাজকৰ্মী, শিক্ষাবিদ, গাম সকল, সাত মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয়, জিলা আৰু আঞ্চলিকৰ সন্মানীয় সমূহ বিষয়ববীয়া আৰু সহস্ৰাধিক ৰাইজ।

প্ৰতিষ্ঠা দিৱসৰ ফটো চাবলৈ এই লিংকত ক্লিক কৰক-

https://share.google/vxdLtVaq1oWl1lAyW

প্ৰিয় পাঠক, এনেধৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা সমূহ জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট www.rnewsindia24.com

লগতে Facebook Page আৰু YouTube Channel Follow – Subscribe কৰিবলৈ এই লিংকত ক্লিক কৰক।

ধন্যবাদ।

https://www.facebook.com/share/16CPGfUzLD/

https://youtube.com/@rnewsindia24?si=hj1gTJg1_YcbBqZc

One thought on “মিচিং বাঃনৗ কৗবাঙৰ ১০১ সংখ্যক প্ৰতিষ্ঠা দিৱস।

Leave a Reply

Your email address will not be published. Required fields are marked *