আলুৰ ঔষধি গুণ

খাদ্য আৰু স্বাস্থ্যৰ শিতান “কি খাওঁ কিয় খাওঁ” [আলুৰ ঔষধি গুণ]।

Spread the love

 

® Bomyérung Do:nyi-po:lo

প্ৰিয় পাঠক, খাদ্য আৰু স্বাস্থ্যৰ শিতান “কি খাওঁ কিয় খাওঁ”ত আজি আপোনালোকলৈ আগবঢ়াইছোঁ পাচলিৰ ৰজা আলু ৰ বিষয়ে।

প্ৰথমে আমি নিজক ভাল পাব লাগিব, ভালে থাকিবলৈ হ’লে স্বাস্থ্যৰ প্ৰতি সকলোৱে গুৰুত্ব দিব লাগিব।
বিশেষকৈ সময়মতে খোৱা আৰু শোৱা।

স্বাস্থ্যৱান হৈ থাকিলে মনটো আনন্দিত আৰু আত্মসন্তুষ্টি লাভ কৰিব পাৰিম।
ইতিবাচক তথা যোগাত্মক চিন্তাৰে মনটো সজতনে ৰাখিলে মানসিক চাপৰ পৰা নিজকে বচাই ৰাখিব পাৰি।

বৰ্তমান সময়ত বিভিন্ন ৰাসায়নিক দ্ৰব্য ব্যৱহাৰি খাদ্য গ্ৰহণ, অনিয়মীক কৰ্মব্যস্ততা, আৰামদায়ক সা-সামগ্ৰী ব্যৱহাৰ আৰু শাৰীৰিক পৰিশ্ৰম হীনতাৰ বাবে মধুমেহ, উচ্চ ৰক্তচাপ, অত্যধিক ক’লেষ্টেৰল আদি বিভিন্ন ৰোগে আমাৰ দেহত দেখা দিছে।

সেয়ে আমি খাদ্যৰ প্ৰতি বিশেষভাৱে গুৰুত্ব দিব লাগিব।
কোনবোৰ খাদ্য কোনটো ৰোগৰ বাবে ক্ষতিকাৰক, কোন সময়ত কোনবোৰ খাদ্য খাব লাগে আৰু কি খাব নালাগে সেই কথা জনাটোও অত্যন্ত প্ৰয়োজনীয়।

যদি এটা সুন্দৰ স্বাস্থ্যসন্মত জীৱন প্ৰণালী বা খাদ্য প্ৰণালী বাছি লওঁ তেতিয়া আমি বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পাৰিম।

আনহাতে, নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাটোও অতি জৰুৰী।
স্বাস্থ্য পৰীক্ষাই আমাৰ দেহৰ নানা ৰোগ প্ৰাৰম্ভিক অৱস্থাতে ধৰা পেলাই আৰু তৎকালীনভাৱে চিকিৎসাৰ দ্বাৰা এক সুস্থ শৰীৰ লাভ কৰিব পাৰোঁ।

আলুৰ অবিহনে হয়তো প্ৰতিটো ব্যঞ্জনেই বা সকলো খাদ্যই আধৰুৱা।

আমিষ খাদ্যৰ পৰা নিৰামিষ খাদ্যৰ যিকোনো তৰকাৰীলৈকে, পৰঠাৰ পৰা আৰম্ভ কৰি পকৰীলৈকে সকলো ব্যঞ্জনতে প্ৰায়সংখ্যক লোকে আলু খাই ভাল পায়।
শীতকাল অহাৰ লগে লগে আলুৰ নতুন উৎপাদন বৃদ্ধি হয়।

সমগ্ৰ বিশ্বতে ৫০০০ৰো অধিক প্ৰজাতিৰ আলু পোৱা যায় ।
এটা মধ্যমীয়া আকাৰৰ সিজোৱা আলু বাকলিৰ সৈতে খালে ১৬১ কেলৰি শক্তি পোৱা যায় ।

বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় দুই তৃতীয়াংশ লোকে আলুক প্ৰধান খাদ্য হিচাপে গ্ৰহণ কৰে ।

আলু‘ প্ৰথমে দক্ষিণ আমেৰিকাৰ পেৰু আৰু বলিভিয়াৰ মানুহে খাদ্য হিচাপে গ্ৰহণ কৰিছিল।
সেই ঠাইত বাস কৰা স্থানীয় লোকসকলে প্ৰচুৰ পৰিমাণে আলু খেতি কৰিছিল।
১৫৭০ চনত স্পেইনৰ অভিযাত্ৰীসকলে ইউৰোপত আলুৰ প্ৰচলন আৰম্ভ কৰে।

বৰ্তমান পৃথিৱীৰ সকলো দেশতে আলুৰ খেতি কৰা হয়।
আলু উৎপাদনত শীৰ্ষ স্থানত আছে- ৰাছিয়া, তাৰ পাছতে আছে পোলেণ্ড, চীন আৰু জাৰ্মানী

বিশেষ তথ্য অনুসৰি, অসমত বছৰি প্ৰায় ৪০ লাখ টন আলুৰ প্ৰয়োজন হয়।
অৰ্থাৎ অসমক দৈনিক ২ লাখ কিলোগ্ৰাম (১০০ ট্ৰাক) আলুৰ দৰকাৰ।
গুৱাহাটীত দৈনিক ৩০০ টন আলু প্ৰয়োজন।

৪০ লাখ টন চাহিদা থকা আলুৰ বিপৰীতে অসমে উৎপাদন কৰে মাত্ৰ ১১.৫০ লাখ মেট্ৰিক টন আলু।
অৰ্থাৎ মুঠ চাহিদাৰ ৩৯ শতাংশ।

অসমে বছৰি ১৭.৫০ লাখ মেট্ৰিক টন আলু বহিঃৰাজ্যৰ পৰা আমদানি কৰে।
অসমলৈ আলু আহে প্ৰধানকৈ উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, পশ্চিমবংগ আদিৰ পৰা।

অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰাও কিছু পৰিমাণে আলু অসমলৈ আহে।

এইদৰে বহিঃৰাজ্যৰ পৰা আলু আমদানি কৰাৰ নামত বছৰি অসমৰ পৰা বহিঃৰাজ্যলৈ যায় প্ৰায় ৪,৫০০ কোটি টকা।

অসমৰ বৰপেটা জিলাত বেছিকৈ আলু খেতি হয়।
তদুপৰি হোজাই লংকা, দলগাঁও, খাৰুপেটীয়া, মন্দিয়া, ধুবুৰীতো ব্যাপক হাৰত আলু খেতি কৰা হয়।

আলু বিভিন্ন প্ৰকাৰৰ।
তাৰ ভিতৰত আছে- খাচিয়া আলু, কাঠ আলু, মোৱা আলু আৰু মিঠা আলু ইত্যাদি।

অসমৰ আলুক দেশী আলু বুলিও কোৱা হয়।
খাচিয়া পাহাৰত উৎপাদিত হোৱা আলুক খাচিয়া আলু বুলি কোৱা হয়।
অসমৰ গ্ৰাম্য সমাজৰ প্ৰায় সকলো মানুহৰ ঘৰত কাঠ আলু পোৱা যায়।

মিঠা আলু বা ৰঙা আলুৰ আকাৰ দীঘল।
এই আলু বিধ খাবলৈও বৰ সোৱাদ।

আলু প্ৰটিন, ভিটামিন, আইৰণ, খনিজ পদাৰ্থ- কাৰ্বহাইড্ৰেট,
কেলছিয়াম, ফছফোৰাছ, লৌহ পদাৰ্থৰে ভৰপূৰ।

আলুৰ বৈজ্ঞানিক নাম হৈছে- Solanum tubarosum

আলু আয়ুসবৰ্ধক, বায়ুবৰ্ধক, পাচন প্ৰণালীৰ শক্তিবৃদ্ধিকাৰক, ধাতু বৰ্ধক, চৰ্বি আৰু দেহৰ মেদবৰ্ধক, ৰক্তপিত্তনাশক, মল-মূত্ৰ প্ৰৱৰ্তক, কফ আৰু বাতবৰ্ধক।

আলুত থকা ঔষধি গুণ সমূহ হৈছে-

1. আলু উচ্চ ৰক্তচাপ ৰোগীৰ বাবে উত্তম।

2. আলুত থকা ফাইবাৰে হৃদৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে।

3. আলুত থকা ফাইবাৰে কলেষ্টেৰল কমোৱাত বিশেষভাৱে সহায় কৰে।

4. আলুত থকা আলফা লিপ’য়িক এচিড আৰু কো-এনজাইমে মানসিক ৰোগৰ সম্ভাৱনা কমায়।

5. আলুত থকা ফাইবাৰে খাদ্য সহজে হজম কৰে, লগতে ডায়েৰিয়া ৰোধ কৰে আৰু শৌচ খোলোচা কৰে।

6. পাথৰ হোৱা ৰোগীয়ে আলুৰ সৈতে পানী বেছিকৈ খাব লাগে।

7. ৰূপচৰ্চাৰ বাবেও আলু ব্যৱহাৰ কৰিব পাৰি। আলুৱে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে।
শালমইনা, ক’লা দাগ, চানবান আদিৰ বাবে আলু অতি উপকাৰী।

আলুত থকা ভিটামিন চি-য়ে ছালত কোলাজেন কোষ বৃদ্ধি কৰাৰ লগতে ছাল কোঁচ খোৱা তথা বয়স বৃদ্ধি প্ৰতিহত কৰে।
মুঠতে আলু ব্যৱহাৰ কৰি আপুনি ছাল সম্পৰ্কীয় সকলো সমস্যাই দূৰ কৰিব পাৰে।

আনহাতে, চকুৰ তলত পৰা ক’লা দাগ আলুৰ ৰস লগালে আতৰ কৰে।

8. আলু খালে এলার্জি আৰু চৰ্মৰোগ ভাল হয়।

9. ক্ষীণ দেহৰ ব্যক্তিয়ে আলু খাই নিজৰ ওজন বৃদ্ধি কৰিব পাৰে।

10. আলুৱে ইলেক্ট্ৰলাইট সন্তুলিত ৰাখে, মাংসপেশীৰ সংকোচন হ’বলৈ নিদিয়ে আৰু সোনকালে শক্তি যোগায়।

11. আলুত থকা ক্ষাৰকীয় উপাদানে তেজৰ ইউৰিক এচিডৰ পৰিমাণ কম কৰে।

12. অম্লপিত্ত ৰোগীৰ বাবে আলু উপকাৰী। তেওঁলোকে আলু খাব পাৰে।

13. কেঁচা আলু পিহি পোৰা অংশত লগালে পোৰণি প্ৰশমিত হয় আৰু সেই ঘা সোনকালে শুকায়।

14. আলুত অধিক পৰিমাণৰ পটাছিয়াম থাকে, সেয়ে ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু হৃদৰোগ প্ৰতিৰোধ কৰে।
লগতে আলু ভিটামিন চিৰ উত্তম উৎস, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।
আলুত আঁহ থকাৰ বাবে আলু খালে হজম শক্তি উন্নত হয় আৰু কোষ্ঠকাঠিন্য সমস্যাৰ পৰা সকাহ পোৱা যায়।

15. পাচনতন্ত্ৰৰ স্বাস্থ্য উন্নত কৰিবৰ বাবে আপুনি আলু খাব পাৰে ।

আলুৰ ঔষধি গুণ

 

জানো আঁহক আলুৰ ক্ষতিকাৰক বিষয়ে –

1. আলুত থকা কাৰ্বহাইড্ৰেটে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰে।
গতিকে ডায়েবেটিছ ৰোগীয়ে আলু খাব নালাগে।

2. আলুত চৰ্বি আৰু কাৰ্বহাইড্ৰেট বেছি থাকে।
সেই বাবে অতিৰিক্ত আলু খালে ওজন বাঢ়ে, তেজত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে, তেজত কলেষ্টেৰলৰ মাত্ৰা অধিক হ’লে হৃদৰোগ হোৱাৰ সম্ভাৱনা থাকে।

3. অতিৰিক্ত আলু খালে হাত-ভৰি ফুলাৰ লগতে ওজন বৃদ্ধি হ’ব পাৰে।

4. আলু খোৱাৰ পিছত বহুতে এচিডিটি সমস্যাৰ সন্মুখীন হয় । আপুনি যদি এচিডিটিৰ সমস্যাত ভুগি আছে তেন্তে আলু তৰকাৰী পৰিহাৰ কৰক।

5. আলু অতিমাত্ৰা সেৱন কৰিলে পেটৰ বিভিন্ন ধৰণৰ সমস্যা হ’বলৈ আৰম্ভ কৰিব পাৰে।

আলু বাকলিৰ উপকাৰীতা

1. কৰ্কট ৰোগৰ পৰা ৰক্ষা পাবলৈ আলু বাকলি সেৱন কৰিব পাৰে। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ফাইটোকেমিকেল থাকে।

2. আলুৰ বাকলিত কেলচিয়াম, খনিজ পদাৰ্থ থাকে বাবে হাড় শক্তিশালী কৰে আৰু হাড়ৰ ঘনত্ব বৃদ্ধি কৰে।

3. আলুৰ বাকলিত থকা ক্ল’ৰোজেনিক এচিড আৰু কেফিক এচিডে শৰীৰত হোৱা জ্বলা-পোৰা কম কৰে, ইয়াৰ লগতে ই বাত বিষৰ সমস্যাসমূহ দূৰ কৰে।

4. আলুৰ বাকলিত আইৰণৰ পৰিমাণ বেছি থাকে, যাৰ ফলত এনিমিয়া হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়।
আলুৰ বাকলিয়ে শৰীৰত ৰক্তহীনতা হোৱাৰ পৰা বচোৱাৰ লগতে আইৰণৰ অভাৱ পূৰণ কৰে।

5. মুখৰ পৰা ক’লা দাগ আঁতৰোৱাত আলু বাকলি বৰ উপকাৰী। আলু বাকলিত থকা এন্টিবেক্টিৰিয়েল, ফেনলিক আৰু এন্টিঅক্সিডেন্ট তত্ব যিয়ে ছাল কলা পৰাৰ পৰা বচাই ৰাখে।

6. আলুৰ বাকলি খিনি এটা টেমাত ভৰাই তাত অলপ পানী দি তিনিৰ পৰা চাৰি দিনলৈ ৰাখি সেই পানীত অন্য পানী মিহলাই ফুলৰ টাবত দিলে ফুলখিনি সতেজ হৈ থকাত সহায় কৰে। লগতে ফুলখিনিক পুষ্টি প্ৰদান কৰে।

 

প্ৰিয় পাঠক, এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে আপোনালোকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

লগতে Facebook Page – https://www.facebook.com/share/1CPt4foZn4/

YouTube Channel – https://youtube.com/@rnewsindia24?si=kJAXRgy4cKWci0qC

Follow – Subscribe কৰিবলৈ নাপাহৰিব।

ধন্যবাদ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *